নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চামগুৰিৰ লাওখোৱাত বানত ক্ষতিগ্ৰস্ত হোৱা কৃষকৰ বাবে নিজে হাল বাই কঠীয়া সিঁচিলে কৃষিমন্ত্ৰী অতুল বৰাই 

নিয়মীয়া বাৰ্তা, ৩০ জুন : ৰাজ্যৰ কৃষি , পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্ৰী অতুল বৰাই আজি নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত লাওখোৱাৰ বীজ ফাৰ্মত উপস্থিত হৈ সামূহীক কঠীয়াতলীত কঠীয়া সিচাঁৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷ ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অধীনত সামূহীক কঠীয়াতলীত আজি কৃষি মন্ত্ৰী গৰাকীয়ে কঠীয়া সিঁচাৰ কাৰ্যসূচী আনুষ্ঠানিক ভাবে উদ্ধোধন কৰি কয় যে এইবাৰ হোৱা দ্বিতীয়টো বানত ৰাজ্য খনৰ লগতে নগাঁও জিলা কৃষক সকল অধিক ক্ষতিগ্ৰস্ত হৈছে ৷ যাৰ বাবে কৃষক সকলক সকাহ দিয়াৰ বাবে কৃষি বিভাগৰ তৰফৰ পৰা বানত ক্ষতিগ্ৰস্ত হোৱা কৃষক সকলৰ মাজত কঠীয়া বিতৰণ কৰাৰ আচঁনি গ্ৰহণ কৰা হৈছে বুলি প্ৰকাশ কৰে ৷ বন্যাৰ্ত কৃষক সকলে যাতে সময় মতে কৃষি কাৰ্যৰ লগত জড়িত হব পাৰে তাৰ বাবে সকলো ব্যৱস্থা কৃষি বিভাগে ইতিমধ্যে কাম আৰম্ভ কৰিছে বুলি মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে ৷ কৃষি মন্ত্ৰী গৰাকীয়ে ট্ৰেক্টৰেৰে নিজে হাল বোৱাৰ লগতে কঠীয়া সিঁচা পৰিলক্ষিত হয় ৷ উল্লেখ্য যে কৃষি মন্ত্ৰী অতুল বৰাই শৈশৱত নিজে কৃষিকাৰ্যৰ লগত জড়িত থাকি নিজে হালবাইছিল বুলি প্ৰকাশ কৰি তেওঁ নিজে এজন হালোৱা বুলি উল্লেখ কৰাৰ লগতে নৱ প্ৰজন্মক কৃষিকাৰ্যৰ লগত জড়িত হবলৈ আহ্বান জনাই ৷ উল্লেখ্য যে ৰাজ্যৰ দ্বিতীয়টো বানত নগাঁও জিলাৰ বিভিন্ন স্থানৰ কৃষক ৰাইজ অধিক ক্ষতিগ্ৰস্ত হৈছে ৷ ক্ষতিগ্ৰস্ত হোৱা কৃষক ৰাইজৰ প্ৰতি লক্ষ্য ৰাখি কৃষি বিভাগে সামূহীয়া কঠীয়াতলীৰ ব্যৱস্থা কৰি কঠীয়া সিঁচাৰ কাম আৰম্ভ কৰিছে বুলি কৃষি বিভাগৰ এক সুত্ৰই জানিবলৈ দিয়াৰ লগতে প্ৰাৰম্ভিক পৰ্যায়ত প্ৰায় ৯০ হেক্টৰ ভূমিত কঠীয়া সিচাঁৰ বাবে যাবতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জানিব পৰা গৈছে ৷

প্ৰেৰক প্ৰমোদ শৰ্মা

You might also like