নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্বাধীনতা দিৱসঃ কূটাঘাতৰ আশংকাত মহানগৰীত নিশ্ছিদ্র বেহু

নিয়মীয়া বাৰ্তা, ১০ আগষ্টঃ সমাগত স্বাধীনতা দিৱস৷ দেশৰ ৭৫সংখ্যক স্বাধীনতা দিৱস উদ্যাপন কৰিবলৈ ৰাজ্যৰ লগতে কামৰূপ মহানগৰ জিলা প্রশাসনেও যাৱতীয় প্রস্তুতি প্রায় সম্পূর্ণ কৰি তুলিছে৷ স্বাধীনতা দিৱসৰ কার্যসূচীত যাতে কোনো ধৰণৰ কূটাঘাতমূলক কার্য দুষ্কৃতিকাৰীয়ে সংঘটিত কৰিব নোৱাৰে তাৰ বাবে মহানগৰ আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে৷ আলফা (স্বাধীন) স্বাধীনতা দিৱসৰ কার্যসূচী বর্জন কৰিবলৈ আহ্বান জনোৱাৰ লগতে অসম বন্ধ ঘোষণা কৰিছে৷ পৰেশ বৰুৱাই এনএছচিএন (কে)ৰ সহযোগত ভাৰত–ম্যানমাৰ সীমান্তত চিআৰপিএফৰ কেম্পত এম্বুছ কৰি নিজৰ শক্তি প্রদর্শনৰ চেষ্টা চলাইছে৷ এই আক্রমণৰ পাছতে মহানগৰ আৰক্ষীয়ে গুৱাহাটীৰ প্রৱেশ আৰু প্রস্থান পথত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তন্ন তন্নকৈ বাহনসমূহত তালাচী অভিযান আৰম্ভ কৰিছে৷ উগ্রপন্থী সংগঠন তথা দুষ্কৃতিকাৰীয়ে যাতে স্বাধীনতা দিৱসৰ সময়ছোৱাত কূটাঘাত সংঘটিত কৰিব নোৱাৰে তাৰ বাবে মহানগৰ আৰক্ষী আয়ুক্তই তিনিখন আৰক্ষী জিলাত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিবলৈ নির্দেশনা জাৰি কৰিছে৷

আৰক্ষী আয়ুক্তৰ নির্দেশনাৰ পাছতে মহানগৰীৰ পূব আৰক্ষী জিলা, পশ্চিম আৰক্ষী জিলা আৰু মধ্য আৰক্ষী জিলাৰ অন্তর্গত আটাইকেইখন থানা এলেকাত নিৰাপত্তা বেষ্টনী গঢ়ি তোলাৰ লগতে নাকা তালাচীৰ ব্যৱস্থা কৰিছে৷ মহানগৰীৰ ২০খন থানাৰ অন্তর্গত অঞ্চলসমূহত আৰক্ষীয়ে টহলৰ ব্যৱস্থা কৰিছে৷ ইয়াৰ উপৰিও স্বাধীনতা দিৱসৰ সময়ছোৱাত থানা এলেকাৰ অন্তর্গত নাগৰিক সমিতিসমূহক অধিক সতর্ক হৈ থাকিবলৈ আৰক্ষী আয়ুক্তই আহ্বান জনাইছে৷ যদিহে কোনো সন্দেহযুক্ত লোক অথবা সামগ্রী প্রত্যক্ষ কৰে তেন্তে ততাতৈয়াকৈ আৰক্ষীৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে৷ স্বাধীনতা দিৱসৰ কার্যসূচী সুকলমে উদযাপন কৰিবলৈ বিশেষ গোট গঠন কৰি মহানগৰীৰ স্পর্শকাতৰ, পাহাৰীয়া আৰু বস্তি অঞ্চলসমূহত তীক্ষ্ণ নজৰ ৰখা বুলি মহানগৰ আৰক্ষীৰ এক শীর্ষ সূত্রই সদৰী কৰিছে৷

তদুপৰি নদী আৰক্ষীয়েও টহলৰ ব্যৱস্থা কৰিছে৷ নদী আৰক্ষীয়ে ব্রহ্মপুত্রৰ দুয়োপাৰে তীক্ষ্ণ নজৰ ৰখাৰ লগতে নাৱেৰে যাতে কোনো দুষৃকতিকাৰী গুৱাহাটীত প্রৱেশ কৰিব নোৱাৰে তাৰ বাবে তীক্ষ্ণ নজৰ ৰাখিছে৷ স্বাধীনতা দিৱস উপলক্ষে বহিঃৰাজ্যৰ পৰা অহা যাত্রীবাহী ৰে’লসমূহত আৰক্ষীয়ে তন্ন তন্নকৈ পৰীক্ষা কৰিছে৷ প্রতিগৰাকী যাত্রীৰ ট্রলি বেগ অথবা সামগ্রীসমূহ স্কেনাৰৰ সহায়ত পৰীক্ষা কৰা হৈছে৷ ৰে’ল আৰক্ষীয়ে পল্টনবজাৰ, কামাখ্যা আৰু নিউ গুৱাহাটী ষ্টেচনকে ধৰি মহানগৰীৰ আশে–পাশে থকা আটাইকেইটা ষ্টেচনতে স্নিফাৰ ডগৰ সহায়ত তালাচীৰ ব্যৱস্থা কৰিছে৷

You might also like