নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : ঐতিহ্যৰ বর্তমান

অতীতৰ পৰা চলি অহা সুৰ আৰু কথাৰ বিহুগীতৰ প্রতি এতিয়া বহু লোকৰ আগ্রহ বাঢ়ি অহাটো সকলোৰে চকুত পৰিছে৷ এই কথাটোৱে স্পষ্ট কৰি তোলা দিশটো হ’ল গায়ক–সুৰকাৰ আদিয়ে বিহুৰ সুৰ আৰু ঢোলৰ বোল ব্যৱহাৰ কৰি নিজে লিখি লোৱা আৰু অত্যাধুনিক যন্ত্রপাতিৰ সহযোগত পৰিৱেশন কৰা বিহুগীত নাম দিয়া গীতবোৰ শ্রোতাৰ ভাল নলগা হৈছে আৰু অতীতৰ বিহুৰ পিনে উভতি যাব বিচাৰিছে৷ বিহুগীত বা অইন লোকগীতৰ সুৰত আধুনিক গানৰ প্রস্তুতি এবিধ সৃজনীমূলক কাম হ’ব পাৰে, তেনে কামৰ সুকীয়া সৌন্দর্য আৰু আবেদন থাকে, তাৰ সাংগীতিক মূল্যও থাকে৷ কিন্তু সেইবোৰ গীতক বিহুগীত হিচাপে প্রতিষ্ঠা কৰা উচিত নাছিল৷ এই কামৰ বাবে দায়ী কিছুসংখ্যক জনপ্রিয় কণ্ঠশিল্পী৷ কেছেটৰ স্বর্ণযুগ চলি থকা সময়ত জনপ্রিয় কণ্ঠশিল্পীৰ সহায়ত বহুতে এনেকুৱা বিহুগীতৰ জন্ম দিছিল আৰু সেইবোৰ ইমানেই জনপ্রিয় হৈ পৰিছিল যে তাক এতিয়াৰ প্রজন্মৰ লোকে বিহুগীত বুলি ভাবিবলৈ বাধ্য হৈ পৰিছে৷ গীতত নতুনত্ব বিচৰাটো অধিকাংশ শ্রোতাৰে এটা সাধাৰণ চৰিত্র৷ এই সুবিধাৰেই বিহুগীতৰ নামত অলেখ আধুনিক গীতৰ প্রৱেশ ঘটিছিল৷ এইধৰণৰ অভিযোগৰ প্রসংগ উত্থাপন হ’লেই প্রথমে কণ্ঠশিল্পীসকলকেই লক্ষ্য কৰি লোৱা হয় যদিও গীতিকাৰ, তথাকথিত সুৰকাৰ, প্রযোজকসকলো কণ্ঠশিল্পীৰ সমানে জগৰীয়া হ’ব লাগে৷ একেই কথা গীতৰ শ্রোতা আৰু প্রমোটাৰৰ ক্ষেত্রতো প্রযোজ্য৷ অকল বিহুগীতেই নহয়, বিহুনাচৰ ক্ষেত্রতো একেই কথা৷ বিহু নৃত্যশিল্পীৰ প্রতিযোগিতা, তাৰ লগত থকা নগদ ধনৰ পুৰস্কাৰ আৰু বিহুনাচৰ পৰিৱেশনৰ সুবিধা বৃদ্ধি আৰু বিহুনাচৰ লগত অর্থ উপার্জনৰ নতুন নতুন পথ সংযোগ হোৱাৰ পিছত নাচবিধৰ গতিও তেনেকুৱাই হ’লগৈ৷ বিহুনাচৰ প্রতিযোগিতা বৃদ্ধি পোৱাৰ লগে লগে বিচাৰকসকলৰো বিহুনাচৰ নীতি–নিয়মৰ প্রয়োজন হ’ল৷ কিছুমানে নীতি–নিয়ম প্রস্তুত কৰি প্রচাৰ কৰিলে, ফলত এতিয়া লোকনাচবিধ শাস্ত্র বিধিমতে পৰিচালিত নাচত পৰিণত হ’ল৷

