নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰপেটাৰ ভিন্ন প্ৰান্তৰ পৰা উগ্ৰপন্থী সংগঠন অল কায়দাৰে জড়িত ৫ জোহাদী গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ৫ মাৰ্চঃ বাংলাদেশভিত্তিক জেহাদী গোটৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত অসমৰ বৰপেটা জিলাৰ পৰা পাঁচজন বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰা হৈছে। হাউলী, কলগাছিয়াৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে বাংলাদেশী নাগৰিক মহম্মদ সুমন ওৰফে চাইফুল ইছলাম, কলগাছিয়াৰ খাইৰুল ইছলাম, ছুলেইমান খান, মুৰশাদ আলী আৰু হাউলীৰ পৰা তাইমূৰ ৰহমান নামৰ ৫ জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। বাংলাদেশৰ পৰা আহি ঢাকালিপৰা মছজিদত শিক্ষকৰ ৰূপত জেহাদী কাৰ্যকলাপ চলাই আহিছিল মহম্মদ সুমন ওৰফে চাইফুল ইছলামে। বহু আপত্তিজনক সামগ্ৰীৰ লগতে বহু নথি-পত্ৰ উদ্ধাৰ কৰা হৈছে আটাইকেইজনৰ পৰা।

অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই শনিবাৰে এক সংবাদমেল সম্বোধন কৰি কয় যে অসম আৰক্ষীৰ বিশেষ শাখা আৰু বৰপেটা আৰক্ষীৰ যৌথ অভিযানত এই ৫টা জেবাদীক গ্ৰেপ্তাৰ কৰা হৈছে। বাংলাদেশী নাগৰিক মহম্মদ সুমন ওৰফে চাইফুল ইছলামে বৰপেটাক জেহাদী কাৰ্যকলাপৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ আন চাৰিজনক অনুপ্ৰাণিত কৰিছিল।
ডিজিপিয়ে লগতে কয় যে তেওঁলোকৰ পৰা বহু আপত্তিজনক নথিপত্ৰ আৰু বৈদ্যুতিক সঁজুলি উদ্ধাৰ কৰা হৈছে।

You might also like