নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনা মহাবদ্যালয়ত আন্তঃমহাবিদ্যালয় গ্ৰন্থ সমালোচনা প্ৰতিযোগিতা সম্পন্ন

নিয়মীয়া বাৰ্তা,  ২৯ মাৰ্চ : ঢকুৱাখনা মহাবিদ্যালয়ৰ অসমীয়া বিভাগ, আভ্যন্তৰীণ মান নিৰূপণ কোষ, কেন্দ্ৰীয় পুথিভঁৰাল আৰু সাহিত্য-চাৰুকলা ক্লাবৰ উদ্যোগত আয়োজিত ‘প্ৰথম বনলতা গ্ৰন্থমেলা’ উপলক্ষে বৃহস্পতিবাৰে মহাবিদ্যালয়ত এখনি আন্তঃমহাবিদ্যালয় গ্ৰন্থ সমালোচনা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। প্ৰতিযোগিতাখনিত হাৰ্হি মহাবিদ্যালয় আৰু নৰ্থ বেংক মহাবিদ্যালয়ৰ লগতে ঢকুৱাখনা মহাবিদ্যালয়ৰ সৰ্বমুঠ ২৫গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড০ অমল চন্দ্ৰ দত্তই বন্তি প্ৰজ্বলনেৰে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা প্ৰতিযগিতাৰ আৰম্ভণী অনুষ্ঠানত মহাবিদ্যালয়ৰ শিক্ষাৰ্থী কাজুশ্ৰী বেজে সৃষ্টিশীল নৃত্য, কৰিস্মা শৰ্মা আৰু ৰিকি সূতে আধুনিক গীত পৰিৱেশন কৰে। প্ৰতিযোগিতা আহ্বায়ক সমিতিৰ হৈ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক মনোৰঞ্জন বৰদলৈ আৰু বুৰঞ্জী বিভাগৰ সহকাৰী অধ্যাপক পাপৰি মালা ভূঞাই পৰিচালনা কৰা প্ৰতিযোগিতাখনিত বিচাৰক হিচাপে উপস্থিত থাকে মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা ড০ বিভাৰাণী দাস আৰু ঢকুৱাখনা মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ ছাত্ৰ ৰাজা গোহাঁয়ে। প্ৰতিযোগিতাখনিত নৰ্থ বেংক মহাবিদ্যালয়ৰ ছাত্ৰী জ্ঞানশ্ৰী দেৱীৱে চন্দনা গোস্বামীৰ ‘পাটকাইৰ ইপাৰে মোৰ দেশ’ গ্ৰন্থ সমালোচনাৰ বাবে শ্ৰেষ্ঠ সমলোচকৰ বঁটা লাভ কৰাৰ লগতে ঢকুৱাখনা মহাবিদ্যালয়ৰ ছাত্ৰ পংকজ চক্ৰৱৰ্তীৱে গীতালি বৰাৰ ‘বাসনাহীনা’ গ্ৰন্থ সমালোচনাৰ বাবে দ্বিতীয় আৰু কাঞ্চন বৰুৱাৰ ‘অসীমত যাৰ হেৰাল সীমা’ গ্ৰন্থ সমালোচনাৰ বাবে ঢকুৱাখনা মহাবিদ্যালয়ৰ ছাত্ৰী মিতালী বৰঠাকুৰে তৃতীয় শ্ৰেষ্ঠ সমালোচকৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়।ঢকুৱাখনা মহাবিদ্যালয়ৰ গৰিষ্ঠসংখ্যক অধ্যাপক-অধ্যাপিকা উপস্থিত থকা অনুষ্ঠানত প্ৰতিযোগিতাত স্থান লাভ কৰা প্ৰতিগৰাকী প্ৰতিযোগীকে একোখনকৈ প্রশংসা পত্ৰৰ লগতে উপহাৰ টোপোলা প্ৰদান কৰা হয়। আনহাতে, প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী প্ৰতিযোগীকে একোখনকৈ প্রশংসা পত্ৰ প্ৰদান কৰা হয়।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like