নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেনেদৰে অনুষ্ঠিত কৰিব পাৰিব বিহু? ৰাজ্য চৰকাৰৰ নীতি-নিৰ্দেশনা

নিয়মীয়া বাৰ্তা, ৯ এপ্ৰিলঃ ক’ৰোনা সংক্ৰমণৰ বাবে বিহু অনুষ্ঠিত হোৱা-নোহোৱাক লৈ বিভিন্ন চৰ্চা চলি থকাৰ মাজতে আজি ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে জাৰি কৰিছে নিৰ্দেশনা। সেই অনুযায়ী বিহু উদযাপন কমিটীয়ে কিছু নীতি-নিৰ্দেশনা পালন কৰাটো বাধ্যতামূলক।

 নীতি-নিৰ্দেশনা

কমিটীয়ে নিশা ১১ বজাত সমাপ্ত কৰিব লাগিব বিহু অনুষ্ঠান।

জিলা প্ৰশাসনৰ পৰা বিহু অনুষ্ঠিত কৰিবলৈ হ’লে অনুমতি লোৱাটো বাধ্যতামূলক।

প্ৰশাসনক অনুষ্ঠানত কিমান লোক সমৱেত হ’ব, তাৰ এক আনুমানিক সংখ্যা জনাব লাগিব।

বিহু কমিটীৰ সদস্য আৰু স্বেচ্ছাসেৱকে বিহু অনুষ্ঠনৰ ৩ দিন পূৰ্বে ক’ভিড টেষ্ট কৰাটো বাধ্যতামূলক। আনহাতে বিহুৰ ৩ দিন পিছতো এই টেষ্ট কৰিব লাগিব সংশ্লিষ্ট পক্ষই।

মূল মঞ্চত প্ৰৱেশ-প্ৰস্থানৰ বাবে পৰ্যাপ্ত পথ ৰাখিব লাগিব বিহু উদযাপন কমিটীয়ে।

বিহু অনুষ্ঠানত ভাগ লোৱা প্ৰতিযোগীৰ থাৰ্মেল স্কেন বাধ্যতামূলক।

মুকলি ঠাইত অনুষ্ঠানৰ আয়োজন কৰাৰ লগতে শাৰীৰিক দূৰত্বৰ নিয়ম মানি চলিব লাগিব।

শাৰীৰিক দূৰত্ব বজাই ৰখাৰ লগতে সকলোৱে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক।

You might also like