নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রথম আইভিএফযোগে কন্যা সন্তান প্রসৱ

🔹 নিঃসন্তান পৰিয়াললৈ জিএমচিএইচে আনিছে আশাৰ বতৰা

বিশেষ বাৰ্তা, ২৯ মার্চ : গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (জিএমচিএইচ)–এ দীর্ঘ সময়ৰ অন্তত লাভ কৰিছে বৃহৎ সাফল্য৷ ২০২২ চনতে আৰম্ভ কৰা আইভিএফ পদ্ধতিৰ জৰিয়তে অৱশেষত প্রথমবাৰৰ বাবে জিএমচিত জন্ম হ’ল এটি শিশুৰ৷ উল্লেখ্য যে আইভিএফৰ জৰিয়তে সন্তান জন্ম দিয়া প্রক্রিয়া ৰাজ্যৰ কেইবাখনো ব্যক্তিগত চিকিৎসালয়ত উপলব্ধ৷ কিন্তু এনে প্রক্রিয়াৰ জৰিয়তে সন্তান জন্ম দিয়াটো ব্যয়বহুল হিচাপে পৰিচিত হৈ আহিছে৷ যাৰ বাবে বহু পৰিয়ালে আইভিএফৰ জৰিয়তে সন্তান জন্ম দিয়াৰ ইচ্ছা থকাৰ পিছতো পিছ হুঁহকি আহিবলৈ বাধ্য হয়৷ কিন্তু ২০২২ চনত জিএমচিএইচত স্থাপন হোৱা প্রথমটো উত্তৰ–পূবৰ চৰকাৰী আইভিএফ চেণ্টাৰৰ জৰিয়তে এটি সন্তান জন্ম দিয়াৰ সাফল্যই স্বাভাৱিকতে চিকিৎসা মহাবিদ্যালয় হাস্পতালখনৰ বাবে এটা আশাৰ বতৰা কঢ়িয়াই আনিছে৷ এই সন্দর্ভত জিএমচিএইচৰ অধ্যক্ষ ডাঃ অচ্যুত বৈশ্যই প্রকাশ কৰা মতে, ২০২২ চনৰ পৰা আইভিএফ আৰম্ভ কৰাৰ পিছত ২৭ মার্চত প্রথমটো সাফল্য লাভ কৰে চৰকাৰী চিকিৎসালয়খনে৷ আইভিএফৰ জৰিয়তে এগৰাকী প্রসূতিয়ে ২.৬ কেজি ওজনৰ এটি কন্যা সন্তান জন্ম দিবলৈ সক্ষম হৈছে৷ বর্তমান যথেষ্ট সুস্থ হৈ থকা কন্যা সন্তানটিক লৈ পৰিয়ালটো যথেষ্ট সুখী৷ এই পদ্ধতিৰে যোৱা সময়ছোৱাত কেইবাটাও পৰিয়ালে সন্তান জন্ম দিয়াৰ বাবে আগবাঢ়ি আহিছে৷ বর্তমানলৈ পাঁচগৰাকী মহিলাৰ আইভিএফ প্রক্রিয়া চলি আছে৷ ব্যক্তিগত চিকিৎসালয়ত এই পদ্ধতিৰে সন্তান জন্ম দিলে ৫–৬ লাখ টকা ব্যয় হয়৷ ইয়াৰ বিপৰীতে জিএমচিএইচত ৭০ হাজাৰ টকাতে আইভিএফ পদ্ধতিৰে সন্তান জন্ম দিবলৈ সক্ষম হৈছে পৰিয়ালটোৱে৷ ডাঃ বৈশ্যই ইয়াকো প্রকাশ কৰে যে প্রতিটো সপ্তাহৰ সোম, বুধ আৰু শুকুৰবাৰে আইভিএফৰ বহিঃবিভাগ মুকলি হয়৷ গতিকে কোনো ইচ্ছুক পৰিয়ালে এই দিনকেইটাত আইভিএফৰ বাবে চিকিৎসালয়খনলৈ আহিব পাৰিব৷ মন কৰিবলগীয়া যে ৰাজ্যৰ লগতে দেশৰ বিভিন্ন চিকিৎসালয়ত ইতিমধ্যে আইভিএফৰ জৰিয়তে সন্তান জন্ম দিয়াৰ ব্যয়বহুল প্রক্রিয়া দীর্ঘ সময়ৰ পৰা চলি আহিছে৷ ৰাজ্যখনৰ বহু পৰিয়ালে বহিঃৰাজ্যলৈ গৈ আইভিএফৰ জৰিয়তে সন্তান জন্ম দি সাফল্য লাভ কৰিছে যদিও ইয়াৰ বিপৰীতে ব্যয় কৰিবলগীয়া হৈছে বহু ধন৷ জিএমচিএইচত প্রথমবাৰৰ বাবে লাভ কৰা এই সাফল্যই বহু পৰিয়ালৰ মাজলৈ কঢ়িয়াই আনিছে আশাৰ বতৰা৷

You might also like