নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীনত উইঘুৰক পাশৱিক নির্যাতনৰ নথি ফাদিল

নিয়মীয়া বাৰ্তা, ১৪ মেঃ  চীনত সংখ্যালঘু উইঘুৰ মুছলমানসকলৰ ওপৰত ভয়াৱহ নির্যাতন চলি থকা বুলি দীর্ঘদিন ধৰি অভিযোগ কৰি আহিছে আন্তর্জাতিক মানৱ অধিকাৰ সংস্থাসমূহে৷ বাৰে বাৰে এই অভিযোগ বেইজিং প্রশাসনে অস্বীকাৰ কৰি আহিছে যদিও এইবাৰ পোহৰলৈ আহিছে উইঘুৰৰ ওপৰত চলি থকা চীনৰ নির্যাতনৰ ছবি৷ সংখ্যালঘু নির্যাতন সম্পর্কীয় চীনৰ গুৰুত্বপূর্ণ গোপন নথি ফাদিল হৈছে৷ সেই নথিৰ পৰাই জানিব পৰা গৈছে হাজাৰ হাজাৰ উইঘুৰ মুছলমানৰ ওপৰত পাশৱিক নির্যাতন চলাই আছে চীনে৷ বহু উইঘুৰ লোকক বন্দীগৃহত ৰখা হৈছে দেশখনৰ ঝিনজিয়াং প্রদেশত৷ ৱাশ্বিংটনস্থিত ‘ভিক্টিমছ অৱ কমিউনিজম মেম’ৰিয়েল ফাউণ্ডেচন’ৰ চীনা বিশেষজ্ঞ এড্রিয়ান জেনজে উল্লেখ কৰা অনুসৰি উইঘুৰৰ ওপৰত চলি থকা নির্যাতনৰ ১৩৭ পৃষ্ঠাৰ এক গোপন নথি ফাদিল হৈছে৷ বন্দীগৃহত প্রতিদিনেই হাজাৰ হাজাৰ উইঘুৰ মুছলমান লোক নির্যাতনৰ সন্মুখীন হ’বলগীয়া হৈছে৷ এই নথিত প্রকাশ পোৱা অনুসৰি বন্দীগৃহত উইঘুৰ লোকসকলৰ দৈনন্দিন জীৱন যাপনৰ ওপৰত তীক্ষ্ণ নজৰ ৰখা হয়৷ আনকি নাজীৰ পাশৱিক আতিশয্যৰ দৰে চীনৰ কমিউনিষ্ট চৰকাৰে উইঘুৰ লোকসকলক বন্দী শিবিৰত শাস্তি প্রদান কৰি আহিছে৷ ইফালে বেইজিং প্রশাসনে বন্দী শিবিৰবোৰক শিক্ষা প্রতিষ্ঠান বুলি বিশ্ববাসীৰ সন্মুখত ঘোষণা কৰি আহিছে৷ নথিত প্রকাশ পোৱা অনুসৰি বহু উইঘুৰ বন্দীৰ যকৃত, বৃক্ক আদি অংগ কাঢ়ি নিয়া হৈছে৷ এই বন্দী শিবিৰক লৈয়ে চীনত গঢ়ি উঠিছে মানৱ অংগৰ এখন বজাৰ৷ স্মর্তব্য যে চীনৰ এই বন্দী শিবিৰবোৰত ৰখা হৈছে ২০ লাখ সংখ্যালঘু উইঘুৰ সম্প্রদায়ৰ লোকক৷ ৰাষ্ট্রসংঘত ইয়াৰ পূর্বে চীনৰ এনে নির্যাতনৰ বিৰুদ্ধে সৰৱ হৈছিল আমেৰিকা, ইউৰোপীয় সংঘসহ ৪৩খন দেশ৷ এইবাৰো বেইজিঙৰ এনে পাশৱিকতাৰ বিৰুদ্ধে সৰৱ হৈছে হোৱাইট হাউছ৷

You might also like