নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মেট্ৰিকত উজলিল বাঘবৰৰ দৰিদ্ৰ পৰিয়ালৰ তিনি মেধাৱী ছাত্ৰ

নিয়মীয়া বাৰ্তা, ২১ এপ্ৰিল : সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত জুয়ে পোৰা সোণ হৈ জিলিকিল মন্দিয়াৰ পাতলিকুছি গাঁৱৰ মোনচেৰ আলী। কপোহাস্থিত ভেলেঙী জাতীয় বিদ্যালয়ৰ ছাত্ৰ মোনচেৰ আলীয়ে মন্দিয়া পৰীক্ষা কেন্দ্ৰৰ ভিতৰতে সৰ্বাধিক ৯১ শতাংশ নম্বৰ লাভ কৰি পৰিয়াল তথা অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিলে। পিতৃ এজন ৰাজমিস্ত্ৰী। ৰাজমিস্ত্ৰীৰ কাম কৰি কোনোমতে পৰিয়ালটি পোহপাল দিয়াৰ লগতে যথেষ্ট কষ্টেৰে মোনচেৰক পঢ়ুৱাইছিল পিতৃ আমিৰ উদ্দিনে। সন্তানৰ এনে সাফল্যত স্বাভাৱিকতে সুখী পিতৃ। ভৱিষ্যতে মোনচেৰ আলীৰ এগৰাকী সু-চিকিৎসক হোৱাৰ মন। একেদৰে মেট্ৰিকৰ ফলাফলত সুখ্যাতিৰে উজলিল মন্দিয়া জাতীয় বিদ্যালয়ৰ ছাত্ৰ মেধিৰটাৰী গাঁৱৰ ৰাজেক আলীৰ পুত্ৰ ৰাহুল আমিন। পিতৃয়ে কৃষিকৰ্ম কৰি পঢ়ুৱাইছিল মেধাৱী ৰাহুলক। আৰ্থিক দীনতাক নেওচি ৰাহুল আমিনে ৯০ শতাংশ নম্বৰ লাভ কৰি পৰিয়াললৈ গৌৰৱ কঢ়িয়াই আনিলে। উচ্চ শিক্ষা গ্ৰহণেৰে ৰাহুল আমিনে এগৰাকী সুদক্ষ প্ৰশাসনিক বিষয়া হোৱাৰ প্ৰচণ্ড হেঁপাহ মনত পুহি ৰাখিছে। সমান্তৰালকৈ মৌৰীগাঁৱৰ ইনজামামুল হকেও মন্দিয়া জাতীয় বিদ্যালয়ৰ পৰা ৯০ শতাংশ নম্বৰ অৰ্জনেৰে গৌৰৱ কঢ়িয়ালে পৰিয়াল তথা অঞ্চললৈ। মেধাৱী ইনজামামুলৰ পিতৃ এগৰাকী আদৰ্শ শিক্ষক। এতিয়া দৰিদ্ৰ মেধাৱী ছাত্ৰ কেউজনে উচ্চ শিক্ষাৰ বাবে মুখ্যমন্ত্ৰী তথা চৰকাৰৰ সহায় বিচাৰিছে ।
প্ৰেৰক আব্দুল আজিজ আহমেদ
You might also like