নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘বাঘজান’–‘বুম্বা ৰাইড’ক উপেক্ষাঃ ৰাজকোষৰ ধন ভাঙি ‘কাঁ’লৈ যাব দুই বিষয়াসহ সীমান্ত শেখৰ–পাপন

নিয়মীয়া বাৰ্তা, ১৬ মে’: ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালাৰ ‘জয়মতী’ৰে যাত্রা আৰম্ভ হোৱা অসমীয়া ছবি উদ্যোগৰ প্রতি ৰজাঘৰৰ পৃষ্ঠপোষকতা এক বহুল চর্চিত বিষয়৷ ইয়াৰ মাজতে সন্মানীয় কাঁ চলচ্চিত্র মহোৎসৱৰ ৭৫সংখ্যক সংস্কৰণৰ ‘ইণ্ডিয়া পেভিলিয়ন’ত প্রদর্শনৰ বাবে অসমীয়া পৰিচালকৰ দুখন ছবি নির্বাচিত হোৱাৰ পাছতে উদ্যোগটোলৈ ৰজাঘৰৰ পৃষ্ঠপোষকতাৰ বাস্তৱ স্বৰূপটো প্রকট হৈ পৰিছে৷ অহা ১৭ৰ পৰা ২৮ মে’লৈ ফ্রান্সৰ কাঁত অনুষ্ঠিত হ’ব ৭৫সংখ্যক কাঁ চলচ্চিত্র মহোৎসৱ৷ এইবাৰৰ কাঁ চলচ্চিত্র মহোৎসৱত ভাৰতক ‘অফিচিয়েল কাউণ্ট্ৰী অৱ অনাৰ’ সন্মান দিয়া হৈছে৷

ইতিমধ্যে কেন্দ্রীয় তথ্য আৰু সম্প্রচাৰ মন্ত্রালয়ে কেইবাখনো ভৰতীয় ভাষাৰ ছবিক ইণ্ডিয়ান পেভিলিয়নত প্রদর্শনৰ বাবে নির্বাচিত কৰিছে৷ তাৰ অন্যতম হ’ল– যুৱ পৰিচালক জয়চেং জয় দহোটীয়াৰ অসমীয়া– মৰাণ ভাষাৰ ‘বাঘজান’ আৰু বিশ্বজিৎ বৰাৰ মিচিং ভাষাৰ ‘বুম্বা ৰাইড’৷ দুয়োখন ছবি নির্বাচিত হোৱাৰ খবৰে স্বাভাৱিকতে আনন্দিত কৰি তুলিছিল ৰাজ্যবাসীক৷ কিন্তু কাঁ চলচ্চিত্র মহোৎসৱলৈ যোৱাৰ ক্ষেত্রত ৰাজ্য চৰকাৰ তথা সাংস্কৃতিক পৰিক্রমা বিভাগৰ পৰা কার্যতঃ নিৰাশ হ’বলগীয়া হৈছে ছবি দুখনৰ পৰিচালকদ্বয়৷ ‘গোজ টু কাঁ’ শাখাত নির্বাচিত ‘বাঘজান’ৰ পৰিচালক জয়চেং জয় দহোটীয়াক আন্তঃৰাষ্ট্রীয় চলচ্চিত্র নিৱেশক, পৰিৱেশক, মহোৎসৱৰ প্রতিনিধি আদিৰ সন্মুখত পোনপটীয়াকৈ বার্তা ৰখাৰ সুযোগ প্রদান কৰা হৈছিল৷ যাৰ প্রতি লক্ষ্য ৰাখি ইতিপূর্বে তেওঁ ফ্রান্সলৈ ভ্রমণ ব্যয় বহন কৰাৰ বাবে আহ্বান জনাইছিল ৰাজ্য চৰকাৰক৷ কিন্তু বাস্তৱত সেয়া নহ’ল৷ জয়চেং জয় দহোটীয়া আৰু বিশ্বজিৎ বৰাৰ ভ্রমণ ব্যয় বহন কৰিবলৈ সমর্থ নোহোৱা সাংস্কৃতিক পৰিক্রমা বিভাগে দুই শীর্ষ বিষয়াসহ অসম চলচ্চিত্র বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ সীমান্ত শেখৰ আৰু কণ্ঠশিল্পী অংগৰাগ মহন্ত (পাপন)ক ৰাজকোষৰ ধন ভাঙি ফ্রান্সলৈ প্রেৰণ কৰিবলৈ ওলাইছে৷

