নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পিতৃ–মাতৃ, শহুৰ–শাহুৰে কটোৱাৰ বাবে চৰকাৰী কর্মচাৰীক ৬–৭ জানুৱাৰীত বিশেষ ছুটী

সত্রৰ মাটি বেদখলমুক্ত কৰাৰ বাবে তিনিজনীয়া কমিটী গঠন

নিয়মীয়া বাৰ্তা ২৫ নৱেম্বৰঃ কালি বঙাইগাঁৱত অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেট বৈঠকে সত্রৰ মাটি বেদখল সম্পর্কত কোন সত্রত কিমান মাটি বেদখলকাৰীৰ কবলত আছে, ৰাজহুৱা শুনানি লৈ কাগজ–পত্র পৰীক্ষা কৰি নির্ণয় কৰাৰ বাবে বিধায়ক প্রদীপ হাজৰিকাক অধ্যক্ষ, বিধায়ক মৃণাল শইকীয়া আৰু ৰূপক শর্মাক সদস্য হিচাপে লৈ এখন কমিটী গঠন কৰি দিয়ে৷ ৰাজহ বিভাগৰ সহযোগত এই কমিটীয়ে চৰকাৰক প্রতিবেদন দাখিল কৰিব৷ কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এখন সংবাদ মেলযোগে এই গুৰুত্বপূর্ণ সিদ্ধান্তৰ বিষয়ে প্রকাশ কৰি কয় যে অধ্যক্ষ হাজৰিকাক কেবিনেট মন্ত্রীৰ মর্যাদা প্রদান কৰিছে৷ সেইদৰে সদস্য শইকীয়া আৰু শর্মাক ৰাজ্যিক মন্ত্রীৰ মর্যাদা প্রদান কৰে৷

সেইদৰে কালিৰ কেবিনেটে ৰাজ্যিক কর্মচাৰীসকলক পিতৃ–মাতৃ, শহুৰ–শাহুৰ কাষলৈ যোৱাৰ বাবে অহা ৬ আৰু ৭ জানুৱাৰীৰ দিন দুটা অতিৰিক্ত ছুটীৰ দিন হিচাপে মঞ্জুৰ কৰে৷ ৬ আৰু ৭ জানুৱাৰীৰ দিন দুটা অতিৰিক্ত ছুটীৰ দিন হিচাপে থকাৰ লগতে ৮ জানুৱাৰীৰ দিনটো দ্বিতীয় শনিবাৰ আৰু ৯ জানুৱাৰীৰ দিনটো দেওবাৰ হোৱা হেতু চৰকাৰী কর্মচাৰীসকলে সেই চাৰিটা দিন পিতৃ–মাতৃ, শহুৰ–শাহুৰ কাষত কটাব পাৰিব৷ চতুর্থ শ্রেণীৰ কর্মচাৰীৰ পৰা আৰম্ভ কৰি আই এ এছ, আই পি এছ আনকি মন্ত্রীসভাৰ সদস্যসকলেও সেইকেইটা দিনত ছুটী লৈ পিতৃ–মাতৃ, শহুৰ–শাহুৰ লগত কটাব পাৰিব৷ যিসকলৰ পিতৃ–মাতৃ নিজৰ লগতে থাকে, তেওঁলোকে পিতৃ–মাতৃক লৈ এই দিনকেইটাত কোনো স্থানলৈ ফুৰিবলৈ যাব পাৰিব৷ অৱশ্যে যিসকলৰ পিতৃ–মাতৃ, শহুৰ–শাহু নাই, তেওঁলোকে এই ছুটী লাভ নকৰিব৷

