নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢেকীয়াজুলিৰ কেহেৰুখন্দাত ড্ৰাগছভৰ্তি ৬০টা কণ্টেইনাৰসহ দুজন আটক

বিশেষ বাৰ্তা, ২১ মে’ : ঢেকীয়াজুলি থানাৰ অন্তৰ্গত কেহেৰুখন্দাত কালি নিশা আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই ড্ৰাগছভৰ্তি ৬০টা কণ্টেইনাৰসহ দুজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ ঢেকীয়াজুলি আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰা সৰবৰাহকাৰী দুটা হ’ল ৰফিক আলী ওৰফে দিগিয়া (৩২) আৰু ৰুষ্টম আলী (২৭) । ধৃত ৰফিক আলীৰ ঘৰ কেহেৰুখন্দাত আৰু ৰুষ্টম আলীৰ ঘৰ ঠেলামৰাৰ কাঠনীবাৰীত । ঢেকীয়াজুলি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজা সৰকাৰ আৰু উপ-পৰিদৰ্শক প্ৰিয়ংকা বুঢ়াগোহাঁইৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে ড্ৰাগছসহ লোক দুজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । উদ্ধাৰ হোৱা ড্ৰাগছখিনিৰ বজাৰ মূল্য লক্ষাধিক টকা হ’ব বুলি জনায় ঢেকীয়াজুলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজা সৰকাৰে । ঢেকীয়াজুলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে লগতে ড্ৰাগছৰ বিৰুদ্ধে ঢেকীয়াজুলিত অভিযান অব্যাহত থাকিব আৰু পৰৱৰ্তী সময়ত আৰু অপৰাধী গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে বুলি জনাইছে আৰক্ষী বিষয়াগৰাকীয়ে ৷

প্ৰেৰক কল্পজ্যোতি নাথ

You might also like