নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৫+৩+৩+৪ ১৫টা শ্রেণীত চলিব স্কুলীয়া শিক্ষা

নতুন ৰাষ্ট্রীয় শিক্ষা নীতি অনুসৰি বঙাইগাঁও কেবিনেটত গুৰুত্বপূর্ণ সিদ্ধান্ত

নিয়মীয়া বাৰ্তা ২৫ নৱেম্বৰঃ অসমত নতুন ৰাষ্ট্রীয় শিক্ষা নীতি বলৱতৰ লগে লগে বিলুপ্তি ঘটিব মেট্রিক পৰীক্ষাৰ৷ সমান্তৰালভাৱে বর্তমানৰ প্রাক্ প্রাথমিক, মজলীয়া, হাইস্কুল, উচ্চতৰ মাধ্যমিক শ্রেণীৰো বিলুপ্তি ঘটিব৷ ইয়াৰ পৰিৱর্তে পাঁচটা শ্রেণীক লৈ বুনিয়াদী, পৰৱর্তী তিনিটা শ্রেণী প্রস্তুতি স্তৰ, পাছৰ তিনিটা প্রাথমিক আৰু পৰৱর্তী চাৰিটা শ্রেণী ছিনিয়ৰ ছেকেণ্ডাৰী হিচাপে পৰিচিত হ’ব৷ ছাত্র–ছাত্রীসকলে মুঠ ১৫টা শ্রেণী স্কুলীয়া স্তৰত অধ্যয়ন কৰিব লাগিব৷ আজি বঙাইগাঁৱৰ উপায়ুক্তৰ কার্যালয় সভাগৃহত অনুষ্ঠিত অসম মন্ত্রীসভাৰ কেবিনেট বৈঠকে নতুন ৰাষ্ট্রীয় শিক্ষা নীতি অসমত বলৱতৰ বাবে গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰাৰ লগে লগে ৰাজ্যৰ শিক্ষাখণ্ডত এনে পৰিৱর্তন অহাটো নিশ্চিত হৈ পৰে৷

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কালিৰ কেবিনেটে নতুন ৰাষ্ট্রীয় শিক্ষা নীতি অনুসৰি বিদ্যালয়, শিক্ষা গাঁথনিত পৰিৱর্তন ঘটাই যি নতুন শিক্ষা গাঁথনি আৰম্ভ কৰিব, সেয়া অহা ২০২৩ চনৰ পৰা কার্যকৰী কৰাৰ সিদ্ধান্ত লয়৷ অহা ২০২২ বর্ষত নতুন শিক্ষা নীতিৰ গাঁথনিৰ কাম আৰম্ভ কৰিব৷ কেবিনেট বৈঠকৰ অন্তত এখন সংবাদ মেলত মুখ্যমন্ত্রী ড০ শর্মাই এই বিষয়ে সদৰী কৰি কয় যে বর্তমান ১+২ৰ যি শিক্ষা গাঁথনি আছে, নতুন শিক্ষা নীতিত সেই গাঁথনি +++৪লৈ সলনি হ’ব৷ বর্তমান নার্ছাৰী, এল কে জি, ইউ কে জি, প্রথম আৰু দ্বিতীয় শ্রেণীক লৈ যি পাঁচটা শ্রেণী আছে, সেয়া নতুন শিক্ষা নীতিত বুনিয়াদী স্তৰ হিচাপে চিহ্ণিত হ’ব৷ বর্তমানৰ তৃতীয়, চতুর্থ আৰু পঞ্চম শ্রেণীটো নতুন শিক্ষা নীতিত ষষ্ঠ, সপ্তম, অষ্টম শৈক্ষিক বর্ষ ৰূপে প্রস্তুতি পর্ব স্তৰ হিচাপে চিহ্ণিত হ’ব৷ পৰৱর্তী পর্যায়ত শিক্ষা বিভাগে সেই স্তৰটো প্রস্তুতি পর্ব হিচাপে নামাংকিত কৰে নে নতুন ভাবানুবাদ উলিয়ায়, সেয়া শিক্ষা বিভাগে স্থিৰ কৰিব৷ বর্তমানৰ ষষ্ঠ, সপ্তম আৰু অষ্টম শ্রেণীটো মধ্যম বর্গ স্তৰ অথবা প্রাথমিক স্তৰ হিচাপে চিহ্ণিত হ’ব৷

