নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গাজাত কৃত্রিম মেধাৰ সহায়ত নিৰীহক হত্যা

🔹 সন্দেহজনক হামাছৰ তালিকা প্রস্তুত কৰিছিল এআই যন্ত্রই

বিশেষ বাৰ্তা, ৮ এপ্রিল : “যোৱা বছৰ অক্টোবৰত ইজৰাইলৰ সৈতে পেলেষ্টাইনী সশস্ত্র সংগঠন হামাছৰ যুদ্ধ আৰম্ভ হোৱাৰে পৰা এতিয়ালৈকে ৩৭ হাজাৰতকৈও অধিক পেলেষ্টাইনী লোক নিহত হৈছে গাজা ভূখণ্ডত৷ ইয়াৰ অধিকসংখ্যকেই হৈছে শিশু আৰু মহিলা৷ ইজৰাইলৰ এখন পত্রিকা আৰু এটা নিউজ ৱেবছাইটে এইবাৰ তদন্তমূলক এক প্রতিবেদনত দাবী কৰিছে যে এনেদৰে নির্বিচাৰভাৱে পেলেষ্টাইনী নাগৰিকসকলক হত্যাৰ অন্তৰালত আছে কৃত্রিম মেধা বা আর্টিফিচিয়েল ইণ্টেলিজেঞ্চ সম্পর্কীয় এক কর্মসূচী৷ ইজৰাইলৰ সামৰিক বাহিনীয়ে এই কর্মসূচীৰ নাম ৰাখিছিল ‘লেভেণ্ডাৰ’৷ হামাছবিৰোধী অভিযানত প্রত্যক্ষভাৱে যুক্ত থকা ৬ ইজৰাইলী সেনা বিষয়াক উদ্ধৃত কৰি এই প্রতিবেদনত দাবী কৰা হৈছে যে ‘লেভেণ্ডাৰ’ৰ কাম আছিল সন্দেহজনক হামাছ সন্ত্রাসবাদী আৰু তেওঁলোকৰ নাম–ঠিকনা বিচাৰি উলিয়াই তালিকা প্রস্তুত কৰা৷ সেই কাম কৰিবলৈ গৈয়েই মহিলা আৰু শিশুসহ অসংখ্য সাধাৰণ নিৰীহ পেলেষ্টাইনীক এই তালিকাত অন্তর্ভুক্ত কৰি পেলায় ‘লেভেণ্ডাৰ’–এ৷ এই প্রতিবেদনত দাবী কৰা হৈছে যে যুদ্ধৰ একেবাৰে আৰম্ভণিৰ কেইটামান সপ্তাহত গাজাত হামাছবিৰোধী অভিযানত ‘লেভেণ্ডাৰ’ নামৰ এআই যন্ত্রই বনোৱা তালিকাৰ ওপৰত ভৰসা কৰিছিল ইজৰাইলী সেনাই৷ এই তালিকা অনুসৰি অভিযান চলোৱা হৈছিল গাজা ভূখণ্ডত৷ কৃত্রিম মেধাৰে প্রস্তুত কৰা তালিকাৰ ওপৰত নির্ভৰ কৰি অভিযান চলোৱাৰ ফলতেই পাইকাৰী হাৰত মৃত্যু হৈছিল সাধাৰণ নাগৰিকৰ৷ আনকি দুগ্ধপৌষ্য শিশুও ইজৰাইলী সেনাৰ আক্রমণৰ পৰা ৰক্ষা পৰা নাছিল৷ তালিকা হাতত পৰাৰ পিছতে ইজৰাইলী সেনাই আক্রমণৰ বাবে মাত্র ২০ৰ পৰা ৩০ ছেকেণ্ডৰ সময় লৈছিল৷ এই প্রতিবেদন প্রকাশ পোৱাৰ লগে লগে বিশ্বজুৰি সৃষ্টি হৈছে চাঞ্চল্য৷

You might also like