নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অবৈধ ছাইৰেনযুক্ত বাহনৰ বিৰুদ্ধে মহানগৰ আৰক্ষীৰ অভিযান

🔹 ১১খন বিলাসী বাহন জব্দ

বিশেষ বাৰ্তা, ১০ ফেব্ৰুৱাৰী : অবৈধ ছাইৰেনযুক্ত বাহনৰ বিৰুদ্ধে মহানগৰ আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে। কালি নিশা মহানগৰ আৰক্ষীৰ যৌথ অভিযানত ভিন্ন প্ৰান্তৰ পৰা জব্দ কৰা হয় অবৈধভাৱে ছাইৰেন লগাই লোৱা কেইবাখনো বাহন। গুৱাহাটীৰ হিট এণ্ড ৰান গোচৰৰ তদন্ত চলাই জব্দ কৰা হয় বিলাসী বাহনসমূহ। বহু ভি আই পি, ভি ভি আই পি বিধানসভাৰ পাছ সম্বলিত এইসমূহ বাহনত অবৈধভাৱে ছাইৰেন লগোৱা হৈছিল । সৰ্বমুঠ ১১খন বিলাসী বাহন জব্দ কৰে মহানগৰ আৰক্ষীয়ে । দীৰ্ঘদিনৰ পৰা আৰক্ষীৰ লাইট-ছাইৰেন আদি অবৈধভাৱে লগাই ঘূৰি ফুৰিছিল একাংশ লোকে । জব্দ কৰা বাহনসমূহ হ’ল- AS-01FQ-1001, থাৰ, মালিক- প্ৰশান্ত শৰ্মা, AS-01 ES-4444, থাৰ, মালিক- অজিত দাস, AS-01 DJ-2277, ফৰ্চুনাৰ,মালিক- অজিত দাস, AS-01 FH-4729, স্কৰপিঅ’, মালিক- ৰাজপ্ৰীতম চক্ৰৱৰ্তী, AS-01 FB-7007, ইনভা, মালিক- হাবিবা নাজনীন, AS-01 DL-3986, ইনভা, মালিক- ৰঞ্জিত দাস, AS-01 FE-8888, আলকেজাৰ, মালিক- মোচেব চৌধুৰী, AS-01 FQ-1882, ইনভা, মালিক- MS Adhrisila প্ৰতিষ্ঠান।

You might also like