নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সূৰ্যকুমাৰক লৈ বিস্ফোৰক দাবী, খুচী মুখাৰ্জীৰ বিৰুদ্ধে ১০০ কোটি টকাৰ মানহানি গোচৰ

ভাৰতীয় ক্ৰিকেট দলৰ টি-২০ অধিনায়ক সূৰ্যকুমাৰ যাদৱক লৈ দিয়া এটা বক্তব্য এতিয়া অভিনেত্ৰী খুচী মুখাৰ্জীৰ বাবে ডাঙৰ সমস্যাৰ কাৰণ হৈ পৰিছে। ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা তেওঁৰ এটা সাক্ষাৎকাৰৰ পাছতে এই বিষয়টো এতিয়া আইনী যুঁজৰ ৰূপ লৈছে। ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰ ফাইজান আনচাৰিয়ে খুচী মুখাৰ্জীৰ বিৰুদ্ধে ১০০ কোটি টকাৰ মানহানিৰ গোচৰ দাখিল কৰিছে।

এই সমগ্ৰ বিষয়টো তেতিয়াই পোহৰলৈ আহে, যেতিয়া খুচী মুখাৰ্জীয়ে এটা সাক্ষাৎকাৰত দাবী কৰিছিল যে সূৰ্যকুমাৰ যাদৱে তেওঁলৈ বাৰে বাৰে মেছেজ পঠিয়াইছিল। এই মন্তব্য পোহৰলৈ আহোঁতেই ছ’চিয়েল মিডিয়াত হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি হয় আৰু ক্ৰিকেট অনুৰাগীসকলে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

মুম্বাইৰ বাসিন্দা ফাইজান আনচাৰিয়ে এই ঘটনাৰ সন্দৰ্ভত গাজীপুৰ থানাত লিখিত অভিযোগ দাখিল কৰিছে। আনচাৰিৰ মতে, খুচী মুখাৰ্জীৰ অভিযোগ সম্পূৰ্ণ ভিত্তিহীন আৰু ইয়াৰ ফলত এজন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰৰ ভাবমূৰ্তিত গুৰুত্বপূৰ্ণ ক্ষতি হৈছে। তেওঁ দাবী কৰে যে এনে মন্তব্য কেৱল চৰ্চালৈ আহিবলৈ আৰু প্ৰচাৰ লাভ কৰাৰ উদ্দেশ্যৰে দিয়া হৈছে।

আনচাৰিয়ে জনায় যে অভিযোগ দাখিল কৰিবলৈ তেওঁ নিজে মুম্বাইৰ পৰা গাজীপুৰলৈ আহিছিল। তেওঁৰ মতে, এই ধৰণৰ অভিযোগে এজন খেলুৱৈৰ ব্যক্তিগত আৰু পেছাদাৰী দুয়োটা জীৱনতে প্ৰভাৱ পেলায়, যিকোনো অৱস্থাতেই গ্ৰহণযোগ্য নহয়।

সংবাদ মাধ্যমৰ সৈতে কথা পাতি ফাইজান আনচাৰিয়ে কয় যে এই বিষয়ত তেওঁ কঠোৰ আইনী পদক্ষেপ গ্ৰহণ কৰিব বিচাৰে। তেওঁৰ মতে, খুচী মুখাৰ্জীৰ বিৰুদ্ধে গুৰুতৰ ধাৰাত এফআইআৰ দাখিল কৰা উচিত। তেওঁ লগতে কয় যে যদি অভিযোগ প্ৰমাণিত নহয়, তেন্তে দোষীক কঠোৰ শাস্তি দিয়া উচিত। আনচাৰিয়ে দাবী কৰে যে ছ’চিয়েল মিডিয়াত তেওঁৰ ডাঙৰ উপস্থিতি আছে আৰু এই বিষয়টো সকলো প্লেটফৰ্মলৈ লৈ যাব। তেওঁৰ মতে, এইটো কেৱল সূৰ্যকুমাৰ যাদৱৰ নহয়, বৰং সমগ্ৰ দেশৰ এজন সন্মানীয় খেলুৱৈৰ সুনামৰ প্ৰশ্ন।

ফাইজান আনচাৰিয়ে স্পষ্ট কৰি দিয়ে যে তেওঁ অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে ১০০ কোটি টকাৰ মানহানিৰ গোচৰ ইতিমধ্যে দাখিল কৰিছে। তেওঁ লগতে কয় যে যদি খুশী মুখাৰ্জীয়ে নিজৰ দাবীসমূহ প্ৰমাণসহ প্ৰমাণিত কৰিব পাৰে, তেন্তে তেওঁ ৰাজহুৱাভাৱে ক্ষমা বিচাৰিবলৈ সাজু। কিন্তু তেতিয়ালৈকে তেওঁ পিছহুঁহকিব নোৱাৰে বুলি তেওঁ স্পষ্ট কৰে।

খুশী মুখাৰ্জীয়ে তেওঁৰ সাক্ষাৎকাৰত এইটো নিশ্চিতকৈ কৈছিল যে তেওঁৰ আৰু সূৰ্যকুমাৰ যাদৱৰ মাজত কেতিয়াও কোনো ব্যক্তিগত বা ৰোমান্টিক সম্পৰ্ক নাছিল। তথাপিও, মেছেজ সন্দৰ্ভত দিয়া মন্তব্যটোৱেই এই সমগ্ৰ বিতৰ্কৰ সূচনা কৰে।

ডিজিটেল ডেস্ক, ১৬ জানুৱাৰী

You might also like