মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ নামত ভুৱা পাছপোৰ্ট তৈয়াৰ কৰাৰ অভিযোগক কেন্দ্ৰ কৰি ৰাজ্যৰ ৰাজনীতিত তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে। কংগ্ৰেছৰ বিৰুদ্ধে পাকিস্তানৰ সহায়ত অপপ্ৰচাৰ চলোৱাৰ অভিযোগ উত্থাপন কৰি বিভিন্ন অঞ্চলত ৰাইজে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে।
কাজিৰঙাবাসীয়ে কংগ্ৰেছ নেতা পৱন খেড়াৰ দৰে নেতাক গ্ৰেপ্তাৰ কৰাৰ দাবী জনাই কয় যে পাকিস্তানৰ সহায়ত চলোৱা এই ধৰণৰ “লেতেৰা আৰু নিকৃষ্ট ৰাজনীতি” কেতিয়াও গ্ৰহণযোগ্য নহয়।
গুৱাহাটীৰ সচেতন নাগৰিকে কংগ্ৰেছৰ ওপৰত তীব্ৰ আক্ৰমণ চলাই কয় যে “নকল মাৰি পাছ কৰিবলৈ গৈছিল কংগ্ৰেছ, এতিয়া ধৰা পৰি EXPEL হ’বলৈ গৈ আছে।” তেওঁলোকে ৪ মে’ৰ দিনা ৰাইজে কংগ্ৰেছক অসমৰ পৰা “EXPEL” কৰি দিব বুলিও মন্তব্য কৰে।
মৰাণৰ লোকে কয় যে ৰাইজে ভালদৰে জানে কংগ্ৰেছ “দুই নম্বৰী দল” আৰু নিশ্চিত পৰাজয় দেখি পাকিস্তানৰ সহায়ত এনে নিকৃষ্ট ৰাজনীতি কৰিছে। মুখ্যমন্ত্ৰীৰ পত্নীৰ নামত ভুৱা পাছপোৰ্ট তৈয়াৰ কৰাক লৈ তেওঁলোকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
এই ঘটনাক লৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মন্তব্য কৰে যে “কংগ্ৰেছ হতাশগ্ৰস্ত হৈছে আৰু তেওঁলোকৰ এই ৰাজনীতি অতি নিম্নস্তৰৰ।”
ইফালে, কিছুমান ৰাজনৈতিক মন্তব্যত পৱন খেড়াই অসমলৈ “আত্মঘাতী বোমা” লৈ অহাৰ অভিযোগ উত্থাপন কৰা হয়। লগতে ৰাহুল গান্ধী আৰু গৌৰৱ গগৈৰ বিৰুদ্ধে তীব্ৰ ভাষাত আক্ৰমণ চলোৱা হয়।
যোৰহাটবাসীয়েও কয় যে পাকিস্তানী গোটৰ সহায় লৈ ষড়যন্ত্ৰৰ জৰিয়তে অসমবাসীক বিভ্ৰান্ত কৰিব পাৰিব বুলি ভাবাটো কংগ্ৰেছৰ ভুল ধাৰণা। তেওঁলোকে কয় যে ভুৱা পাছপোৰ্ট তৈয়াৰ কৰি কংগ্ৰেছে নিজৰ হতাশাগ্ৰস্ত মনোভাব প্ৰকাশ কৰিছে।
ইয়াৰ লগতে জিতু গোস্বামীয়ে কয় যে “ইছ্যু বিহীন কংগ্ৰেছে AIৰ সহায় লৈ ভুৱা নথি-পত্ৰ তৈয়াৰ কৰি ৰাইজক বিভ্ৰান্ত কৰিব বিচাৰিছে। এই সময় নষ্ট নকৰি কংগ্ৰেছক মাটিত নামি ৰাজনীতি কৰিব লাগে।”
এই সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যজুৰি ৰাজনৈতিক উত্তেজনা বৃদ্ধি পাইছে আৰু আগন্তুক নিৰ্বাচনৰ পূৰ্বে পৰিস্থিতি অধিক গৰম হৈ উঠিছে।
ডিজিটেল ডেস্ক, ৬ এপ্ৰিল