নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

IICS-ৰ উপদেষ্টা মণ্ডলীৰ সদস্য হিচাপে মনোনীত চলচ্চিত্ৰ নিৰ্মাতা উৎপল বৰপূজাৰী

IICS Board of Advisors : ৰাষ্ট্ৰীয় বঁটা বিজয়ী চলচ্চিত্ৰ নিৰ্মাতা আৰু চলচ্চিত্ৰ সমালোচক উৎপল বৰপূজাৰীক ভাৰতীয় সৃষ্টিশীল কৌশল প্ৰতিষ্ঠান (Indian Institute of Creative Skills – IICS)ৰ উপদেষ্টা মণ্ডলীৰ সদস্য হিচাপে মনোনীত কৰা হৈছে। ভাৰতৰ সৃষ্টিশীল শিক্ষাৰ ক্ষেত্ৰত এই IICS হৈছে এক অগ্ৰণী পদক্ষেপ। ই ভাৰতৰ প্ৰথমখন উদ্যোগ-চালিত সৃষ্টিশীল ইনকিউবেটৰ, যি অস্কাৰ বঁটা বিজয়ী শব্দ পৰিকল্পক ৰেছুল পুকুটিৰ নেতৃত্বত চলি আছে।

এই প্ৰতিষ্ঠানটো মিডিয়া আৰু বিনোদন কৌশল পৰিষদ (MESC)-ৰ দ্বাৰা পৰিচালিত, যাৰ অধ্যক্ষ হিচাপে আছে গ্ৰেমি বঁটা বিজয়ী সংগীতকাৰ শংকৰ মহাদেৱন ৰয়। এই IICS ক কৌশল উন্নয়ন আৰু উদ্যোগিতা মন্ত্ৰালয়ৰ অধীনত প্ৰতিষ্ঠা কৰা হৈছে আৰু ই ৰাষ্ট্ৰীয় কৌশল উন্নয়ন নিগম (NSDC) একাডেমীৰ সৈতে সংযুক্ত।

IIT ৰুৰ্কীৰ প্ৰাক্তন ছাত্ৰ আৰু ভাৰতীয় চিনেমাৰ এক গৱেষণালগ্ন কণ্ঠস্বৰ হিচাপে স্বীকৃত উৎপল বৰপূজাৰী, IICS উপদেষ্টা মণ্ডলীত এক বিশিষ্ট পেনেলত যোগদান কৰিছে।

এই উপদেষ্টা মণ্ডলীত অন্তৰ্ভুক্ত আছে—

  • খ্যাতনামা চিনেমা নিৰ্দেশক: গিৰীশ কাসাৰাভল্লী, ৰাহুল ৰাৱেইল, সোনালী বসু
  • প্ৰযোজক: শিবাশীষ সৰকাৰ
  • ৰাষ্ট্ৰীয় বঁটা বিজয়ী সম্পাদক : এ. শ্ৰীকৰ প্ৰসাদ, বিনা পল
  • একচন পৰিচালক: শাম কৌশল
  • অভিনেতা/অভিনেত্ৰী : অমিত বেহেল, দিয়া মিৰ্জা
  • সাজ-পোছাক পৰিকল্পক: নীতা লুল্লা
  • গীতিকাৰ আৰু চিত্ৰনাট্য লেখক: কাউছাৰ মুনিৰ
  • নাট্য ব্যক্তিত্ব: ফিৰোজ আব্বাছ খান
  • চিত্ৰগ্ৰাহক: ৰবি কে. চন্দ্ৰন
  • এনিমেচন চিনেমা নিৰ্মাতা: কিৰিত খুৰানা আদি।

IIMC Society-ৰো শীৰ্ষ সিদ্ধান্ত লোৱা মণ্ডলীৰ সদস্য হৈ থকা বৰপূজাৰীয়ে IICS-ত অংশ লোৱাৰ সুযোগ পোৱা বাবে কৃতজ্ঞতা প্ৰকাশ কৰি কয়— দেশৰ বিনোদন উদ্যোগৰ সৈতে জড়িত বিভিন্ন ক্ষেত্ৰত আমাৰ নতুন প্ৰজন্মক সক্ষম কৰাৰ লক্ষ্য লৈ আগবাঢ়ি যোৱা এই আগন্তুক চিন্তাধাৰাৰ অংশ হৈ উঠাটো মোৰ বাবে গৌৰৱৰ কথা।”

IICS প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ “Create in India” ভিজনৰে সংগতি ৰাখে, যাৰ লক্ষ্য দেশীয় প্ৰতিভাক উৎসাহিত কৰি ভাৰতক বিশ্বৰ কৌশল মূলধন হিচাপে পৰিণত কৰা। প্ৰতিষ্ঠানটোৰ প্ৰথমটো কেম্পাছ দিল্লীত খুলিব, আৰু দেশজুৰি আৰু নটা কেম্পাছ খোলাৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে।

IICS-ৰ পাঠ্যক্ৰম এনেধৰণৰ-

  • শব্দ পৰিকল্পনা (Sound Design)

  • সংগীত ভিডিঅ’ নিৰ্মাণ

  • সাজ-পোচাক পৰিকল্পনা

  • এনিমেচন আৰু গেম উন্নয়ন

  • মেক-আপ আৰু প্ৰ’ষ্টেটিকছ

  • ডিজিটেল পিআৰ আৰু সাংবাদিকতা

  • অনুষ্ঠান ব্যৱস্থাপনা

  • মিডিয়া ব্যৱস্থাপনা

  • ভিজুৱেল কমিউনিকেচন

এই পাঠ্যক্ৰমসমূহত শ্ৰেণীকক্ষ শিক্ষা আৰু বাস্তৱ জীৱনৰ প্ৰকল্পৰ জৰিয়তে হাতেকলমে শিক্ষাৰ সমন্বয় থাকিব, যাক উদ্যোগৰ শীৰ্ষস্হানত থকা ব্যক্তিসকলৰ দ্বাৰা মেণ্টৰিং কৰা হ’ব।

বহুসংখ্যক পাঠ্যক্ৰমৰ ভৰ্তিৰ প্ৰক্ৰিয়া ইতিমধ্যেই আৰম্ভ হৈছে, আৰু অধিক তথ্য IICS-ৰ ৱেবছাইট আৰু ছচিয়েল মিডিয়াত উপলব্ধ। বৰপূজাৰীয়ে বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলৰ যুৱক-যুৱতীৰ বাবে এই সুযোগ গ্ৰহণ কৰিবলৈ উৎসাহিত কৰিছে— “মই আশা কৰোঁ উত্তৰ-পূৰ্বাঞ্চলৰ যুৱসকলেও এই কৌশলভিত্তিক উদ্যোগৰ অংশ হৈ শিল্পক্ষেত্ৰত এক সক্ষম স্থানত প্ৰবেশ কৰিবলৈ নিজকে সাজু কৰিব।”

Niyomiya Barta Desk, Date of Published, 8 July, 2025

You might also like