চিৰাং জিলাৰ চিদলী থানাৰ অন্তৰ্গত কাশিকোত্ৰাত দুগৰাকী নাবালিকাৰ সৈতে দুই যুৱকক সন্দেহজনক ভাবে ঘূৰি থকা অৱস্থাত ৰাইজে আৱদ্ধ কৰি আৰক্ষীক গতাই দিয়াৰ এক ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
জানিব পৰা মতে নাবালিকাদ্বয়ক ফুচুলাই ঘৰৰ পৰা মটৰচাইকেলত তুলি লৈ কোনো অজ্ঞাত স্থানলৈ যোৱাৰ সময়তে ৰাইজে হাতে-লোটে ধৰি দুই মুছলমান যুৱকক চিদলী আৰক্ষীক গতাই দিয়ে। কালি কাশিকোত্ৰা সাপ্তাহিক বজাৰৰ বাসুগাঁও-কাশিকোত্ৰা সংযোগী পথত সংঘটিত এই ঘটনা প্ৰথম নহয়।
ইয়াৰ পূৰ্বেও অঞ্চলটোত দৰিদ্ৰ হিন্দু পৰিয়ালৰ নাবালিকা তথা কিশোৰীক মুছলমান যুৱকে বিভিন্ন প্ৰলোভন দি ঘৰৰ পৰা ফুচুলাই লৈ যোৱাৰ দৰে ঘটনা সংঘটিত হৈছে। মাজে সময়ে এই ধৰণৰ ঘটনাৰ পুনৰাবৃতি হৈ থকাৰ অভিজ্ঞতাৰ ফলত কালি অঞ্চলটোৰ সচেতন ৰাইজে যুৱক দুজনৰ লগতে নাবালিকা দুজনীৰ সন্দেহজনক চালচলন দেখি তেওঁলোকক ৰখাই সোধাপোছা কৰাত মটৰচাইকেল আৰোহী যুৱকদ্বয় মুছলমান সম্প্ৰদায়ৰ হোৱাৰ বিপৰীতে নাবালিকা দুগৰাকী হিন্দু বুলি জানিব পাৰে।
নাবালিকা দুয়োগৰাকীৰ ঘৰ চিৰাং জিলাৰ ডাংতল আৰক্ষী চকীৰ অন্তৰ্গত এখন গাঁৱত। আনহাতে যুৱকদ্বয়ৰ এজনৰ ঘৰ বঙাইগাঁও জিলাত আৰু আনজনৰ ঘৰ গোৱালপাৰা জিলাত বুলি ধৃত যুৱকদ্বয়ে জানিবলৈ দিয়ে। ৰাইজে আবদ্ধ কৰা যুৱকদ্বয়ে উপৰ্যুপৰি কৰা প্ৰশ্নৰ উত্তৰত তেওঁলোকৰ নাম আৰু ঠিকনা ক্ৰমে বঙাইগাঁও জিলাৰ পশ্চিম ভাদ্ৰাগাঁৱৰ আহমেদ আলী (২৫) আৰু গোৱালপাৰাৰ আছাদ মেহমুদ ছিদ্দিকী (২৭) বুলি জানিবলৈ দিয়ে।
পাছত চিদলী থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ যুৱকদ্বয়ক আটক কৰি নিজৰ জিম্মাত লোৱাৰ বিপৰীতে নাবালিকাদ্বয়ক চাইল্ড লাইনক গতাই দিয়ে । আৰক্ষীয়ে আটকাধীন যুৱকদ্বয়ক সোধাপোছা কৰি তদন্ত অৱ্যহত ৰাখিছে। যুৱক দুজনৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰাৰ লগতে চিৰাং জিলাত এই ধৰণৰ কাণ্ড সঘনাই সংঘটিত কৰা এটা দুষ্ট চক্ৰ সক্ৰিয় হৈ আছে বুলি সৰ্বসাধাৰণ ৰাইজে অভিযোগ উত্থাপন কৰিছে। উক্ত চক্ৰটোক শীঘ্ৰেই উৎখাত কৰিবলৈ সচেতন নাগৰিক সমাজে ৰাজ্য চৰকাৰ তথা বিটিচিৰ পৰিষদীয় চৰকাৰক আহ্বান জনাইছে।
নিয়মীয়া বাৰ্তা,কাজলগাঁও : Date of Published, 5 July