উদ্দেশ্য অসমীয়া ছবিৰ প্রচাৰ আৰু প্রসাৰ এনে কার্যত একপ্রকাৰ হতবাক হৈ পৰা ‘বাঘজান’ৰ পৰিচালক জয়চেং জয় দহোটীয়াই সামাজিক মাধ্যমত প্রতিক্রিয়া ব্যক্ত কৰিছে এইদৰে– ‘অসম চৰকাৰে এই বছৰ দুজন প্রতিনিধিক অসমীয়া ছবিৰ প্রচাৰ আৰু প্রসাৰ কৰিবৰ কাৰণে কাঁ আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱলৈ প্রেৰণ কৰিবৰ বাবে থিৰাং কৰিছে, নিশ্চয় এয়া সুদূৰপ্রসাৰী চিন্তা৷ কিন্তু প্রশ্ণ হৈছে অসমীয়া চলচ্চিত্রৰ প্রতি তেওঁলোকৰ আন্তৰিকতা আৰু সদিচ্ছাক লৈ৷ পোনপ্রথমবাৰৰ বাবে নিজ চেষ্টা আৰু অশেষ কষ্টৰ ফলত দুখনকৈ অসমীয়া ছবিয়ে কাঁ আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱৰ চলচ্চিত্র বজাৰলৈ নির্বাচিত হৈছে (অর্থৰ বিনিময়ত নহয়)৷ এই মুহূর্তত ছবি দুখনৰ প্রতিনিধি তাত উপস্থিত থকাটো অতিশয় প্রয়োজনীয় আছিল৷ যাতে ছবি দুখনত উপস্থাপিত হোৱা অসমীয়া সমাজ জীৱনক তেওঁলোকে ব্যাখ্যা কৰিব পাৰে৷ তদুপৰি মোৰ বাঘজান ছবিখনক আন্তঃৰাষ্ট্রীয় চলচ্চিত্র নিৱেশক, পৰিৱেশক, মহোৎসৰ প্রতিনিধি আদিৰ সন্মুখত পোনপটীয়াকৈ বার্তা ৰাখিবৰ বাবে এক সুযোগ প্রদান কৰিছিল, যাতে আজি দুটা বছৰে অতি কষ্টৰে তিলতিলকৈ নির্মাণ কৰা ছবিখনক সম্পূর্ণ কৰিবলৈ এটা সুযোগ পাওঁ৷ কিন্তু সেই সময়ত উপস্থিত থকাৰ অদম্য হেঁপাহক আমাৰ দৰে ছবি নির্মাতাই দমন কৰিবলৈ বাধ্য হৈছে একমাত্র ইউৰোপৰ দৰে দেশত গৈ সেই ব্যয় বহন কৰিবলৈ অপাৰগৰ বাবে৷ কিন্তু হঠাৎ যেতিয়া গম পালোঁ অসম চৰকাৰে দুজন ব্যক্তিক এইবাৰ কাঁ চলচ্চিত্র মহোৎসৱলৈ পঠিয়াবলৈ উঠিপৰি লাগিছে আমাৰ বাবে, অসমীয়া চলচ্চিত্রৰ বাবে ইয়াতকৈ দুখৰ কথা আৰু একোৱেই থাকিব নোৱাৰে৷ যি মুহূর্তত এই ছবি দুখনৰ প্রতিনিধিক চৰকাৰে পঠিয়াবলৈ সজোৰে চেষ্টা কৰিব লাগিছিল সেই মুহূর্তত অসম চৰকাৰে আমাক এক সৌজন্যমূলক শুভেচ্ছা জনোৱাটো বাদেই, আমাৰ দৰে নৱপ্রজন্মৰ পৰিচালকৰ কটা ঘাত নিমখ ছটিওৱাৰ দৰে কাম কৰিছে৷’ এয়াই অসমীয়া চিনেমাৰ প্রতি চৰকাৰৰ আচল দৰদ বুলি তেওঁ মন্তব্য কৰে৷

অনুৰূপ প্রতিক্রিয়া ব্যক্ত কৰিছে ‘বুম্বা ৰাইড’ৰ পৰিচালক বিশ্বজিৎ বৰায়ো৷ সম্প্রতি মুম্বাইত থকা তথা ইতিপূর্বে কেইবাটাও আন্তর্জাতিক বঁটা লাভ কৰিবলৈ সক্ষম হোৱা বিশ্বজিৎ বৰাই কয় যে মোৰ পূর্বৰ ছবি ‘বেলকনিত ভগৱান’ৰ বিশিষ্ট স্বীকৃতি লাভ কৰাৰ পাছতো চৰকাৰৰ তৰফৰ পৰা শুভেচ্ছা এটাও নাপালোঁ৷ ‘বুম্বা ৰাইড’ৰ ক্ষেত্রতো তাৰেই পুনৰাবৃত্তি হৈছে৷ সেয়েহে মই এইক্ষেত্রত বেছি আচৰিত হোৱা নাই৷ ‘বুম্বা ৰাইড’ কাঁ চলচ্চিত্র মহোৎসৱৰ নির্বাচিত ছবিৰ মূল তালিকাত নাই যদিও কেন্দ্রীয় চৰকাৰে ছেমিনাৰ অনুষ্ঠিত কৰা, অডিট’ৰিয়াম বুকিং থকা আদিৰ ব্যয় বহন কৰিব৷ কিন্তু অসমৰ চাৰিজনীয়া দলটোৰ অহা–যোৱাৰ খৰচ বহন নকৰে৷ সেয়েহে সদিচ্ছা প্রদর্শন কৰি এইক্ষেত্রত আগবাঢ়ি আহিব পাৰিলেহেঁতেন৷

উল্লেখ্য যে ‘বাঘজান’ আৰু ‘বুম্বা ৰাইড’ ছবি দুখন অহা ২২ মে’ত কাঁৰ অলিম্পিয়া থিয়েটাৰ নামৰ চিত্রগৃহটোত প্রদর্শিত হ’ব৷ ইফালে ৰাজ্য চৰকাৰৰ খৰচেৰে কাঁ চলচ্চিত্র মহোৎসৱলৈ গ’লেও দুই বিষয়াসহ চাৰিজনীয়া দলটোৱে অসমৰ প্রতিনিধি হিচাপে আনুষ্ঠানিকভাৱে চলচ্চিত্র মহোৎসৱখনত অংশ ল’ব নোৱাৰিব বুলি দাবী কৰিছে ‘বুম্বা ৰাইড’ৰ পৰিচালক বিশ্বজিৎ বৰাই৷ এই দলটোত অন্তর্ভুক্ত হোৱা ৰাজ্য চৰকাৰৰ দুই বিষয়া হ’ল– মণিদীপা বৰকাকতি আৰু লয়া মাধুৰী৷

You might also like