নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশৰ প্রথমগৰাকী ৰাষ্ট্রপতি ৰাজেন্দ্র প্রসাদৰ প্রতিমূর্তি উন্মোচন

নিয়মীয়া বাৰ্তা ৪ ডিচেম্বৰঃ দেশৰ প্রথমগৰাকী ৰাষ্ট্রপতি ভাৰতৰত্ন প্রয়াত ড০ ৰাজেন্দ্র প্রসাদৰ পূর্ণাৱয়ব প্রতিমূর্তি আজি ৰাজভৱন চৌহদত উন্মোচন কৰা হয়৷ ৰাজ্যপাল জগদীশ মুখী আৰু মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্রয়াত ৰাষ্ট্রপতিগৰাকীৰ ১৩৭সংখ্যক জন্মজয়ন্তী উপলক্ষে ৰাজভৱনত এই প্রতিমূর্তিটো উন্মোচন কৰে৷ এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্রদান কৰি ৰাজ্যপাল জগদীশ মুখীয়ে ভাৰতৰ স্বাধীনতা সংগ্রামত ড০ ৰাজেন্দ্র প্রসাদে গ্রহণ কৰা গুৰুত্বপূর্ণ ভূমিকাৰ বিষয়ে উল্লেখ কৰে৷ ৰাষ্ট্র নির্মাণত প্রয়াত ৰাষ্ট্রপতিগৰাকীৰ অনবদ্য অৱদানৰ কথা সুঁৱৰি কয় যে দেশৰ প্রতিজন নাগৰিকৰ বাবে প্রয়াত ৰাজেন্দ্র প্রসাদ আছিল অনুপ্রেৰণাৰ উৎস৷

তেওঁৰ মহান কর্মৰাজিয়ে ভৱিষ্যতলৈ প্রতিজন নাগৰিকক উৎসাহিত কৰি যাব বুলি উল্লেখ কৰি ৰাজ্যপাল মুখীয়ে কয়– দেশক স্বাধীন কৰাৰ বাবে সংগ্রাম কৰা প্রতিগৰাকী সংগ্রামীক লৈ আমি গৌৰৱান্বিত আৰু তেওঁলোকৰ প্রতি কৃতজ্ঞ৷ এই স্বাধীনতা সংগ্রামীসকলৰ ভিতৰত অন্যতম হৈছে ড০ ৰাজেন্দ্র প্রসাদ৷ স্বাধীনতা আৰু ন্যায়ৰ লগতে দেশক বিকাশ আৰু প্রগতিৰ পথত আগুৱাই লৈ যোৱাৰ বাবে অনবদ্য অৱদান আগবঢ়াইছিল প্রয়াত ড০ প্রসাদে৷ সাধাৰণ জীৱন যাপন কৰিলেও ড০ প্রসাদ অসাধাৰণ ব্যক্তিত্বৰ অধিকাৰী আছিল বুলি মন্তব্য কৰি ৰাজ্যপালে তেওঁৰ জীৱনৰ কেইবাটাও উল্লেখযোগ্য ঘটনাৰ বিষয়ে উল্লেখ কৰে৷ এই প্রসংগত ৰাজ্যপাল মুখীয়ে কয়– ‘ড০ ৰাজেন্দ্র প্রসাদ ছাত্র হিচাপেও অত্যন্ত মেধাসম্পন্ন আছিল৷ কোনো পৰীক্ষাতেই তেওঁ দ্বিতীয় স্থান অধিকাৰ কৰি পোৱা নাছিল৷ এবাৰ এটা পৰীক্ষাত ১০টা প্রশ্ণৰ ভিতৰত যিকোনো ৫টা প্রশ্ণৰ উত্তৰ কৰিবলৈ দিয়া হৈছিল৷ ড০ প্রসাদে প্রশ্ণকাকতত থকা আটাইকেইটা প্রশ্ণৰ উত্তৰ লিখি উত্তৰবহীত যিকোনো ৫টা প্রশ্ণৰ উত্তৰ পৰীক্ষা কৰক বুলি লিখি থৈ আহিছিল৷ ড০ প্রসাদৰ উত্তৰবহী পৰীক্ষা কৰি পৰীক্ষক ইমানেই সন্তুষ্ট হৈছিল যে তেওঁ মন্তব্য কৰিছিল– পৰীক্ষার্থী পৰীক্ষকতকৈও উত্তম৷’

ইফালে এই অনুষ্ঠানত অংশগ্রহণ কৰি প্রয়াত ৰাষ্ট্রপতিগৰাকীৰ মহান কর্মৰাজিক স্বীকৃতি প্রদানৰ বাবে ৰাজভৱনে লোৱা এই পদক্ষেপৰ বাবে ৰাজ্যপাল জগদীশ মুখীক কৃতজ্ঞতা জ্ঞাপন কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ উন্মোচনী সভা ভাষণ প্রদান কৰি তেওঁ কয়– ‘প্রথমগৰাকী ৰাষ্ট্রপতি ড০ ৰাজেন্দ্র প্রসাদৰ প্রতিমূর্তি উন্মোচন অনুষ্ঠানত অংশগ্রহণ কৰিবলৈ পাই মই যথেষ্ট আনন্দিত৷ ভাৰতৰ স্বাধীনতা সংগ্রামীসকলৰ ভিতৰত তেওঁ আছিল অন্যতম৷ কেৱল স্বাধীনতা সংগ্রামী হিচাপেই নহয়, ভাৰতৰত্ন ড০ প্রসাদে দেশৰ সংবিধান প্রণয়নৰ ক্ষেত্রতো লৈছিল গুৰুত্বপূর্ণ ভূমিকা৷’ স্বাধীনতা সংগ্রামত ড০ প্রসাদে লোৱা ভূমিকা সুঁৱৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে প্রয়াত ৰাষ্ট্রপতিগৰাকীয়ে ৰাষ্ট্রপতি ভৱনক ভাৰতীয় মূল্যবোধৰ এক উৎকৃষ্ট চানেকিলৈ পৰিণত কৰিছিল৷

