নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টিহুৰ ইলোৰা ডেকালৈ দেশপ্ৰাণ নগেন শৰ্মা স্মাৰক যুৱ কৰ্মী বঁটা

নিয়মীয়া বাৰ্তা, ৩ মাৰ্চঃ নলবাৰীৰ বাঁহজানীৰ অময়াপুৰত আজি বিয়লি অগপৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ নলবাৰী জিলা সমিতিৰ উদ্যোগত আৰু বাঁহজানী মণ্ডল পৰিষদৰ সহযোগত দেশপ্ৰাণ নগেন শৰ্মা স্মাৰক বঁটা প্ৰদান আৰু অভিনন্দন অনুষ্ঠান হয়। অগপ নেতা গুণেশ্বৰ দাসৰ সঞ্চালনাত আৰু যুৱ পৰিষদৰ জিলা সম্পাদক গকুল মহন্ত, নৱজিৎ শৰ্মা, মণ্ডল পৰিষদৰ সম্পাদক শৈলেনজ্যোতি তালুকদাৰে আতঁ ধৰা হোৱা অনুষ্ঠানত তৃণমূল কৰ্মী সকলে ডঃ বীৰেণ কুমাৰ চক্ৰৱৰ্ত্তীক বৰপেটা লোকসভা সমষ্টিত প্ৰাৰ্থিত্ব দিয়াৰ বাবে অগপৰ ৰাজ্যিক নেতৃত্বক সজোৰে দাবী উত্থাপন কৰে। অনুষ্ঠানৰ আদিতে শ্ৰদ্ধাঞ্জলি তৰ্পন কৰে আঞ্চলিক সভাপতি খগেন কলিতা, দীপক কুমাৰ শৰ্মা, চন্দ্ৰ ডেকা, উপেন্দ্ৰ নাথ শৰ্মাই। বন্তি প্ৰজ্বলন কৰে নলবাৰী সমষ্টিৰ সভাপতি সনাতন ৰাজবংশী, বৰক্ষেত্ৰী সমষ্টিৰ সভাপতি খগেন্দ্ৰ নাথ মেধি, টিহু সমষ্টিৰ সভাপতি অমিয় দাসে। বিয়লি বঁটা প্ৰদান অনুষ্ঠানত প্ৰসিদ্ধ শিল্পী মহেন্দ্ৰ হাজৰিকা, যুৱ পৰিষদৰ ৰাজ্যিক সভাপতি জিতু বৰগোহাঁই, কাৰ্যকৰী সভাপতি হৃষিকেশ শৰ্মা, অগপৰ ৰাজ্যিক সাংগঠনিক সম্পাদক গুণমনি ভূঞা, জিলা সভাপতি শশীন্দ্ৰ শৰ্মা, অগপৰ জিলা সম্পাদক কেশৱ ডেকা, কনকেশ্বৰ দাস, অগপৰ নেতা মনোজ কুমাৰ শৰ্মা,ব্ৰজেন শৰ্মা, পংকজ লোচন শৰ্মা, জাহিৰুল আলম, নৃপেন্দ্ৰ নাথ শৰ্মা প্ৰমুখ্য কেইবাশ কৰ্মী উপস্থিত থাকে। অনুষ্ঠানত ভাষনত জিলা সম্পাদক কেশৱ ডেকাই কয় যে নলবাৰীত অগপ আজিও শক্তিশালী। মাথোঁ কিছুসংখ্যকে আচঁনিৰ বাবে ওলাই অহা নাই। পোৱা নোপোৱাৰ হিচাপ বাদ দি অগপক শক্তিশালী কৰিব লাগিব একমাত্ৰ আঞ্চলিকতাবাদক আগুৱাই নিয়াৰ স্বাৰ্থত আৰু অসমৰ উন্নয়ন বিকাশৰ বাবেই বুলি দোহাৰে। যুৱ পৰিষদৰ ৰাজ্যিক সভাপতি জিতু বৰগোহাঁই ভাষনত কয় যে আমি সকলোৱে ঐক্যবদ্ধভাৱে সংগঠনত লাগি যুৱ প্ৰজন্মক আঞ্চলিকতাবাদৰ প্ৰতি স্হানীয় নেতৃত্বই আকৰ্ষিত কৰিব লাগিব। উল্লেখ্য যে অনুষ্ঠানত দেশপ্ৰাণ নগেন শৰ্মা স্মাৰক যুৱ বঁটা নলবাৰীৰ ৰাজু ৰাজবংশীক, যুৱ কৰ্মী বঁটা টিহুৰ ইলোৰা ডেকা, নলবাৰীৰ মইনুল হক আৰু নৃপেন নমঃশূদ্ৰক প্ৰদান কৰা হয়। বঁটা সমূহ প্ৰদান কৰি বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী তথা বিশিষ্ট শিক্ষাবিদ, সমাজহিতৈষী ডঃ বীৰেণ কুমাৰ চক্ৰৱৰ্ত্তী যুৱ পৰিষদৰ নলবাৰী জিলা সমিতিৰ নগেন শৰ্মাৰ দৰে এগৰাকী ৰাজৈনতিক নেতাৰ নাম বঁটা প্ৰদান কৰা কাৰ্যক উচ্চ প্ৰশংসা কৰে। তেওঁ প্ৰসংগক্ৰমে কয় যে বৰপেটা সমষ্টিত অগপৰ জয় নিশ্চিত। দলৰ নেতৃত্বই প্ৰাৰ্থী যাকে দিয়ে সকলোৱে তেওঁৰ হৈ প্ৰচাৰ চলাই ভোট দিব লাগিব। কিন্তু নলবাৰীৰ তৃণমূল কৰ্মীৰ পৰাই সজোৰে দাবী উঠিছে মোক প্ৰাৰ্থীত্ব দিয়াৰ বাবে। প্ৰাৰ্থীত্ব প্ৰদান কৰিলে সকলোৰে সহযোগ কামনা কৰে।
প্ৰেৰক প্ৰাঞ্জল শৰ্মা
You might also like