নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী মহানগৰীত বিদেশী নাগৰিকৰ সন্দেহজনক বিচৰণ

🔹 ২০১৮তে ভিছাৰ ম্যাদ উকলা ঘানাৰ আব্দুলাক দক্ষিণগাঁৱৰ পৰা গ্ৰেপ্তাৰ

বিশেষ বাৰ্তা, ১০ ফেব্ৰুৱাৰী : বিদেশী নাগৰিকৰ গুৱাহাটী মহানগৰীত সন্দেহজনক বিচৰণক লৈ সষ্টম হৈ পৰিছে দিছপুৰ আৰক্ষী ৷ ভিছাৰ ম্যাদ উকলি যোৱাৰ পিছতো নিজ দেশলৈ উভতি নগৈ সন্দেহজনকভাৱে অসমত ঘূৰি ফুৰিছিল লোকজনে। অৱশেষত দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বিদেশী লোকজনক। সন্দেহজনকভাৱে মহানগৰীত ঘূৰি ফুৰা লোকজন দক্ষিণ আফ্ৰিকাৰ ঘানাৰ বাসিন্দা বুলি জানিব পৰা গৈছে। ধৃত মহম্মদ আব্দুলা নামৰ বিদেশী লোকজনক দক্ষিণগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ২০১৮তে ভিছাৰ ম্যাদ উকলিছিল বিদেশী নাগৰিকজনৰ ৷ কি উদ্দেশ্যৰে লোকজনে উভতি যোৱা নাছিল, তাৰ উত্তৰ বিচাৰি জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ বিষয়টো অতি গুৰুত্বসহকাৰে লৈ তদন্ত অব্যাহত ৰাখিছে দিছপুৰ আৰক্ষীয়ে ৷ ধৃত বিদেশী নাগৰিকজনক স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ গৈছে।

You might also like