নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গঁড়ৰ আক্ৰমণত মৃত্যু বনকৰ্মীৰ, মাত্ৰ ৩ মাহ পূৰ্বে মেলিছিল যুগ্মজীৱনৰ পাতনি

নিয়মীয়া বাৰ্তা, ৯ এপ্ৰিলঃ গঁড়ৰ আক্ৰমণত পুনৰ এগৰাকী বনকৰ্মীৰ মৃত্যু। আজি মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভূঞাপাৰা ৰেঞ্জত সংঘটিত হয় এক শোকাৱহ ঘটনা৷

গঁড়ৰ আক্ৰমণত প্ৰাণ হেৰুৱায় প্ৰায় তিনি মাহ পূৰ্বে যুগ্ম জীৱনৰ পাতনি মেলা ফৰেষ্ট বেটেলিয়নৰ এজন জোৱানে৷ জোৱানজনৰ নাম অনিমেষ ডেকা৷ এগৰাকী সতীৰ্থৰ সৈতে কেম্পৰ পৰা বজাৰলৈ ওলাই অহাৰ সময়তে সংঘটিত হয় ভয়াৱহ ঘটনাটো৷

মাত্ৰ তিনিমাহ পূৰ্বে বিবাহপাশত আবদ্ধ অনিমেষ ডেকাৰ শোকাৱহ মৃত্যুই ৰাজ্যবাসীৰ লগতে মৰ্মাহত কৰিছে তেওঁৰ বাসস্থান বজালী জিলাৰ ভৱানীপুৰৰ ডেকাপাৰাবাসীক।

You might also like