নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰাণত মাহ-প্ৰসাদত বিষক্ৰিয়া, অসুস্থ ৪০

মৰাণৰ ২নং দিখাৰী গাঁৱত মাহ-প্ৰসাদত বিষক্ৰিয়াৰ এক ঘটনা সংঘটিত হৈছে ৷ শিশু-মহিলাসহ প্ৰায় চল্লিশগৰাকীৰো অধিক অসুস্থ হৈ পৰিছে এই বিষক্ৰিয়াত। অসুস্থসকলক মৰাণ-তিলৈ সামূহিক স্বাস্থ্য কেন্দ্ৰ আৰু খোৱাং প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰা হৈছে ৷

গুৰুতৰভাৱে অসুস্থ চাৰিগৰাকীক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ AMCH-লৈ প্ৰেৰণ কৰা হৈছে৷ উল্লেখ্য যে আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷

Niyomiya Barta Desk, 25 August

You might also like