নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রমোদ বড়োৰ শাসনত ৩৫ শতাংশ পর্যন্ত কমিছনৰ বজাৰ চলিছে বিটিচিত

নিয়মীয়া বাৰ্তা ৪ ডিচেম্বৰঃ বিটিচিৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বড়োৰ বিৰুদ্ধে পুনৰ বিস্ফোৰণ ঘটাইছে বিপিএফৰ সভাপতি হাগ্রামা মহিলাৰীয়ে৷ আজি সংবাদ মাধ্যমৰ আগত প্রমোদ বড়ো নেতৃত্বাধীন বিটিচিৰ পৰিষদীয় চৰকাৰৰ কাম–কাজ সম্পর্কত পূর্বৰ মুখ্য কার্যবাহী সদস্য মহিলাৰীয়ে তীব্র বিষোদগাৰ প্রকাশ কৰে৷ প্রমোদ বড়োৱে শাসনলৈ অহাৰ পাছতে বিটিচিত ৩৫ শতাংশ পর্যন্ত কমিছনৰ বজাৰ বহা বুলি মন্তব্য কৰি বিপিএফৰ মুৰব্বী মহিলাৰীয়ে কয়– প্রমোদ বড়োৱে বিটিচিক নিজৰ ইচ্ছা মতে চলাইছে৷ কাৰণ তেওঁৰ হাতত ক্ষমতা আছে এতিয়া৷ বিটিচিত কমিছনক লৈ বহু কথা৷ ৩৫ শতাংশ আদায় দিয়াৰ পাছতো কাম নাপাব পাৰে৷ ৩৫ শতাংশ কমিছন দি কিছুমানে কাম পাইছে, কিছুমানে পোৱা নাই৷ আনকি যদি কাৰোবাৰ এক কোটি টকাৰ বিল আছে তেন্তে ৫০ লাখ টকাও লয়৷ তদুপৰি এক কোটি টকাৰ বিল আদায় দিয়াৰ কাৰণে ৪০ লাখ টকা ঘোচ লোৱাৰ পাছতো চূড়ান্ত বিল ৫০ লাখ টকা দিয়াৰ দৰে ঘটনা ঘটিছে৷ প্রমোদ বড়ো নেতৃত্বাধীন চৰকাৰে কি কৰিছে, কি কৰা নাই সেই সকলোবোৰ বিষয়বস্তু সামৰি বিপিএফে ৰাইজৰ মাজত সোমাব বুলি তেওঁ মন্তব্য কৰে৷

পৰৱর্তী নির্বাচনত প্রমোদ বড়ো আৰু ইউপিপিএলক শিক্ষা দিয়াৰ লক্ষ্য লোৱাৰ কথা উল্লেখ কৰি বিপিএফৰ সভাপতিজনে পুনৰ কয় যে নির্বাচনৰ সময়ত তেওঁলোকে কি কথা দিছিল আৰু এতিয়া কি কৰিছে আত্মসহায়ক গোটক সাহায্য দিয়াৰ কথা আছিল, চাকৰি দিয়াৰ কথা আছিল, মাটিৰ পট্টা দিয়াৰ কথা আছিল, আমি এইবোৰ কথালৈ ৰাইজৰ মাজত সোমাম৷ সম্প্রতি বিটিচি চৰকাৰখন এবছুৱে চলাই থকা বুলিও তেওঁ আন এক বিস্ফোৰক মন্তব্য কৰে৷ সাংবাদিকৰ প্রশ্ণৰ উত্তৰ দিবলৈ গৈ বিপিএফৰ সভাপতি মহিলাৰীয়ে কয় যে প্রমোদ বড়ো এবছুৰ সভাপতি আছিল৷ প্রমোদ বড়োৱে অসমীয়া–বাঙালী–আদিৰ কাৰণে কাম কৰা মানুহ নহয়৷ তেওঁ বড়ো জাতিৰ নেতা আছিল, বড়ো জাতিৰ কাৰণেহে কাম কৰিব৷ বিপিএফৰ সভাপতিজনৰ মতে প্রমোদ বড়োৰ বিটিচি চৰকাৰ চলাবলৈ সক্ষমতাই নাই৷ যাৰ বাবে ১৬টাকৈ বিভাগ উপায়ুক্তসকলক গতাই দিছে৷ বিটিআৰত বসবাস কৰা সকলো শ্রেণীৰ লোককে ভূমি ক্রয়–বিক্রয়ৰ অধিকাৰ দিয়াৰ বাবেও তেওঁ দাবী জনায়৷

এই সন্দর্ভত তেওঁৰ মন্তব্য আছিল এনেধৰণৰ– বিটিআৰত সাধাৰণ মানুহৰ মাটি কিনা–বেচাৰ ব্যৱস্থা প্রমোদ বড়োৱে বন্ধ কৰি থৈছে৷ অকল জনজাতীয় লোকসকলকহে দিয়া হৈছে অনুমতি৷ এনেকুৱা হ’লে কেনেকৈ হ’ব৷ কেতিয়া সাধাৰণ মানুহক মাটি কিনা–বেচাৰ অনুমতি দিব সেইটো মই চাই আছোঁ৷ পিছে লক্ষ্য কৰিছোঁ বড়ো আৰু অনাবড়োৰ মাজত আকৌ ভুল বুজাবুজি কৰাৰ এয়া প্রমোদ বড়োৰ অংশ৷ বিটিআৰত মাটি কিনা–বেচা কৰাৰ বাবে সকলোকে অনুমতি দিয়ক৷ ২০০৩ চনৰ ১০ ফেব্রুৱাৰীলৈকে যিসকল জাতি–জনগোষ্ঠী আছিল সকলোৱে ইয়াৰ বাসিন্দা৷ সকলোৱে ইয়াত ভূমিৰ অধিকাৰ পাব লাগিব৷ নহ’লে এই বিষয়টোক লৈ আকৌ আন্দোলনৰ সৃষ্টি হ’ব৷ ইফালে, বিগত পৰিষদীয় নির্বাচনত ওদালগুৰি আৰু বাক্সা জিলাত বেলট বাকচ সলনি কৰি বিপিএফক পৰাজিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে দলটোৰ সভাপতি মহিলাৰীয়ে৷ তেওঁ কয় যে ওদালগুৰি জিলাৰ ভেৰগাঁও–তামুলপুৰ– মহকুমাৰ লগতে বাক্সা জিলাৰ গৰিষ্ঠসংখ্যক বেলট বাকচেই সলনি কৰা হৈছিল৷ এই কথা নির্বাচনৰ দায়িত্বত থকা লোকসকলে আমাক কৈছে৷ এনে ধৰণৰ আৰু বহু কথাই ওলাব৷

You might also like