নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

AI-ৰ ব্যৱহাৰেৰে ৰিণিকি ভূঞা শৰ্মাৰ নামত জাল পাছপোৰ্ট! মুখ্যমন্ত্ৰীৰ বিস্ফোৰক দাবী

ড০ শৰ্মাই অভিযোগ কৰে যে কংগ্ৰেছ দলে পাকিস্তানী ছ’চিয়েল মিডিয়া গোটৰ তথ্য আৰু কৃত্ৰিম বুদ্ধিমত্তা (AI) ব্যৱহাৰ কৰি তেওঁৰ পত্নীৰ নামত ভুৱা পাছপোৰ্ট সৃষ্টি কৰিছিল

অসমৰ মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাই অভিযোগ কৰিছে যে কংগ্ৰেছ দলে পাকিস্তানী ছ’চিয়েল মিডিয়া গোটৰ পৰা তথ্য সংগ্ৰহ কৰি কৃত্ৰিম বুদ্ধিমত্তা (AI) ব্যৱহাৰ কৰি তেওঁৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ নামত ভুৱা পাছপোৰ্ট সৃষ্টি কৰিছে।

অসমৰ মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ দল আৰু যোৰহাটৰ সাংসদ গৌৰৱ গগৈৰ ওপৰত পাকিস্তানী সংস্থাসমূহৰ সৈতে ষড়যন্ত্ৰ কৰি তেওঁৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ নামত জাল পাছপোৰ্ট তৈয়াৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে।

ড০ শৰ্মাই অভিযোগ কৰে যে কংগ্ৰেছ দলে পাকিস্তানী ছ’চিয়েল মিডিয়া গোটৰ তথ্য আৰু কৃত্ৰিম বুদ্ধিমত্তা (AI) ব্যৱহাৰ কৰি তেওঁৰ পত্নীৰ নামত ভুৱা পাছপোৰ্ট সৃষ্টি কৰিছিল।

গুৱাহাটীত সংবাদ মেলত ড০ শৰ্মাই কালি (৫ এপ্ৰিল) নতুন দিল্লীত অনুষ্ঠিত সংবাদ মেলত কংগ্ৰেছ নেতা পৱন খেৰাই উত্থাপন কৰা অভিযোগসমূহ খণ্ডন কৰি কয় যে বিৰোধীয়ে এই বিষয়ত যিমান দূৰলৈ গ’ল, তাত তেওঁ আচৰিত হৈছে।

“মই কেতিয়াও ভাবা নাছিলো যে তৰুণ গগৈৰ পুত্ৰই এইদৰে তললৈ নামিব পাৰে,” বুলি ড০ শৰ্মাই গৌৰৱ গগৈক উদ্দেশ্য কৰি কয়।

মুখ্যমন্ত্ৰী ডাঃ শৰ্মাই পইণ্টে-পইণ্টে প্ৰতিউত্তৰ দি কয় যে যোৱা ১০ দিনত পাকিস্তানী সংবাদ চেনেলসমূহত কমেও ১১টা টক শ্ব’ অসম নিৰ্বাচনক কেন্দ্ৰ কৰি অনুষ্ঠিত হৈছে।

তেওঁ কয় যে এই জালিয়াতিৰ উৎস এটা পাকিস্তানী ফেচবুক গোট, য’ত টিপু চুলতান নামৰ এজন ব্যক্তিয়ে ২৮ মাৰ্চত হেৰোৱা পাছপোৰ্টৰ বিষয়ে এটা প’ষ্ট কৰিছিল।

ড০ শৰ্মাৰ মতে, কংগ্ৰেছ দলে উন্নত ডিজিটেল সঁজুলি ব্যৱহাৰ কৰি বিদেশী নথিপত্ৰসমূহ তৈয়াৰ কৰিছিল যদিও গুৰুত্বপূৰ্ণ ভুল কৰিছিল, যাৰ ফলত স্পষ্ট হৈছে যে এই নথিসমূহ ফটোশ্বপ কৰি ডিজিটেলভাৱে পৰিবৰ্তন কৰা হৈছিল।

আশ্ৰাফ আব্দেলকাদেৰ আব্দেলছামাদ হুছেইন নামৰ এজন মিছৰীয় নাগৰিকৰ পাছপোৰ্ট আইডি ব্যৱহাৰ কৰি কংগ্ৰেছ দলে AI ব্যৱহাৰ কৰি ৰিণিকি ভূঞা শৰ্মাৰ নামত ভুৱা UAE পাছপোৰ্ট তৈয়াৰ কৰিছিল।

নীহা ইব্ৰাহিম আল-শাহী আংলংগা নামৰ এজন মিছৰীয় মহিলাৰ পাছপোৰ্ট ফটোশ্বপ কৰি দ্বিতীয়টো ভুৱা পাছপোৰ্ট তৈয়াৰ কৰা হৈছিল বুলি অভিযোগ কৰা হৈছে।

মুখ্যমন্ত্ৰীয়ে কয় যে অভিযুক্তসকলে ইংৰাজী অংশটো ফটোশ্বপ কৰিবলৈ সক্ষম হৈছিল যদিও আৰবী লিপিখন সলনি কৰিব নোৱাৰিলে, যাৰ ফলত এই জালিয়াতি ধৰা পৰে।

অনলাইন ৰেকৰ্ড কিমান সহজে হেৰফেৰ কৰিব পাৰি তাক দেখুৱাবলৈ মুখ্যমন্ত্ৰীয়ে জনায় যে তেওঁৰ দলে এটা “ষ্টিং অপাৰেচন” চলাই একেৰাতিতে গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ নামত আমেৰিকা যুক্তৰাষ্ট্ৰত ১ লাখ কোটি টকাৰ বিনিয়োগ দাবী কৰি এটা ভুৱা কোম্পানী পঞ্জীয়ন কৰিছিল।

“আমি কালি ৰাতি অনলাইনতে ‘GauravElizabeth786’ নামৰ এটা কোম্পানী আমেৰিকাত খুলিছো। যিকোনো ব্যক্তিৰ নামত আমেৰিকাত কোম্পানী খোলা সম্ভৱ,” বুলি ড০ শৰ্মাই দাবী কৰে।

শেষত ড০ শৰ্মাই কয় যে এই পাছপোৰ্ট জালিয়াতি ঘটনাত “পাকিস্তান সংযোগ” এটা গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিষয়।

ডিজিটেল ডেস্ক, ৬ এপ্ৰিল

You might also like