নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰগাঙত তিনি তামোল চোৰক আটক আৰক্ষীৰ

বিশেষ বার্তা, ৩ মাৰ্চ : বিহালীত মানুহৰ বাৰীৰ তামোল চুৰি কৰি গৃহস্থৰ বিপুল ক্ষতি কৰি অহা তিনিজন চোৰ আজি বৰগাং আৰক্ষীৰ হাতত ধৰা পৰে। এনে কার্য সংঘটিত হৈ অহাৰ তথ্য আৰক্ষীৰ হাতত আছিল আৰু আজি বৰগাং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰূপজ্যোতি গগৈৰ নেতৃত্বত চোপ লৈ বৰগাং সাপ্তাহিক বজাৰত বিক্ৰী কৰিবলৈ বুলি প্ৰাঞ্জল বৰা নামৰ যুৱক জনৰ টমটম খনৰ পৰা তামোল খিনি জব্দ কৰে। তামোল ডেৰ কুইণ্টেল আছিল। আৰক্ষীয়ে চুৰি তামোলৰ সৈতে জড়িত থকা বাবু গোহাঁই বয়স ৩০, যতীন বৰা বয়স ১৭ আৰু  প্ৰাঞ্জল বৰা বয়স ১৯ এই তিনিজন যুৱকক আটক কৰে।  কেওগৰাকীৰ ঘৰ বিহালী আধাখনাত বুলি জনা গৈছে। ইয়াৰে বাবু গোহাঁই নামৰ যুৱক জন গাঁওত একাধিক বাৰীৰ তামোল চুৰি কার্যত জড়িত থকাৰ প্ৰমাণ আছে। তামোল খিনিৰ মূল্য বৰ্তমান বজাৰৰ দৰত প্ৰায় চাৰি হাজাৰ টকা হব বুলি কোৱা হৈছে। আৰক্ষী তামোল খিনিৰ লগতে এ এছ ৩২ ই আৰ ১২৭১ নং টমটম খনো জব্দ কৰিছে। অৱশ্যে টমটম চালক প্ৰাঞ্জল বৰাই চুৰি তামোল সমূহ সৰবৰাহে কৰিছিল। প্ৰাঞ্জল উক্ত চুৰি কাৰ্যৰে কিমান দূৰ জড়িত আৰক্ষীয়ে তদন্ত চলাই আছে। তামোল চোৰ কেইজন ধৰা পৰাত ৰাইজে স্বস্তিৰ নিশ্বাস এৰি আৰক্ষীৰ সফলতাৰ শলাগ লৈছে।
প্ৰেৰক অমিতাভ বৰুৱা
You might also like