নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজধানী দিল্লীত পুনৰ উত্তৰ-পূৰ্বাঞ্চলৰ যুৱতীক নিৰ্যাতনৰ অভিযোগ

ৰাজধানী নতুন দিল্লীত পুনৰ উত্তৰ-পূৰ্বাঞ্চলৰ যুৱতীক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে। দেওবাৰে পুৱা সংঘটিত এই ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

অভিযোগ অনুসৰি, এগৰাকী অসমৰ আৰু আনগৰাকী ডিমাপুৰ (নাগালেণ্ড)ৰ যুৱতীক এদল যুৱকে অশ্লীল ইংগিত দিয়াৰ লগতে শাৰীৰিকভাৱে আক্ৰমণ কৰে। লগতে ৰাজপথতে যুৱতীদ্বয়ৰ কাপোৰ ফালি প্ৰহাৰ কৰাৰ অভিযোগো উত্থাপিত হৈছে।

নেহৰু প্লেচ অঞ্চলত সংঘটিত এই ঘটনাৰ পিছত ভুক্তভোগী যুৱতীদ্বয়ে দিল্লী আৰক্ষীৰ বিৰুদ্ধে সময়মতে ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে।

ডিজিটেল ডেস্ক, ১১ মে’

You might also like