নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লোক সংস্কৃতিৰ সাধক, ঢোল সম্ৰাট তুলসী ওজা গুৰুতৰভাৱে অসুস্থ

নিয়মীয়া বাৰ্তা টিংখাং ১৪ মেঃ অসমীয়া সংস্কৃতিৰ বৰ ভঁৰাল চহকী কৰি দেশে-বিদেশে অসমৰ মান উজলাই তুলিবলৈ সক্ষম হোৱা লোকবাদ্যৰ সাধক, ঢোল সম্ৰাট তুলসী ওজা গুৰুতৰভাৱে অসুস্থ। জীৱনৰ ১২ বছৰ বয়সতে কান্ধত ঢোল তুলি লৈ জগত জিনি বৰ্তমানলৈকে ১০০ ত কৈয়ো অধিক বঁটা, সম্বৰ্ধনাৰে সৰ্ম্বধিত টিংখাঙৰ ভালোকমৰা নিবাসী তুলসী নেওগ ওজা এতিয়া শয্য়াশায়ী। প্ৰায়ে ৯০ বছৰীয়া ঢোল সম্ৰাটগৰাকী বাৰ্ধক্যজনিত ৰোগত আক্রান্ত হৈ বিছনাতে আছে। বিছনাৰ পৰা উঠিব নোৱাৰা শিল্পীগৰাকীয়ে খোৱা-বোৱাও এৰিছে। বয়োজ্যেষ্ঠ শিল্পীগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটা সন্দৰ্ভত পৰিয়ালৰ লোকে জানিবলৈ দি সাংস্কৃতিক জগতৰ লগত জড়িত শিল্পীসকলৰ কোনোবাই যদি তেখেতক চোৱাৰ ইচ্ছা কৰে তেওঁলোকক আহিবলৈ আহ্বান জনাইছে। শিল্পীসকলে দেখা কৰিবলৈ আহিলেও তেওঁ যথেষ্ট মনোবল লাভ কৰিব বুলি আশা প্ৰকাশ কৰে পৰিয়ালৰ লোকে।
You might also like