অত্যাধুনিক বিহুগীতবোৰে মানুহক আমুৱাইছে আৰু ফলত মানুহে অতীতৰ বিহুগীতৰ পুনৰ উদ্ধাৰৰ কথা আলোচনা কৰিছে৷ নাচৰ ক্ষেত্রত এই সচেতনতা অহা নাই যদিও শীঘ্রেই এই দিশত চিন্তা–চর্চা আৰম্ভ হ’ব৷ ঐতিহ্যৰ বৈশিষ্ট্য আৰু বিশ্বাসযোগ্যতা ৰক্ষাৰ প্রসংগত হোৱা এই সচেতনতা অকল বিহুগীত বা নাচৰ ক্ষেত্রত আবদ্ধ হৈ থকা ধাৰণা নহয়৷ সমকালীন সমাজত ঐতিহ্য ব্যৱস্থাপনা হৈছে কীর্তিচিহ্ণ, ঐতিহাসিক স্থান, সাংস্কৃতিক সম্পদ আদিক সযতনে পৰিচালনা কৰা ধাৰণা, যিয়ে সামূহিকভাৱে এখন সমাজৰ প্রবহমান ছবি এখন অবিকৃত কৰাৰ চেষ্টা কৰে৷ এহ ধাৰণা কেৱল অতীতৰ সৈতে বর্তমানৰ সংযোগ বজাহ ৰখাৰ বাবেহ নহয়, সামাজিক পৰিচয়, সম্পদ, সামাজিক নান্দনিক প্রকাশ আৰু সাংস্কৃতিক ধাৰাবাহিকতাৰ অনুভূতি গঢ়ি তোলাৰ বাবেও অতি গুৰুত্বপূর্ণ৷ হতিহাসৰ আৱয়বিক প্রকাশ হিচাপে কীর্তিচিহ্ণসমূহে প্রায়ে ঐতিহ্য ব্যৱস্থাপনা প্রচেষ্টাৰ কেন্দ্রবিন্দু হিচাপে কাম কৰে৷ কীর্তিচিহ্ণসমূহৰ সংৰক্ষণৰ ক্ষেত্রত বিভিন্ন কৌশল জডিত হৈ থাকে, যাতে হয়াৰ গাঁথনিগত অখণ্ডতা আৰু ঐতিহাসিক প্রামাণ্য নিশ্চিত হয়৷ ঠিক তেনেদৰে বিভিন্ন ধৰণৰ শিল্পকর্ম, ৰীতি–নীতি, পৰম্পৰা আদি সাংস্কৃতিক সম্পদবোৰে ঐতিহ্যৰ আন কিছুমান দিশসমূহক প্রতিনিধিত্ব কৰে৷ এহ বস্তুবোৰৰ সংৰক্ষণ আৰু ব্যাখ্যা নিশ্চিত কৰিবলৈ প্রায়ে বিশেষ যত্নৰ প্রয়োজন হয়৷ সংগ্রহালয়, আর্কাহভ আৰু সাংস্কৃতিক প্রতিষ্ঠানসমূহে এহ সম্পদসমূহ পৰিচালনা আৰু সুৰক্ষাৰ ক্ষেত্রত মূল ভূমিকা পালন কৰে আৰু সংৰক্ষণ আৰু ডিজিটেলাহজেচনৰ দৰে কৌশল ব্যৱহাৰ কৰে৷ ঐতিহ্য সম্পদ, বিশেষকৈ প্রত্নতাত্ত্বিক সম্পদসমূহ ৰক্ষাৰ বাবে চৰকাৰে প্রণয়ন কৰা আইন আছে৷ কিন্তু সাংস্কৃতিক সম্পদক বিকৃতকৰণৰ পৰা ৰক্ষা কৰাৰ উদ্দেশ্য আগত ৰাখি কোনো বিশেষ আইন প্রণয়ন কৰা হোৱা নাই৷ বাণিজ্যকৰণৰ বতাহে সাংস্কৃতিক সম্পদক প্রদূষিত কৰা অৱস্থাৰ প্রতি লক্ষ্য ৰাখি চৰকাৰে এই দিশৰ কামত অহাকৈ এখন আইন প্রণয়ন কৰি তাক কার্যকৰী কৰা উচিত৷ একে সময়তে বিভিন্ন সাংস্কৃতিক সংগঠনবোৰেও ঐতিহ্যৰ প্রতি শ্রদ্ধাশীল হৈ কাম কৰিব লাগে আৰু একে সময়তে এই দিশৰ সামাজিক সচেতনতা বৃদ্ধিৰ বাবেও কাম কৰিব লাগে৷

You might also like