নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজস্থানৰ উদয়পুৰত কানাহাইয়া লালৰ হত্যাৰ বিৰুদ্ধে ৰঙিয়াত ৰাষ্ট্ৰীয় বজৰংগ দলৰ প্ৰতিবাদ

নিয়মীয়া বাৰ্তা, ৩০ জুন: ৰাজস্থানৰ উদয়পুৰত নুপুৰ শৰ্মাৰ সমৰ্থক কানাহাইয়া লালৰ হত্যাকাৰী দুই ইছলামীক জেহাদীক শীঘ্ৰে ফাঁচি দিয়াৰ দাবীত আজি সন্ধিয়া ৰাষ্ট্ৰীয় বজৰংগ দলে প্ৰতিবাদ সাব্যস্ত কৰে । নগৰখনৰ হৰদত্ত-বীৰদত্ত ভৱনৰ সন্মুখত সংগঠনটোৰ শতাধিক কৰ্মী সমবেত হয় । প্ৰতিবাদকাৰী সকলে ৰাজস্থানত ইছলামীক জেহাদীয়ে বিজেপিৰ বহিস্কৃত ৰাষ্ট্ৰীয় মুখপাত্ৰ নুপুৰ শৰ্মাক সমৰ্থন কৰা বাবে কানাহাইয়া লালক হত্যা কৰা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দি পৰিবেশ উত্তপ্ত কৰি তোলে । পিছত জেহাদীৰ প্ৰতিকী দাহ কৰিবলৈ ওলোৱা মুহূৰ্ততে প্ৰতিবাদকাৰী সকলক আৰক্ষীয়ে আটক কৰি থানালৈ নিয়ে । সংগঠনটোৰ প্ৰদেশ সভাপতি দীনেশ কলিতাই জেহাদী শক্তিৰ বিৰুদ্ধে কঠোৰ শাস্তিমূলক ব্যৱস্থা লবলৈ দাবী জনায় । লগতে হত্যাৰ বলি হোৱা কানাহাইয়া লালৰ পৰিয়ালৰ এজন সদস্যক চৰকাৰী চাকৰি আৰু ৩১ লাখ টকা ক্ষতিপূৰণ হিচাপে দিয়াৰ বাবে দাবী জনায় ।

প্ৰেৰক ফাৰুক হুছেইন

You might also like