নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অপহৃত স্বামীক অপেক্ষাৰে ২৪ বছৰৰ মূৰত বৈধব্যৰ সাজ পৰিধান ৰূপজ্যোতিৰ

বিশেষ বাৰ্তা, ৮ মে’ : এগৰাকী বিবাহিত মহিলাই সুদীৰ্ঘ ২৪ বছৰৰ মুৰত সামাজিক ৰীতি নীতিৰে বৈধব্য জীৱনক আকোৱালি লোৱা কাৰ্য এতিয়া সকলোৰে চৰ্চাৰ বিষয় হৈ পৰিছে। এই মহিলা গৰাকী হৈছে নগাঁও জিলাৰ ৰাইদঙীয়াৰ ৰূপজ্যোতি বৰা। প্ৰায় ২৪ বছৰ ধৰি স্বামী পোনা বৰালৈ অপেক্ষা কৰি স্বামীৰ কোনো সন্ধান উলিয়াব পৰা নাছিল। অৱশেষত আজি ধৰ্মীয় ৰীতি -নীতিৰ মাজেৰে নিজৰ শিৰৰ সেন্দুৰ মচি বৈধব্য জীৱনকে আকোৱালি ললে ৰূপজ্যোতি বৰাই। এই কাৰ্যই সকলোকে আবেগিক কৰি তোলে। স্বাধীন অসমৰ সপোন লৈ আলফাই কৰা সংগ্ৰামৰ ফলশ্ৰুতিয়ে এটা পৰিয়াললৈ কঢ়িয়াই অনা অবাঞ্চিত পৰিস্থিতিয়ে সৃষ্টি কৰা এক নিদাৰুণ তথা কৰুণ কাহিনী এয়া। নগাঁৱৰ ৰাইদঙীয়া কহুৱাতলি গাঁৱৰ পোনা বৰা নামৰ ৮১আৰ /বিএনৰ কমাণ্ডেণ্ট গৰাকীয়ে চৰকাৰী চাকৰি ত্যাগ কৰি আলফাত যোগদান কৰিছিল। ১৯৯৩ চনত আলফাৰ অন্যতম শীৰ্ষ নেতা প্ৰশান্ত ফুকনৰ লগত হোৱা কথা -বতৰাৰ পিছত পোনা বৰাই আলফাৰ প্ৰতি আকৰ্ষিত হৈ সংগঠনটোত যোগদান কৰিছিল। পৰৱৰ্তী সময়ত পোনা বৰা আৰক্ষীৰ জালত পৰে আৰু ডেৰ বছৰ কাৰাগাৰত থাকিবলগীয়া হয়।কাৰাগাৰৰ পৰা ওলাই অহাৰ পিছত পুনৰ তেওঁ আলফাত যোগদান কৰে। আলফাত পুনৰ যোগদান কৰা পোনা বৰাই ঘৰত থাকিয়েই আলফাৰ কাম কাজ চলাই থকাৰ ওপৰিও মাজে সময়ে গুলি -বাৰুদৰ প্ৰশিক্ষণ দিবলৈ আলফাৰ শিবিৰলৈ গৈছিল।তাৰ মাজতে পোনা বৰা বিবাহ পাশত আবদ্ধ হয়। কিন্তু ২০০০ চনত আলফাই পোনা বৰাক ঘৰৰ পৰা উঠাই লৈ যায় আৰু তেতিয়াৰ পৰাই তেওঁ সন্ধানহীন হৈ আছে। পোনা বৰাক আলফাই উঠাই লৈ যোৱাৰ সময়ত বৰাৰ পত্নী ৰূপজ্যোতি বৰাৰ কোলাত আছিল ১১ মহীয়া কন্যা সন্তান। লাহে লাহে পোনা বৰাৰ সন্তান শিখা বৰা ডাঙৰ হোৱাত মাতৃ ৰূপজ্যোতি বৰাই আলোচনাপন্থী নেতা অনুপ তেতিয়াৰ লগত যোগাযোগ কৰে আৰু চেতিয়াই পোনা বৰাৰ সন্ধান দিয়াৰ আশ্বাস দিছিল বুলি জানিব পৰা গৈছে। কিন্তু আজি পৰ্যন্ত আলফা কিম্বা চৰকাৰে পোনা বৰাৰ সন্ধান দিব নোৱাৰিলে পত্নী আৰু কন্যাক। বিগত ২৪বছৰ আগতে আলফাই ঘৰৰপৰা লৈ যোৱা পোনা বৰা ঘৰলৈ উভতি আহিব বুলি বাট চাই চাই আকুল হৈ পৰিছিল পত্নী । স্বামী সুদীৰ্ঘ ২৪ বছৰৰ পিছতো ঘুৰি নহাত উপায়ন্তৰ হৈ আজি ৰূপজ্যোতি বৰাই সামাজিক ৰীতি -নীতিৰ মাজেৰে বগা সাজ পৰিধান কৰি স্বামীৰ বিয়োগ হোৱা বুলি অদৃশ্যক সাক্ষী কৰি শিৰৰ সেন্দুৰ মচি বৈধব্যক আকোৱালি লয়। ইপিনে পোনা বৰাৰ কন্যা শিখা বৰাই কান্দি কান্দি সাংবাদিকৰ আগত কয় যে মই দেউতাক দেখা নাপালো। মাৰ মূখতহে দেউতাৰ নাম শুনিছোঁ। নিজৰ স্বাৰ্থত চৰকাৰৰ লগত আলোচনা কৰি নিজৰ লৰা -ছোৱালীক ভাল শিক্ষা দিছে ,সুখৰ জীৱন কটাইছে আলোচনা পন্থী আলফাই। কিন্তু আমি কেনেকৈ জীয়াই আছো সেয়া সেয়া তেওঁলোকে এবাৰো চিন্তা কৰা নাই বুলি পোনা বৰাৰ কন্যা শিখা বৰাই সংবাদ মাধ্যমৰ আগত মনৰ ক্ষোভ প্ৰকাশ কৰে। এগৰাকী মহিলাই এনেদৰে বৈধব্যক আকোৱালি লোৱা কাৰ্য অতি মৰ্মান্তিক।

প্ৰেৰক কনক হাজৰিকা

You might also like