নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টিপলাইৰ নায়টাৰা-চৌটাৰা বিলত মাছ মাৰিবলৈ সাজু মাছমৰীয়া

নিয়মীয়া বাৰ্তা, ৮ মে’ : মাছ খাই ভাল নপোৱা লোক হয়তো কমেই ওলাব। তাতে মাছটো যদি সতেজ আৰু ঠলুৱা বিলৰ মাছ হ’য়। “পঁইতাভাতেৰে গৰৈ মাছ পুৰা পিটিকাৰ সোৱাদ”  মাছ খাই ভালপোৱাসকলৰ বাবে একক আৰু অনন্য। থলুৱা মাছৰ বাবে গোৱালপাৰা জিলাৰ ঐতিহাসিক টিপলাইৰ নায়টাৰা চৌটাৰা বিলৰ নাম হয়টো জিলাখনৰ লগতে চুবুৰীয়াৰ কামৰূপ জিলাৰ লগতে মেঘালয়ৰ গাৰো পাহাৰৰ নামনি অংশৰ বহু লোকৰ বাবে অতি চিনাকী নাম। নায়টাৰা চৌটাৰা বিলত উপলব্ধ বহু প্ৰজাতিৰ ঠলুৱা মাছ জিলাখনৰ বিভিন্ন প্ৰান্তৰ বজাৰৰ লগতে, কামৰূপ জিলা আৰু চুবুৰীয়া মেঘালয়ৰ গাৰোপাহাৰৰ বহু বজাৰত বিক্ৰীৰ বাবে নিয়াত এই বিলৰ মাছৰ সোৱাদ প্ৰায় সংখ্যক লোকৰ বাবে পৰিচিত। ৯০ দশকৰ আগলৈ টিপলাইৰ নায়টাৰা চৌটাৰা বিলৰ মাছৰে বজাৰ দখল কৰিছিল যদিও সম্প্ৰতি বিভিন্ন কাৰণত এই বিলখনত মাছৰ উৎপাদন কমি যোৱা দেখা গৈছে। প্ৰায় ৫০০ বিঘাৰ মাটিকালিৰে আৱৰি থকা তথা জিলাখনৰ ভিতৰতে উল্লেখযোগ্য নায়টাৰা চৌটাৰা বিলৰ মাছক কেন্দ্ৰ কৰি প্ৰায় দুই সহস্ৰাধিক পৰিয়াল পোহপাল যোৱাৰ লগতে বহুকেইখন বজাৰ গঢ়ি উঠিছে। অঞ্চলটোৰ বহু সংখ্যক পৰিয়ালৰ মূল উপাৰ্জনৰ পথ একমাত্ৰ মাছমৰা বৃত্তিয়ে আছিল। সেয়েহে বহাগত বৰষুণ পৰাৰ পিছতে মাছৰ উজান মাৰিবলৈ মৎস্য জীৱি সকলে মাছ ধৰাৰ বাবে নাওঁৰ লগতে মাছধৰা বিভিন্ন প্ৰকাৰৰ জালৰ লগতে সজুলি সাজু কৰি তুলিছে। বিলখনত উপলব্ধ ৰৌ, ভকুৱা, চিতল,বৰালি, কাৱৈ, শাল, শোল, কাণ্দুলি, গৰৈ, পুঠি, খলিহনা, শিঙি, মাগুৰ, শিঙৰা, তুৰি, বতিয়া, চান্দাকে আদিকৰি বিভিন্ন প্ৰজাতিৰ ঠলুৱা মাছ প্ৰৰ্যাপ্ত পৰিমাণে আছিল যদিও সময়ৰ লগে লগে বিভিন্ন কাৰণত মাছৰ পৰিমাণ হ্ৰাস পোৱা বুলি একাংশ মৎস্যজীৱীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে। একাংশ লোকে জনোৱা মতে বিলখনৰ বহু মাটি অবৈধভাৱে বেদখল কৰাৰ বাবে জলাশয়ৰ পৰিমাণ বহু কমি গৈছে। আনপিনে বিলখনৰ পাদদেশত থকা চিতলমাৰী বনগাঁও গনেশ পাহাৰত বহুদিনৰে পৰা অবৈধভাৱে চলি থকা শিল কুৱঁৰী সমুহৰ বালি, ৰঙামাটি বৰষুণ পৰাৰ পিছত উটি আহি বিলখনৰ ভূ-পৃষ্ঠ উফন্দি অহাত বিলখনত খৰালিৰ সময়ত পানীৰ পৰিমাণ কমি যোৱাৰ বাবে মাছৰ পৰিমাণ হ্ৰাস পাইছে। আনপিনে একাংশ লোকে মীন আইন উলংঘা কৰি অবৈধভাৱে মাছ মৰাৰ বাবেও মাছৰ সংখ্যা হ্ৰাস পাইছে। জিলাখনৰ ভিতৰতে উল্লেখযোগ্য বিল হিচাপে তথা প্ৰকৃতিক সম্পদেৰে চহকী বছৰৰ বিভিন্ন ঋতুত বিভিন্ন পৰিভ্ৰমী চৰাইৰ আগমন ঘটা বিলখনক সময় থাকোতেই ৰক্ষনা বেক্ষণৰ ব্যৱস্থা নকৰিলে অতি কমদিনৰ ভিতৰতে ঐতিহাসিক বিলখন কালৰ গতিত নিশ্চিহ্ন হ’ব বুলি সচেতন মহলে মত পোষণ কৰিছে।

প্ৰেৰক জ্যোতিষ নাথ

You might also like