নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উদয় শংকৰ হাজৰিকাৰ বিৰুদ্ধে দিছপুৰ থানাত গোচৰ মানৱ ডেকাৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৩ এপ্ৰিলঃ এইবাৰ লখিমপুৰৰ কংগ্ৰেছ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাৰ বিৰুদ্ধে দিছপুৰ থানাত গোচৰ তৰিছে বিজেপি বিধায়ক মানৱ ডেকাই। উদয় শংকৰ হাজৰিকাই মানৱ ডেকাৰ বিৰুদ্ধে আপত্তিজনক ভিডিঅ ভাইৰেলৰ অভিযোগ অনাৰ পিছতে হাজৰিকাৰ বিৰুদ্ধে গোচৰ তৰে মানৱ ডেকাই। উদয় শংকৰ হাজৰিকা আৰু এগৰাকী যুৱতীৰ হোৱাটছএপৰ অশ্লীল ভিডিঅ ভাইৰেল কৰা অভিযোগ তুলিছিল বিজেপি বিধায়ক মানৱ ডেকাৰ বিৰুদ্ধে। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি মানৱ ডেকাই হাজৰিকাৰ বিৰুদ্ধে গোচৰ তৰা হ’ব বুলি কৈছিল তেতিয়া ঘোষণা কৰিছিল। সেই অনুসৰি আজি এই প্ৰসংগত দিছপুৰ থানাত গোচৰ দাখিল কৰে বিধায়ক মানৱ ডেকাই। আনহাতে অচিৰেই হাজৰিকাৰ বিৰুদ্ধে ১০ কোটি টকাৰ মানহানি গোচৰ তৰিব বুলি বিধায়ক মানৱ ডেকাই জানিবলৈ দিয়ে।

You might also like