নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বুদ্ধ পূৰ্ণিমাৰ বিশেষ ক্ষণত নেপালৰ জনসাধাৰণৰ মাজত থাকিবলৈ পাই সুখীঃ প্ৰধানমন্ত্ৰী মোদী

বিশেষ বাৰ্তা, ১৬ মেঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে গৌতম বুদ্ধৰ জন্মস্থান লুম্বিনীত চমু ভ্ৰমণৰ বাবে নেপালত উপস্থিত হয় আৰু একাধিক ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতা বৃদ্ধিৰ বাবে নেপালৰ প্ৰধানমন্ত্ৰী শ্বেৰ বাহাদুৰ দেউবাৰ সৈতে আলোচনা কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে টুইটাৰত কয় যে, “নেপালত অৱতৰণ কৰিলোঁ। বুদ্ধ পূৰ্ণিমাৰ এনে বিশেষ ক্ষণত নেপালৰ জনসাধাৰণৰ মাজত থাকিবলৈ পাই সুখী। লুম্বিনীত অনুষ্ঠিত হ’বলগীয়া কাৰ্যসূচীলৈ আগ্ৰহেৰে বাদ চাই আছোঁ।” দক্ষিণ নেপালৰ তেৰাই সমভূমিত অৱস্থিত লুম্বিনি বৌদ্ধ ধৰ্মৰ অন্যতম পবিত্ৰ স্থান, কিয়নো তাতেই ভগৱান বুদ্ধৰ জন্ম হৈছিল। উল্লেখনীয় যে, ২০১৪ চনৰ পিছত প্ৰধানমন্ত্ৰীৰ এয়া পঞ্চমটো নেপাল ভ্ৰমণ। উত্তৰ প্ৰদেশৰ কুশীনগৰৰ পৰা ভাৰতীয় বায়ুসেনাৰ এখন বিশেষ হেলিকপ্টাৰেৰে নেপালত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী মোদী। এই ভ্ৰমণৰ সময়ত তেওঁ পবিত্ৰ মায়া দেৱী মন্দিৰ পৰিদৰ্শন কৰি লুম্বিনী ডেভেলপমেণ্ট ট্ৰাষ্টৰ উদ্যোগত আয়োজিত বুদ্ধ জয়ন্তী উদযাপনত ভাষণ প্ৰদান কৰিব।

You might also like