নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৰপাৰা ৰাইজ গয়ৰহৰ উদ্যোগত আশী বছৰ ঊৰ্ধ্বৰ জ্যেষ্ঠজনলৈ সেৱা-সন্মান অনুষ্ঠান

পলাশবাৰীৰ সৰপাৰা ৰাইজ গয়ৰহৰ উদ্যোগত পহিলা মাঘত পৰম্পৰাগতভাৱে এক ব্যতিক্রমী কাৰ্যসূচী জ্যেষ্ঠজনলৈ সেৱা-সন্মান অনুষ্ঠান অনুষ্ঠিত হয়। দক্ষিণ কামৰূপৰ লগতে সৰপাৰা গাঁওখনলৈ বিভিন্ন দিশত অৰিহণা যোগোৱা ৮০ বছৰ ঊৰ্ধ্বৰ ১২গৰাকী পুৰুষ-মহিলাক এই অনুষ্ঠানৰ জৰিয়তে পানীৰে চৰণ ধুৱাই সেৱা জনাই একোখনকৈ গামোচা আৰু মানপত্ৰৰে সম্বৰ্ধনা জানাৱা হয়।

ইয়াৰ পূৰ্বে প্রথম কাৰ্যসূচী হিচাপে মেজি জ্বলাই ৰাইজ গয়ৰহৰ সমূহ বিষয়ব্বীয়াই দেশৰ অপায়-অমংগল দূৰ হোৱাৰ বাবে ভগৱানৰ ওচৰত প্রার্থনা জনায়। তাৰ পিছতে সম্বৰ্ধিত ব্যক্তিসকলক সেৱা জনাই আশীৰ্বাদ গ্ৰহণ কৰে। সম্বৰ্ধিত ব্যক্তিসকল ক্ৰমে নগেন্দ্ৰ চন্দ্ৰ কাকতি, প্রভাত ডেকা, ৰামেশ্বৰ কলিতা, মুকুন্দ পাঠক, যোগেন দাস, সত্য কুমাৰ দাস, মীনাৱতী দাস, ৰাণু দাস, অকণ মজুমদাৰ, চিৰোবালা কাকতি, চাণ্ডা মজুমদাৰ আৰু মিনতি দাস।

অনুষ্ঠানত সৰপাৰা ৰাইজ গয়ৰহৰ সভাপতি আজিত চন্দ্র দাস, সম্পাদক দীনেশ কুমাৰ ডেকা, জয়ন্ত দাস, ত্রৈলোক্য ডেকা, ৰাধিকা দাস আৰু গগণ দাস উপস্থিত থাকে। সদৌ শেষত অসমীয়া সংস্কৃতিৰ বাহক চৈতালী নামদলৰ নাম পৰিৱেশনেৰে অনুষ্ঠানৰ সামৰণি পৰে।

নিয়মীয়া বাৰ্তা, মিৰ্জা, ১৬ জানুৱাৰী :
You might also like