সেইদৰে বর্তমানৰ নৱম, দশম, একাদশ আৰু দ্বাদশ শ্রেণীটো মাধ্যমিক অথবা ছিনিয়ৰ মাধ্যমিক ৰূপে চিহ্ণিত হ’ব৷ নতুন শিক্ষা নীতি মতে স্কুলীয়া শিক্ষা ব্যৱস্থা মুঠ ১৫টা শ্রেণীলৈ চলিব৷ ছাত্র–ছাত্রীয়ে তিনি বছৰ বা চাৰি বছৰ যি বয়সতে বিদ্যালয়ত নামভর্তি নকৰক, ১৫টা শ্রেণী তেওঁলোকে স্কুলীয়া স্তৰত অধ্যয়ন কৰিব লাগিব৷ এই নতুন শিক্ষা নীতি প্রৱর্তনৰ লগে লগে পঞ্চম শ্রেণীৰ পাঠ্যপুথিও সলনি হ’ব৷ নতুন শিক্ষা নীতিৰ শ্রেণী অনুসৰি অহা ২০২২ বর্ষত শ্রেণীসমূহৰ স্তৰ গঠন কৰা হ’ব৷ সেইদৰে অহা ২০২৩ বর্ষৰ ১ এপ্রিলৰ পৰা ৰাষ্ট্রীয় শিক্ষা নীতিৰ পাঠ্যক্রম অনুমোদন অনুসৰি পাঠ্যপুথি যুগুতোৱাৰ কাম কৰা হ’ব৷ সংবাদ মেলখনত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে আজিৰ কেবিনেটে প্রথমবাৰৰ বাবে অসমে ৰাষ্ট্রীয় শিক্ষা নীতি ৰূপায়ণৰ ৰূপৰেখা যুগুতায়৷ এই নতুন শিক্ষা নীতিত পূর্বৰ দৰে দশম শ্রেণীৰ গুৰুত্ব নাথাকিব বুলি জানিবলৈ দি তেওঁ কয় যে মেট্রিক পৰীক্ষা অনুষ্ঠিত কৰাটো বেলেগ কথা৷ কিন্তু পূর্বৰ দৰে এই পৰীক্ষাৰ গুৰুত্ব নাথাকিব৷ তদুপৰি ছেবা আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ বিলোপ সাধন ঘটাই একেখন পৰিষদৰ দ্বাৰা পৰীক্ষা অনুষ্ঠিত কৰা হ’ব বুলিও মুখ্যমন্ত্রী ড০ শর্মাই প্রকাশ কৰে৷ তদুপৰি নতুন শিক্ষা নীতিত কলা–বাণিজ্য আৰু বিজ্ঞান বুলি কোনো শাখা নাথাকিব৷

ছাত্র–ছাত্রীসকলে নিজৰ ৰুচি অনুসৰি যিকোনো বিষয় লৈ নামভর্তি কৰি অধ্যয়ন কৰিব পাৰিব৷ অহা তিনি বছৰৰ ভিতৰত কলেজৰ পৰা উচ্চতৰ মাধ্যমিক শ্রেণী কর্তন কৰা হ’ব বুলি জানিবলৈ দি তেওঁ কয় যে ইয়াৰ বাবে চৰকাৰে এহাজাৰখন হাইস্কুল উচ্চতৰ মাধ্যমিকলৈ উন্নীত কৰাৰ পদক্ষেপ গ্রহণ কৰিছে৷ ইপিনে আজিৰ কেবিনেটে চিকিৎসা–শিক্ষা খণ্ডতো কেতবোৰ গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰে৷ স্বাস্থ্য (ক) বিভাগত কর্মৰত চিকিৎসকৰ পিজি পাঠ্যক্রমত নামভর্তিৰ বাবে সংৰক্ষিত আসন ২৩ৰ পৰা ৪০খনলৈ আজিৰ কেবিনেটে বৃদ্ধি কৰে৷ তদুপৰি চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত পিজি পাঠ্যক্রমৰ বাবে ৰাজ্যিক সংৰক্ষিত আসনৰ ক্ষেত্রতো কেবিনেটে নিয়মৰ সংশোধন ঘটাই শিক্ষার্থীসকলে পৰীক্ষাত উত্তীর্ণ হোৱাৰ পাছত অসম চৰকাৰৰ অধীনত সেৱা আগবঢ়োৱাৰ পাছতহে বিশ্ববিদ্যালয়ৰ প্রমাণ–পত্র লাভ কৰিব৷ পিজি পাঠ্যক্রম সম্পূর্ণ কৰাৰ পাছত ১০ বছৰৰ সেৱা জৰুৰী, অন্যথা ২৫ লাখ টকাৰ জৰিমনাৰ লগতে অৱসৰ অথবা স্বেচ্ছাই অৱসৰ গ্রহণৰ পাছত চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হ’ব৷ একেদৰে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত ভাষাৰ ক্ষেত্রত থকা বাধা আঁতৰাবলৈ ইংৰাজী আৰু অসমীয়া বিষয় অন্তর্ভুক্ত নহ’ব৷ তাৰ পৰিৱর্তে প্রার্থীসকল অসমৰ বাসিন্দা হ’ব লাগিব, অসমৰ নিয়োগ বিনিময় কেন্দ্রত নাম পঞ্জীয়ন থাকিব লাগিব আৰু অসমীয়া অথবা অসমৰ অন্যান্য স্বীকৃত ভাষা কোৱাত সাৱলীল হ’ব লাগিব৷

You might also like