দৈগ্ৰোং কেন্দুগুৰিত পানীৰ সোঁতত উটি গ’ল এজন লোক
ধনশিৰি নদীৰ প্ৰবল বানত হাহাকাৰ গোলাঘাট জিলাৰ অন্তৰ্গত মৰঙি মৌজাৰ বহুকেইখন গাঁৱৰ জনতা। নুমলীগড়ৰ সমীপৰ মৰঙি মৌজাৰ দৈগ্ৰোং কেন্দুগুৰিত আজি পুৱাৰ ভাগত হঠাৎ সংগঠিত হয় এক ভয়ংকৰ অঘটন।
পানীৰ সোঁতত উটি যোৱাৰ পৰা কথমপি প্ৰাণ ৰক্ষা চন্দ্ৰ শইকীয়া নামৰ এজন লোক । ৰাইজৰ তৎপৰতাত সোঁতত পৰি যোৱা অৱস্থাত ততাতৈয়াকৈ উদ্ধাৰ কৰে লোকজনক। সম্পূৰ্ণ সুস্থ অৱস্থাত ৰাইজে উদ্ধাৰ কৰি ওখ ঠাইলৈ লৈ আনে ব্যক্তিজনক।
উল্লেখ্য যে বানে খেতি বাতি,ঘৰ দুৱাৰ বুৰাই নিয়াৰ পিছত পশুধনৰ বাবে কিছু খাদ্য যোগাৰ কৰিবলৈ যোৱা অৱস্থাতেই ব্যক্তিজন পানীৰ সোঁতত পিছলি পৰে বুলি উল্লেখ কৰে। স্থানীয় কিছু লোক উক্ত স্থানতেই থকা অৱস্থাত সমগ্ৰ ঘটনা প্ৰত্যক্ষ কৰি তাৎক্ষণিকভাৱে তেওঁক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
নিয়মীয়া বাৰ্তা, নুমলীগড় : Date of Published, 8 July, 2025