নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড় মোহনবাৰী বিমান বন্দৰৰ পৰা গুৱাহাটী-ডিব্ৰুগড়-গুৱাহাটীৰ মাজত ফ্লাইবিগৰ বিমান সেৱাৰ শুভাৰম্ভ

 

 

নিয়মীয়া বাৰ্তা,১মেঃ আজি ডিব্ৰুগড় মোহনবাৰী বিমান বন্দৰত “নন উড়ান ৰুট” ত আৰম্ভ কৰা গুৱাহাটী-ডিব্ৰুগড়-গুৱাহাটীৰ মাজত ফ্লাইবিগৰ বিমান সেৱাৰ শুভাৰম্ভ কৰা হয়।ফ্লেগ অফ কৰি পৰ্যটনৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাই আহ্লাদিত হোৱা বুলি সদৰী কৰি বিগত কিছুদিন পূৰ্বে অসম পৰ্যটন উন্নয়ন নিগম আৰু ফ্লাইবিগৰ মাজত হোৱা বুজাবুজিৰ চুক্তি অনুসৰি এই সেৱা আৰম্ভ কৰা হৈছে বুলি অৱগত কৰে।অহা ১৫ মে’ৰ পৰা গুৱাহাটী-শিলচৰ-গুৱাহাটীৰ মাজতো ফ্লাইবিগৰ বিমান সেৱা আৰম্ভ হ’ব বুলি জানিবলৈ দি অসম পযটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাই–
এই বিমান সেৱাই ৰাজ্যৰ পৰ্যটন খণ্ডত উল্লেখনীয় প্ৰভাৱ বিস্তাৰ কৰাৰ লগতে উজনি অসমৰ ৰাইজক যথেষ্ট উপকৃত কৰিব বুলি আশা প্ৰকাশ কৰে। আজিৰ এই বিশেষ ক্ষণত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্ব আৰু দূৰদৰ্শী চিন্তাৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি ৰাজ্যৰ পৰ্যটনৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ দিকদৰ্শন আৰু সক্ৰিয় প্ৰচেষ্টাৰ বাবেও তেখেতক আন্তৰিক কৃতজ্ঞতা জনায়।আজিৰ এই অনুষ্ঠানত ডিব্ৰুগড়ৰ উপায়ুক্ত বিশ্বজিৎ পেগু, আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰৰ লগতে বিমানবন্দৰৰ কৰ্মচাৰীবৃন্দ আৰু বিভাগীয় বিষয়া সকল উপস্থিত থাকে।

ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।

You might also like