নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণাঃ শিবিৰত আশ্রয় লোৱা পৰিয়াললৈ ক্ষতিপূৰণৰ বাবদ ৩৮০০ টকাঃ শিক্ষার্থীলৈ কিতাপ–পত্রৰ বাবদ ১,০০০ টকাকৈ প্রদান কৰা হব

নিয়মীয়া বাৰ্তা, ৩০ জুনঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি আৰু বানপীড়িত লোকসকললৈ আগবঢ়োৱা সাহায্য ব্যৱস্থাৱলীৰ পর্যালোচনা কৰাৰ উদ্দেশ্যৰে আজি জনতা ভৱনস্থিত মুখ্যমন্ত্রীৰ সভাকক্ষৰ পৰা ভিডিঅ কনফাৰেন্সিং ব্যৱস্থাযোগে উপায়ুক্তসকলৰ সৈতে এখন বৈঠকত মিলিত হয়৷ মুখ্যমন্ত্রীয়ে এই ভিডিঅ কনফাৰেন্সিঙৰ সময়ত প্রতিগৰাকী উপায়ুক্তৰ পৰা বানপানীৰ ক্ষয়ক্ষতি তথা সাহায্য–সামগ্রী প্রদান সম্পর্কত লোৱা ব্যৱস্থাৱলীৰ বিতং বুজ লৈ বানত প্রকৃততে প্রভাৱিত হোৱা কোনো এগৰাকী ব্যক্তিয়েই যাতে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্রদান কৰা সাহায্যৰ পৰা বঞ্চিত হব লগা নহয় আৰু বানৰ দ্বাৰা প্রভাৱিত নোহোৱা এজন লোকেও যাতে অনিয়মেৰে সাহায্য তথা পুনৰ সংস্থাপনৰ সুবিধা লব নোৱাৰে সেয়া সুনিশ্চিত কৰিবলৈ নির্দেশ দিয়ে৷ তেওঁ কয় যে চৰকাৰে স্থাপন কৰা আশ্রয় শিবিৰৰ উপৰিও ৰাষ্ট্রীয় ঘাইপথ, ৰেলপথ আদিৰ দৰে ঠাইত যিসকল বানাক্রান্তই নিজাববীয়াকৈ আশ্রয় গ্রহণ কৰি আছে তেনে প্রতিটো পৰিয়াললৈ বস্ত্র, ঘৰুৱা আচবাব আদিৰ ক্ষতিপূৰণৰ বাবদ ৩৮০০ টকাকৈ ৰাজ্য চৰকাৰে প্রদান কৰিব৷ এই উদ্দেশ্যে আজিৰ পর্যালোচনা বৈঠকত এনেদৰে আশ্রয় গ্রহণ কৰি থকা লোকসকলৰ এখন তালিকা প্রস্তুত কৰিবলৈ মুখ্যমন্ত্রীয়ে নির্দেশ দি কয় যে জিলা উপায়ুক্তসকলে ইয়াৰ বাবে এখন পঞ্জীয়ন বহী প্রস্তুত কৰিব আৰু পৰিয়ালৰ মুৰব্বীৰ আধাৰ নাইবা ভোটাৰ পৰিচয় পত্রৰ নম্বৰ সংগ্রহ কৰিব৷ এই তালিকাৰ ভিত্তিত আশ্রয় শিবিৰত থকা পৰিয়ালসমূহে সাহায্যৰ ধনৰাশি লাভ কৰিব৷ ড০ শর্মাই আজিৰ এই বৈঠকতে সাম্প্রতিক বানত সম্পূর্ণকৈ ক্ষতিগ্রস্ত, বেয়াকৈ ক্ষতিগ্রস্ত আৰু আংশিকভাৱে ক্ষতিগ্রস্ত হোৱা গৃহৰ জৰীপ চলাবলৈ নির্দেশ দিয়ে৷ তেওঁ কয় যে কাইলৈৰ পৰা আৰম্ভ হবলগীয়া এই জৰীপৰ ভিত্তিত অহা ১৫ জুলাইৰ ভিতৰত এখন তালিকা প্রস্তুত