ডিজিটেল ডেস্ক, মহুৰামুখ, ১১ মে’ : এফালে এগৰাকী চতুর্থ শ্রেণীৰ ছাত্রীৰ অদম্য বিশ্বাস আৰু আনফালে ৰাজ্যৰ মুখ্যমন্ত্রীৰ আকাশলংঘী আত্মবিশ্বাস৷ এই দুয়োৰে সংযোগত সৃষ্টি হ’ল এক বিৰল ঐতিহাসিক ক্ষণৰ৷ কমাৰগাঁৱৰ কণমানি তানিষ্ঠা দুৱৰাৰ সপোন অৱশেষত বাস্তৱ হ’বলৈ গৈছে৷ নির্বাচনৰ দিন ঘোষণা হোৱাৰ পূর্বেই মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই দিয়া কথা ৰাখি তানিষ্ঠাক ১২ মে’ত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া শপতগ্রহণ অনুষ্ঠানলৈ আনুষ্ঠানিকভাৱে আমন্ত্রণ জনাইছে৷
উল্লেখ্য যে ৩ মার্চত কমাৰগাঁৱত অনুষ্ঠিত এখন সভাত অংশ ল’বলৈ অহা মুখ্যমন্ত্রীক সাক্ষাৎ কৰিছিল স্থানীয় জ্যেষ্ঠ সাংবাদিক ৰিণ্টু দুৱৰা আৰু শিক্ষয়িত্রী ৰেখা দত্ত দুৱৰাৰ একমাত্র কন্যা তানিষ্ঠাই৷ ছাত্রীগৰাকীয়ে নিজ হাতে অংকন কৰা মুখ্যমন্ত্রীৰ এখন সুন্দৰ ছবিৰ লগতে এখন আৱেগিক চিঠি উপহাৰ দিছিল৷ চিঠিখনত তানিষ্ঠাই এটা বিশেষ ইচ্ছা প্রকাশ কৰিছিল– ‘আপুনি দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্রীৰূপে শপত লোৱাৰ দিনা আপোনাৰ শপতগ্রহণ অনুষ্ঠানটোত মই উপস্থিত থাকি চাব বিচাৰোঁ৷’
তানিষ্ঠাৰ ছবি আৰু চিঠিখন দেখি উৎফুল্লিত হৈ পৰা মুখ্যমন্ত্রীয়ে লগে লগে কাষত থকা কৃষিমন্ত্রী তথা স্থানীয় বিধায়ক অতুল বৰাক তানিষ্ঠাক শপতগ্রহণ অনুষ্ঠানলৈ নিয়াৰ দায়িত্ব অর্পণ কৰিছিল৷ তেওঁ স্পষ্টকৈ কৈছিল যে যদি তেওঁ পুনৰ মুখ্যমন্ত্রী হয়, তেন্তে তানিষ্ঠাক শপতগ্রহণ অনুষ্ঠানলৈ নিয়াৰ যাৱতীয় ব্যৱস্থা যেন মন্ত্রী অতুল বৰাই কৰে৷ নির্বাচনৰ ফলাফল ঘোষণাৰ পূর্বেই নিজৰ জয়ক লৈ ইমান আত্মবিশ্বাসী মুখ্যমন্ত্রীয়ে তানিষ্ঠাক সেইদিনাই মানসিকভাৱে নিমন্ত্রণ দি থৈ গৈছিল৷
শেহতীয়া খবৰ অনুসৰি, ১২ মে’ত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া ৰাজ্য চৰকাৰৰ শপতগ্রহণ অনুষ্ঠানলৈ প্রথমগৰাকী নিমন্ত্রিত অতিথি হিচাপে বিবেচিত হৈছে কমাৰগাঁৱৰ এই কণমানিজনী৷ এই খবৰ লাভ কৰাৰ পিছতেই তানিষ্ঠাৰ লগতে তেওঁৰ পিতৃ–মাতৃ আৰু সমগ্র কমাৰগাঁও অঞ্চলত আনন্দৰ লহৰ উঠিছে৷ সাধাৰণতে তেনে হাইপ্রফাইল অনুষ্ঠানত ভিভিআইপিৰ ভিৰ থাকে, কিন্তু এগৰাকী কণমানি শিক্ষার্থীক প্রথমগৰাকী অতিথি হিচাপে নিমন্ত্রণ জনাই ড০ হিমন্ত বিশ্ব শর্মাই প্রমাণ কৰিলে যে তেওঁ কেৱল এজন প্রশাসকেই নহয়, তেওঁ শিশুৰ মনৰ খবৰ ৰখা এগৰাকী সংবেদনশীল জননেতাও৷ তানিষ্ঠাৰ বাবে এয়া এক অবিস্মৰণীয় মুহূর্ত হিচাপে ৰৈ যাব৷