নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ‍্যাপক ড°প্ৰাঞ্জল শইকীয়ালৈ লণ্ডনৰ “ফে’ল অৱ ৰয়েল ছ’চাইটি অব্কে মেষ্ট্ৰি”ৰ সন্মান

নিয়মীয়া বাৰ্তা, ১০ আগষ্টঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰায়োগিক বিজ্ঞান বিভাগৰ সহযোগী অধ‍্যাপক ড°প্ৰাঞ্জল শইকীয়াক লণ্ডনৰ ৰয়েল ছ’চাইটি অৱ কেমেষ্ট্ৰিৰ বিশেষ সন্মান “ফেল’ অৱ ৰয়েল ছ’চাইটি অৱ কেমেষ্ট্ৰি( FR S C) সন্মানেৰে বিভূষিত কৰিছে। উল্লেখ‍্য যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ৰসায়ন বিজ্ঞান বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি ২০০৪ চনত সৰ্বভাৰতীয় NET পৰীক্ষাত শীৰ্ষ ২০%ত স্নান প্ৰাপ্তিৰে উত্তীণহৈ হায়দৰাবাদস্হিত csir-iict ৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভকৰি আমেৰিকাৰ চিনচিনাতি বিশ্ববিদ্যালয়ত পষ্ট ডক্টৰেট গৱেষণা সম্পন্ন কৰে।ইয়াৰ পাচতেই শইকীয়াই গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰৱক্তা হিচাপে যোগদান কৰে আৰু বিভাগৰ মূৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ উপৰিও বহু কেইগৰাকী ছাত্ৰই ড°শইকীয়াৰ তত্বাৱধানত ডক্টৰেট ডিগ্ৰী লাভ কৰিছে।

উল্লেখ‍্য যে ড°শইকীয়াই উচ্চ পৰ্যায়ৰ ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় আলোচনীত গৱেষণা পত্ৰ প্ৰকাশ কৰি ৰসায়ন বিজ্ঞান ক্ষেত্ৰ খনলৈ উল্লেখনীয় সেৱা আগবঢ়াই আহিছে।ড° শইকীয়াই solar hydrogen generation through water splitting catalysis for automotive application,waste water treatment আদি গৱেষণা কৰ্মই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সমাদৰ লভিছে। ন-আলি ঢেকিয়াজুলি খাটোৱাল গাঁৱৰ নিবাসী পদ্মকান্ত শইকীয়া আৰু প্ৰয়াত চম্পা শইকীয়াৰ জ‍্যেষ্ঠ পুত্ৰ ড°শইকীয়াই তিতাবৰৰ তিতাৰাম বৰদলৈ উ:মা:বিদ‍্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হৈ তিতাবৰৰে নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ পৰা ৰাসায়ন বিজ্ঞান বিভাগত স্নাতক ডিগ্ৰী লাভ কৰে।তাৰোপৰি ড°শইকীয়াই Dst-Daad exchange fellow হিচাপে জাৰ্মানীৰ ৰুৰ ইনিভাৰচিটিতো গৱেষণা কৰ্মত অংশগ্ৰহণ কৰিছে।শিক্ষাৰ লগতে অসমীয়া জাতীয় সংস্কৃতিৰ এগৰাকী শিল্পী হিচাপে পৰিচিত ড°শইকীয়া এজন সূদক্ষ বাঁহী বাদক হিচাপে শংকৰী সংস্কৃতিৰ সাধনা বৰ্তাই ৰাখিছে। ড°শইকীয়াৰ এই সন্মানত অঞ্চলবাসীৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়েও গৌৰৱ অনুভৱ কৰিছে।

 

প্ৰতিবেদনঃ নবজ্যোতি তামুলী,চিনামৰা

You might also like