কৰা হব আৰু প্রতিখন জিলাৰ অভিভাৱক মন্ত্রী তথা সচিবে ক্ষেত্রভিত্তিক পৰিদর্শন কৰি এই তালিকাৰ সত্যাসত্য নিৰূপণ কৰিব৷ পৰৱর্তী ২০ জুলাইৰ পিছত জিলাসমূহৰ অভিভাৱক মন্ত্রী আৰু সচিবৰ উপস্থিতিত আনুষ্ঠানিকভাৱে ঘৰ–বাৰী ক্ষতিগ্রস্ত হোৱা লোকসকলক সাহায্যৰ ধনৰাশি প্রদানৰ ব্যৱস্থা কৰা হব৷ মুখ্যমন্ত্রীয়ে বানাক্রান্তৰ পশুধন, তাঁতশালকে ধৰি অন্যান্য সামগ্রীৰ ক্ষয়ক্ষতি আৰু বানত শাৰীৰিকভাৱে আঘাতপ্রাপ্ত হোৱা লোকৰ এখন তালিকা প্রস্তুতৰ বাবেও নির্দেশ দিয়ে৷ এই তালিকাখন চক্র বিষয়া পর্যায়ত গঠিত টাস্ক ফর্চে অহা ৭ আগষ্টৰ ভিতৰত প্রস্তুত কৰিব আৰু পৰৱর্তী পর্যায়ত সেইমর্মে সাহায্য প্রদানৰ ব্যৱস্থা কৰা হব৷ তদুপৰি শিবিৰ বা অন্য স্থানত আশ্রয় গ্রহণ কৰি থকা বান প্রভাৱিত যিসকল ছাত্র–ছাত্রীৰ কিতাপ–পত্রকে ধৰি প্রয়োজনীয় শিকণ আচবাব–পত্র বিনষ্ট হৈছে সেইসকল বিদ্যার্থীৰ পৰৱর্তী পর্যায়ত অধ্যয়নৰ সুবিধার্থে ৰাজ্য চৰকাৰে ১০০০ টকাকৈ প্রদান কৰিব বুলিও মুখ্যমন্ত্রীয়ে কয়৷ ইয়াৰ বাবে ১৫ জুলাইৰ ভিতৰত এখন তালিকা প্রস্তুত কৰিবলৈও তেওঁ উপায়ুক্তসকলক নির্দেশ দিয়ে৷ সাহায্য প্রদান তথা পুনৰ সংস্থাপনৰ এই সমগ্র প্রক্রিয়াটো অহা ১৫ আগষ্টৰ ভিতৰত যাতে সম্পূর্ণ হয় সেয়া সুনিষ্চিত কৰিবলৈ মুখ্যমন্ত্রীয়ে জিলা উপায়ুক্তসকলক নির্দেশ প্রদান কৰে৷ তেওঁ কয় যে সাম্প্রতিক বানত প্রভাৱিত হোৱা ৰাজ্যৰ সকলো লোকলৈ যথাসম্ভৱ কম সময়ৰ ভিতৰতে সহায়ৰ হাত আগববাবৰ বাবে ৰাজ্য চৰকাৰে প্রচেষ্টা হাতত লৈছে৷ এই সমগ্র সময়ছোৱাত অভিভাৱক মন্ত্রী তথা সচিবসকলে নিজ নিজ জিলা পৰিদর্শন কৰি সমগ্র ব্যৱস্থাৱলীৰ বুজ লৈ থাকিব বুলিও তেওঁ কয়৷ মুখ্যমন্ত্রীয়ে লগতে সদৰী কৰে যে ইয়াৰ পৰৱর্তী পর্যায়ত সাম্প্রতিক বানত যিবোৰ মথাউৰি তথা পথ ক্ষতিগ্রস্ত হৈছে সেইসমূহৰ আন্তঃগাঁথনিৰ মেৰামতি বা পুনৰ নির্মাণৰ কাম ৰাজ্য চৰকাৰে আৰম্ভ কৰিব৷ কনফাৰেন্সৰ সময়ত মন্ত্রী অশোক সিংহল, পীযুষ হাজৰিকা, নন্দিতা গার্লোছা, মুখ্য সচিব জিষ্ণু বৰুৱাকে ধৰি কেইবাগৰাকী জ্যেষ্ঠ বিষয়া উপস্থিত থাকে৷

You might also like