অসমত নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানক লৈ অব্যাহত আছে তৎপৰতা। কাইলৈ পুৱা ৭ বজাৰ পিছতহে ঘোষণা কৰা হ’ব মুখ্যমন্ত্ৰীৰ সৈতে কেইজন মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব।
এই কথা জনাইছে ড০ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে আজি মাজনিশাৰ ভিতৰত মুখ্যমন্ত্ৰীৰ সৈতে শপত গ্ৰহণ কৰা মন্ত্ৰীসকলৰ তালিকা চূড়ান্ত কৰা হ’ব।
জানিব পৰা মতে, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ সৈতে আলোচনা কৰাৰ পিছত এই বিষয়ত অন্তিম সিদ্ধান্ত গ্ৰহণ কৰা হ’ব।
ইফালে, কাইলৈ অনুষ্ঠিত হ’বলগীয়া শপত গ্ৰহণ অনুষ্ঠানক কেন্দ্ৰ কৰি ৰাজ্যজুৰি ব্যাপক উৎসাহ-উদ্দীপনা দেখা গৈছে।
ডিজিটেল ডেস্ক, ১১ মে’