এই অনুষ্ঠানত অংশগ্রহণ কৰি প্রয়াত ৰাষ্ট্রপতিগৰাকীৰ নাতিনী তাৰা সিনহাই ড০ ৰাজেন্দ্র প্রসাদৰ সৈতে কটোৱা সময়ৰ কথা সোঁৱৰে৷ প্রয়াত ৰাষ্ট্রপতিগৰাকীয়ে কিদৰে অতি সাধাৰণ জীৱন যাপন কৰি উচ্চ চিন্তাৰে সমাজক আগবঢ়াই নিবলৈ প্রয়াস কৰিছিল, সেই বিষয়ে উল্লেখ কৰি তাৰা সিনহাই কয় যে ছাত্র অৱস্থাৰ পৰাই এক কঠিন সংগ্রামৰ মাজেৰে ড০ প্রসাদে নিজৰ জীৱন আগুৱাই নিবলগীয়া হৈছিল৷ নৱ ভাৰত নির্মাণৰ বাবে অশেষ অৰিহণা আগবঢ়োৱা প্রয়াত ৰাষ্ট্রপতিগৰাকী আছিল এজন সু–সাহিত্যিক৷ ৰাষ্ট্রপতি হিচাপে দায়িত্ব গ্রহণ কৰাৰ পাছত ৰাষ্ট্রপতি ভৱনত হোলী, দীপাৱলী আদি অনুষ্ঠান উদ্যাপনৰ পৰম্পৰা ড০ প্রসাদেই আৰম্ভ কৰিছিল বুলি উল্লেখ কৰি তাৰা সিনহাই কয়– ৰাষ্ট্রপতি হিচাপে সেই সময়ত তেওঁ ১০ হাজাৰ টকা বেতন হিচাপে লাভ কৰিছিল৷ ইয়াৰ উপৰি তেওঁ কেইবাটাও ভাট্টা লাভ কৰিছিল৷ কিন্তু সাধাৰণ জীৱন যাপন কৰা ড০ প্রসাদে পৰৱর্তী সময়ত অতিৰিক্ত ভাট্টা ল’বলৈ এৰি দিছিল৷ আনকি চৰকাৰী অতিথিক আতিথ্যৰ বাবে তেওঁ নিজৰ ধন ব্যয় কৰিছিল৷ ৰাষ্ট্রপতিৰ দায়িত্ব সম্পূর্ণ কৰি ঘৰলৈ উভতি যোৱাৰ সময়ত তেওঁৰ নাছিল কোনো বাংলো, কোনো সম্পত্তি অথবা বেংকত বৃহৎ পৰিমাণৰ ধন৷ অৱশ্যে দেশৰ বিকাশৰ হকে অসামান্য অৱদান আগবঢ়োৱা ড০ ৰাজেন্দ্র প্রসাদক প্রকৃত সন্মান প্রদান কৰা হ’লনে বুলি প্রশ্ণ উত্থাপন কৰি সিনহাই কয় যে তিনি ডিচেম্বৰৰ দিনটো ৰাষ্ট্রীয় দিৱস হিচাপে পালন কৰিবলৈ বহুবাৰ দাবী উত্থাপন হৈ আহিছে৷ কিন্তু আজি পর্যন্ত এইক্ষেত্রত কোনো ব্যৱস্থা গ্রহণ কৰা নহ’ল৷ ইয়াৰ মাজতে প্রয়াত ৰাষ্ট্রপতিগৰাকীৰ স্মৃতি স্থায়ী কৰাৰ উদ্দেশ্যে অসমৰ ৰাজভৱনত প্রতিমূর্তি স্থাপনৰ বাতৰিয়ে তেওঁক অতিশয় আনন্দিত কৰি তুলিছে৷ অসমৰ আদর্শ অনুসৰণ কৰি পৰৱর্তী সময়ত আন ৰাজ্যসমূহেও এইগৰাকী মহান ব্যক্তিৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈ ব্যৱস্থা গ্রহণ কৰিব বুলি আশা প্রকাশ কৰে তাৰা সিনহাই৷

ৰাজভৱনত  উন্মোচন কৰা এই পূর্ণাৱয়ব প্রতিমূর্তিটো নির্মাণ কৰিছে খ্যাতনামা ভাস্কর্য শিল্পী বীৰেন সিংহই৷ প্রতিমূর্তি উন্মোচন অনুষ্ঠানত ৰাজ্যৰ প্রথম মহিলা প্রেম মুখী, অসম বিধানসভাৰ উপাধ্যক্ষ নোমল মমিন, শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু, বিটিচিৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বড়ো, ৰাজহমন্ত্রী যোগেন মহন, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ পত্নী তথা প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্টৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰিণিকি ভূঞা শর্মা, প্রয়াত ৰাষ্ট্রপতি ড০ ৰাজেন্দ্র প্রসাদৰ পৰিনাতি ম’না সিন্হাকে ধৰি বহুসংখ্যক উচ্চপদস্থ বিষয়া উপস্থিত থাকে৷

You might also like