নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তেজপুৰৰ মাদাৰ বিস্কুট কাৰখানাত অগ্নিকাণ্ড

বিশেষ বাৰ্তা, ৩ মাৰ্চঃ তেজপুৰৰ তিনিমাইলত আজি দিনৰ প্ৰায় আঢ়ৈ বজাত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়৷অঞ্চলটোত থকা মাদাৰ ইণ্ডাট্ৰীজ প্ৰাইভেট লিমিটেড নামৰ বিস্কুট কাৰখানাটোত সংঘটিত হোৱা  অগ্নিকাণ্ডৰ ঘটনাত কথমপি ৰক্ষাপৰে সমগ্ৰ অঞ্চলটো৷ কাৰিকৰী বিজুতিৰ ফলতে অগ্নিকাণ্ডটোৰ সূত্ৰপাত ঘটে বুলি প্ৰত্যক্ষদৰ্শীয়ে প্ৰকাশ কৰে৷ উল্লেখযোগ্য যে,কাৰখানাটোত হঠাৎ ওভেন বন্ধ হৈ পৰে আৰু ইয়াক  পুণৰ চলাবলৈ লোৱাৰ সময়তে অগ্নিকাণ্ডটোৰ সূত্ৰপাত ঘটে৷ ওভেনৰ জুই খিড়িকীৰ পৰ্দালৈ বিয়পি পৰে আৰু   সমগ্ৰ কাৰখানাটো ছানি ধৰে৷ ইয়াৰ লগে লগে সমগ্ৰ অঞ্চলটোত হুৱাদুৱা লাগে৷ উল্লেখযোগ্য যে,তেজপুৰৰ লগতে ৰঙাপৰা,বালিপৰা আদিৰ পৰা অহা কে’বাখনো অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে দীৰ্ঘ সময়ৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়৷ উল্লেখযোগ্য যে কাৰখানাটোত যথেষ্ট পৰিমানৰ  চিলিণ্ডাৰ মজুত আছিল য’দিও অগ্নিকাণ্ডৰ পৰা এইসমূহ ৰক্ষাপৰাত এক ভয়াৱহ পৰিস্থিতিৰ পৰা অঞ্চলটো হাত সাৰে৷ উল্লেখযোগ্য যে অগ্নিকাণ্ডটোৰ সংবাদ সংগ্ৰহটো কাৰখানাটোৰ স্বত্বাধিকাৰী পক্ষই বাধা আৰোপ কৰে৷ এই পৰ্যন্ত কাৰখানাটোত হোবা ক্ষয়ক্ষতিৰ পৰিমান জানিব পৰা হোৱা নাই৷
প্ৰেৰক হিমাংশু শইকীয়া
You might also like