নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত নিশা ৰডেৰে মৰিয়াই হত্যা কৃষকক

বিশেষ বাৰ্তা, ৮ এপ্ৰিল : নগাঁৱৰ পাখিমৰীয়াত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়। লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত এক নৃশংস হত্যাকাণ্ডই জোকাৰি যায় নগাঁৱক। এজন খেতিয়কক নিশা ৰডেৰে মৰিয়াই  হত্যা কৰে দুৰ্বৃত্তই।  হাঁহিলা বিলৰ দলঙত নিশা এই ঘটনা সংঘটিত কৰে দুৰ্বৃত্তই। নিহত কৃষকজন হৈছে ১নং জলাহ গাঁৱৰ ৰাজেন বৰা। ঘটনা সন্দৰ্ভত নগাঁও আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে এডাল ৰড উদ্ধাৰ কৰিছে। হত্যাকাৰীক শীঘ্ৰেই কৰায়ত্ত কৰাৰ দাবী জনাইছে স্থানীয় ৰাইজে।

প্ৰেৰক কনক হাজৰিকা

You might also like