আনহাতে,  কেবিনেটে ৰাজ্যিক কর্মচাৰীৰ ডি এ ৩১ শতাংশলৈ বৃদ্ধিৰ সিদ্ধান্ত লয়৷ যোৱা ১ জুলাইৰ পৰা কার্যকৰী হোৱাকৈ সংশোধিত হাৰত ৰাজ্য চৰকাৰৰ কর্মচাৰী, পেন্সনাৰ, পাৰিবাৰিক পেন্সন ধাৰক, বিশেষ ধাৰকসকলৰ বাবে পূর্বৰ ২৮ শতাংশৰ পৰা তিনি শতাংশ হাৰত ডি এ, ডি আৰ বৃদ্ধি কৰি ৩১ শতাংশ আদায় দিয়াৰ প্রস্তাৱত অনুমোদন জনায়৷ সেইদৰে মেডিকেল–ইঞ্জিনীয়াৰিঙ্ ধৰি সর্বভাৰতীয় বিভিন্ন নিয়োগ সম্পর্কীয় পৰীক্ষাত অসমৰ ছাত্র–ছাত্রীসকলক প্রশিক্ষণ দিয়াৰ বাবে আজিৰ কেবিনেটে ৰাজ্যখনত যুৱ আয়োগ গঠনৰ সিদ্ধান্তত অনুমোদন জনায়৷ দিল্লী–মুম্বাই আৰু অসমৰ বিভিন্ন প্রতিষ্ঠানৰ জৰিয়তে ৰাজ্যখনৰ প্রতিখন জিলাৰ ১০০গৰাকী ছাত্র–ছাত্রীক এই প্রশিক্ষণ দিয়া হ’ব৷ অহা ৫ বছৰৰ ভিতৰত ১ লাখ ছাত্র–ছাত্রীক এই প্রশিক্ষণ দিয়াৰ লক্ষ্য চৰকাৰে স্থিৰ কৰিছে বুলি মুখ্যমন্ত্রী ড০ শর্মাই প্রকাশ কৰে৷ সেইদৰে আজিৰ কেবিনেটে অসম আন্দোলনত শ্বহীদ হোৱা আৰু ঘুণীয়া হোৱাসকলক সাহায্যৰ বাবে ৫ কোটি টকাৰ এটা ট্রাষ্ট গঠনৰো সিদ্ধান্ত গ্রহণ কৰে৷

মুখ্যমন্ত্রীৰ অধ্যক্ষতাত হ’বলগীয়া এই ট্রাষ্ট গঠনৰ উদ্দেশ্য হৈছে অসম আন্দোলনৰ শ্বহীদ আৰু ঘুণীয়াসকলক চৰকাৰে যাতে নিৰন্তৰ সাহায্য প্রদান কৰিব পাৰে৷ আনহাতে, আজিৰ কেবিনেটে চহৰত মাটিৰ আবণ্টন লাভৰ ক্ষেত্রতো পূর্বৰ চর্তৰ কিছু সংশোধনী ঘটায়৷ পূর্বতে চহৰত মাটিৰ আবণ্টন পাবৰ বাবে ২০ বছৰ দখলত থকাটো বাঞ্ছনীয় আছিল৷ কিন্তু এতিয়াৰে পৰা থলুৱা বাসিন্দাৰ বাবে ২০ বছৰ দখলত থকাটো ১০ বছৰলৈ হ্রাস কৰে৷ সেইদৰে পূর্বতে ৫০ লাখ টকা পর্যন্ত স্বাভাৱিকভাৱে নিবিদা আহ্বান কৰা হৈছিল৷ ৫০ লাখৰ ওপৰত হ’লেহে ই–নিবিদা কৰা হৈছিল৷ আজিৰ কেবিনেটে ২৫ লাখৰ ওপৰত যিকোনো কামৰ ক্ষেত্রতে ই–নিবিদাৰ ব্যৱস্থা কৰে৷ অৱশ্যে জনজাতীয় পৰিষদসমূহক এই আওতাৰ পৰা ৰেহাই দিয়া হৈছে৷ মূলতঃ জনজাতীয় পৰিষদসমূহৰ এইক্ষেত্রত আন্তঃগাঁথনি হৈ উঠা নাই বাবে সেই ৰেহাই দিয়া হৈছে৷ একেদৰে আজিৰ কেবিনেটে পেট্র’ল–ডিজেলৰ দাম হ্রাসত অনুমোদন জনাই আবকাৰীত আবকাৰী শুল্ক বৃদ্ধিৰ সিদ্ধান্ত গ্রহণ কৰে৷ অনুৰূপ ধৰণে অসম মালাৰ অধীনত এতিয়াৰে পৰা কোনো ভূমি অধিগ্রহণ কৰিবলগীয়া হ’লে দখলত থকা মাটিৰ ক্ষেত্রতো ক্ষতিপূৰণ আদায় দিয়াৰ কেবিনেটে সিদ্ধান্ত গ্রহণ কৰে৷ পূর্বতে পট্টাদাৰকহে মাটিৰ ক্ষতিপূৰণ আদায় দিয়া হৈছিল, পট্টা নথকা দখলদাৰীয়ে কোনো ক্ষতিপূৰণ লাভ নকৰিছিল৷

