নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হায়াৰ ছেকেণ্ডাৰীত বিজ্ঞান শাখাত এশ শতাংশ উত্তীৰ্ণৰে উজলিল ধুবুৰীৰ শিশু পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়

নিয়মীয়া বাৰ্তা, ৩০ জুনঃ এইবাৰৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ বিজ্ঞান শাখাত পৰিক্ষাৰ্থীৰ এশ শতাংশ উত্তীৰ্ণতাৰ হাৰেৰে উজলি উঠিছে ধুবুৰীৰ শিশু পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়। বিদ্যালয়খনৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বিজ্ঞান শাখাত অৱতীৰ্ণ হোৱা মুঠ ৬৭ পৰীক্ষাৰ্থীৰ ৬৬গৰাকীয়ে প্ৰথম বিভাগ লাভ কৰাৰ বিপৰীতে দ্বিতীয় বিভাগ পাই উত্তীৰ্ণ হৈছে এগৰাকী পৰীক্ষাৰ্থী। এই বিদ্যালয়খনৰ পৰা বিজ্ঞান শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা সেই ৬৬ গৰাকীৰ ৩৩গৰাকীয়েই লাভ কৰিছে ‘ষ্টাৰ মাৰ্ক’। আনহাতে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা শাখাত এইখন বিদ্যালয়ৰ উত্তীৰ্ণৰ হাৰ হ’ল ৯৯.৪৫ শতাংশ। বিদ্যালয়খনৰ কলা শাখাৰ মুঠ ৬৬ গৰাকী পৰীক্ষাৰ্থীৰ ৩৩ গৰাকীয়ে প্ৰথম বিভাগ, ১৮ গৰাকী দ্বিতীয় বিভাগত আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে ১৩ গৰাকী পৰীক্ষাৰ্থী। বিদ্যালয়খনৰ ক’লা শাখাত প্ৰথম বিভাগ লাভ কৰা ৩৩ গৰাকী পৰীক্ষাৰ্থীৰ ১৬ গৰাকীয়ে পাইছে ষ্টাৰ মাৰ্কচ। উল্লেখ্য্ যে, ১৯৩০ চনতেই স্থাপিত হোৱা ধুবুৰীৰ এই শিশু পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়খনৰ অইবাৰৰ মেট্ৰিকৰ ফলাফল কিন্তু অতি পুতৌজনক। বিদ্যালয়খনৰ পৰা মেট্ৰিকত অৱতীৰ্ণ হোৱা মুঠ ৪৭ গৰাকী পৰীক্ষাৰ্থীৰ মাথো এগৰাকী প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ বিপৰীতে দ্বিতীয় আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে ক্ৰমে ৪ আৰু ৫ গৰাকী পৰীক্ষাৰ্থীয়ে। অৰ্থ্যাৎ বিদ্যালয়খনৰ ৪৭ গৰাকী  পৰীক্ষাৰ্থীৰ ৩৭ গৰাকীয়েই  মেট্ৰিক পৰীক্ষাত অনুত্তীৰ্ণ হৈছে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like