নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁও জিলা হাইস্কুল শিক্ষক সংস্থাৰ উদ্যোগ

"পুৰণিগুদামত সাংবাদিকক সম্বৰ্ধনা" "পুৰণিগুদামত সাংবাদিকক সম্বৰ্ধনা"

নিয়মীয়া বাৰ্তা ১৭ মেঃ সম্প্ৰতি ক’ভিড-১৯ ভাইৰাছে সমগ্ৰ বিশ্বজুৰি সংহাৰৰূপ ধাৰণ কৰিছে৷ভাৰতবৰ্ষৰ কে’বাখনো ৰাজ্যৰ লগতে অসমতো কৰোনা ভাইৰাছত ইতিমধ্যে ৯২ জন লোক আক্ৰান্ত হৈছে ৷ এই বিভীষিকাময় পৰিৱেশত সমাজৰ এজন অতন্দ্ৰ প্ৰহৰী হিচাপে জনসাধাৰণক সদা জাগ্ৰত কৰি ৰাখিবলৈ অহোপুৰুষাৰ্থ কৰি অহা পুৰণিগুদাম আৰু চামগুৰিৰ সাংবাদিকক সম্বৰ্ধনা জনোৱাৰ উদেশ্যে দেওবাৰে নগাঁও জিলা হাইস্কুল শিক্ষক সংস্থা আৰু নগাঁও জিলা আন্তঃ পৰীক্ষা পৰিষদৰ উদ্যোগত এক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়৷
দেওবাৰে দুপৰীয়া ১২ বজাত পুৰণিগুদাম ভবেন্দ্ৰ নাথ শইকীয়া প্ৰেক্ষাগৃহত নগাঁও জিলা হাইস্কুল শিক্ষক সংস্থাৰ সভাপতি ৰঞ্জিত কুমাৰ শইকীয়া, সম্পাদক যজ্ঞেশ্বৰ ৰাজখোৱা, চামগুৰি আঞ্চলিকৰ উপদেষ্টা তৰুণ বৰা, সম্পাদক অঞ্জন শইকীয়া আৰু সংস্থাৰ কৰ্মকৰ্তা ইন্টু কাকতিৰ উপস্থিতিত এক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়৷ অনুষ্ঠানত নিয়মীয়া বাৰ্তাৰ সাংবাদিক প্ৰমোদ কুমাৰ শৰ্মা,গণ অধিকাৰৰ সাংবাদিক নীলৰঞ্জন শৰ্মা,অসমীয়া খবৰৰ সাংবাদিক ৰিংকুমণি শইকীয়া, দৈনিক জনমভূমিৰ সাংবাদিক তপন কটকী,অসমীয়া প্ৰতিদিনৰ সাংবাদিক দিব্যজ্যোতি ভূঞা, অসমীয়া খবৰৰ সাংবাদিক ধ্ৰুৱজ্যোতি গায়ন,ডি ৱাই ৩৬৫ ৰ সাংবাদিক ভাৰ্গৱ হাজৰিকা,প্ৰাগ নিউজৰ সাংবাদিক কাবুল কলিতা, প্ৰতিদিন টাইমৰ সাংবাদিক নয়নমণি বৰা, ভি এণ্ড এছ নিউজৰ সাংবাদিক দীপাংকৰ ভৰদ্বাজক এখন ফুলাম গামোছা, এখন সম্বৰ্ধনা পত্ৰ আৰু নগাঁও জিলা হাইস্কুল শিক্ষক সংস্থাৰ সোণালী জয়ন্তী বৰ্ষৰ স্মৃতিগ্ৰন্থৰে সম্বৰ্ধনা জনায়৷

You might also like