ইপিনে  কেবিনেটে কমাণ্ডো বেটেলিয়নত নিয়োগৰ ক্ষেত্রতো বয়সৰ সীমা ১৮ বছৰৰ পৰা ২১ বছৰলৈ নির্ধাৰণ কৰে৷ অসম আৰক্ষীত যোগদানৰ বাবে সর্বাধিক বয়স ২৪ বছৰ ধার্য কৰা আছে যদিও কমাণ্ডো বেটেলিয়নক চৰকাৰে অধিক উচ্চমানৰ কৰিবলৈ লোৱাৰ পৰিপ্রেক্ষিততে বয়সৰ সীমা ১৮ বছৰৰ পৰা ২১ বছৰলৈ নির্ধাৰণ কৰিছে৷ একেদৰে বিশেষ গোপন আৰু প্রত্যক্ষ অভিযানৰ বাবে অসম আৰক্ষীৰ বিশেষ শাখাৰ অধীনত এটা বিশেষ গোট–গৱেষণা আৰু বিশ্লেষণ কোষ গঠনৰো কেবিনেটে সিদ্ধান্ত গ্রহণ কৰে৷ সেইদৰে আজিৰ কেবিনেটে চৰকাৰী ভূমিত প্রধানমন্ত্রী আৱাস যোজনাৰ সুবিধা প্রদানৰ সিদ্ধান্ত গ্রহণ কৰে৷ বসতি স্থাপনৰ বাবে যোগ্যতা আৰু ভূমি নিষ্পত্তিৰ ভিত্তিত প্রধানমন্ত্রী আৱাস যোজনাৰ আৱাসৰ সুবিধাসমূহ চৰকাৰী ভূমিৰ অধিকাৰীসকলক ১০ বছৰৰ অধিক সময়ৰ বাবে সম্প্রসাৰণ কৰে৷ যোগ্য খিলঞ্জীয়া ভূমিহীন ব্যক্তিৰ ক্ষেত্রত গুৱাহাটী আৰু অন্যান্য নগৰৰ চৰকাৰী ভূমিত অধিকাৰৰ ক্ষেত্রত কাট অফ তাৰিখৰ ব্যৱস্থা ২০০১ৰ ২৮ জুনৰ পৰা ২০২১ৰ ২৮ জুনলৈ সংশোধন কৰা হয়৷ একেদৰে গুৱাহাটী পৌৰ নিগমত ৱার্ডৰ সংখ্যা বৃদ্ধিৰ লগতে পৌৰ নিগমৰ খালী পদসমূহো নিযুক্তিৰ বাবে কর্মচাৰী বাছনি কমিটী গঠন, নলা পৰিষ্কাৰ আৰু স্থাপন, বৈদ্যুতিক আৰু গেছ আধাৰিত শ্মশানৰ তত্ত্বাৱধানৰ বাবে আধুনিক যন্ত্রপাতি সংস্থাপনৰো সিদ্ধান্ত গ্রহণ কৰে৷ ৰাষ্ট্রীয় খাদ্য সুৰক্ষা আইন কার্যকৰীকৰণৰ পর্যালোচনা কৰিবলৈ ৰাজ্যিক খাদ্য আয়োগ স্থাপনৰো কেবিনেটে সিদ্ধান্ত লয়৷ অনুৰূপ ধৰণে সোণোৱাল–কছাৰী স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ পৰিষদত নির্বাচিত সদস্যৰ সংখ্যা ২৬ৰ পৰা ৩৩লৈ বৃদ্ধিৰ সিদ্ধান্ত গ্রহণ কৰে৷ আজিৰ কেবিনেটে বৰপেটা জিলা মহিলা কমিটীৰ কার্যালয়ৰ বাবে বৰপেটা নগৰত ২ কঠা ১০ লেচা, মৰাণৰ স্বামী বিবেকানন্দ কেন্দ্রীয় বিদ্যালয়ৰ বাবে তিলৈবাৰী নেপালী গাঁৱত ৪ বিঘা চৰণীয়া সংৰক্ষিত ভূমি, অসম ক্রিকেট সন্থাৰ ক্রিকেট আন্তঃগাঁথনি বিকাশৰ বাবে বৰপেটা ৰাজহ চক্রৰ অন্তর্গত সত্রবাৰাদি গাঁৱত ২৫ বিঘা ভূমি আবণ্টন দিয়াৰ সিদ্ধান্ত গ্রহণ কৰে৷

You might also like