নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শংকৰদেৱ কলাক্ষেত্ৰত মেকাৰ্ছ হাবৰ বিশাল আয়োজন ‘Spring Fest 21’

নিয়মীয়া বাৰ্তা, ৯ এপ্ৰিলঃ চিত্ৰৰ পৰা দীৰ্ঘস্থায়ী কাপোৰলৈকে, হস্তনিৰ্মিত সামগ্ৰীৰ পৰা চালৰ যতন আৰু খাদ্য সামগ্ৰীলৈকে উত্তৰ-পূৰ্বাঞ্চলৰ এদল যুৱ আৰু উদীয়মান উদ্যমীয়ে নিজে প্ৰস্তত কৰা সামগ্ৰীৰ সম্ভাৰেৰে সন্মিলিত প্ৰচেষ্টাৰে গুৱাহাটীত অনুষ্ঠিত কৰিছে এখনি বিশেষ প্ৰদৰ্শনী । চাৰিগৰাকী উদ্যমী মহিলা প্লাৱিতা গগৈ, নুছৰত শইকীয়া, সোণাক্ষী আগৰৱালা আৰু অনিন্দিতা বৰগোঁহাইয়ে জন্ম দিয়া মেকাৰ্ছ হাবৰ উদ্যোগত অনুষ্ঠিত হৈছে এই প্ৰদৰ্শনী। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৯ এপ্ৰিলৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত এই কলা আৰু হস্তশিল্প প্ৰদৰ্শনী তথা বিক্ৰীৰ কাৰ্যসূচী অহা ১১ এপ্ৰিললৈকে চলিব। কাৰ্যসূচীৰ প্ৰথমদিনা ৰাইজৰ পৰা যথেষ্ট ইতিবাচক সঁহাৰি লাভ কৰা হৈছে । গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা আৰু প্ৰখ্যাত শিল্পী সংগ্ৰামজ্যোতি চৌধুৰীয়ে অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে । প্ৰদৰ্শনীত উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ক্ষেত্ৰৰ বহু প্ৰতিভাসম্পন্ন শিল্পীয়ে তেওঁলোকৰ একক বৈশিষ্ট্যপূৰ্ণ সৃষ্টিৰাজি দৰ্শক আৰু কলা অনুৰাগীসকলৰ আগত প্ৰদৰ্শন কৰিছে ।

প্ৰদৰ্শনীত মুঠ ৩৭ খন বিপনিৰ ব্যৱস্থা কৰা হৈছে । অনুষ্ঠানত অংশ লোৱা শিল্পীসকল হ’ল হিমাংশ্ৰী চন্দ্ৰা (‘Amber Artistry’) ইন্দ্ৰাণী (‘Craft Parking’) শ্বেতা মহন্ত (Swetart Corner) লুইচি, বিশ্বজিত, জয়শ্ৰী পাল, গৌতম শৰ্মা, পংকজ বৰ্মন, সুস্মিতা বিশ্বাস, প্ৰিন্স বসুমতাৰী, অনুৰাগ শ্ৰীবাস্তৱ (Pampearth) দৰিয়লী(Ds gallery.co) ঋতুপৰ্ণা শৰ্মা, কৰিশ্মা কাকতি(KA Design) বৰ্ষা শৰ্মা(Style99) ফেশ্বন ডিজাইনাৰ মধুমিতা গোঁহাই( Pastel pearls) নৱনীতা চৌধুৰী, গগৈ(budget decor stat), অংকনা, লুইতমণি(Nibonua hub) আইলিন ৰহমান, জুৰি শৰ্মা(crafty mumma) মাধুৰী দেৱী (Swirl Arts Guwahati) লীনা মহন্ত (Guwahati chocolate factory) ঝিল পাটোদিয়া(Jhill arts & crafts), মল্লিকা বুঢ়াগোঁহাই, মাধুৰিমা পাঠক(Coco handcrafted skincare) সম্পূৰ্ণা চৌধুৰী, মৌচুমী নাথ(craft mantra by sam), সুনন্দা তালুকদাৰ, নাদিয়া আহমেদ (collages by Nadia), স্মৃতি মহন্ত(Prthvi), মানসী, অলকেশ(n.e. treasures) প্ৰভা শৰ্মা, পুষ্পাঞ্জলি দত্ত(crafterina Prabha)।

উল্লেখ্য যে মেকাৰ্চ হাব NGO ‘নৱজীৱন’ৰ সৈতেও জড়িত হৈ আছে। যিয়ে অনগ্ৰসৰ ছোৱালীক আশ্ৰয় দিয়ে আৰু তেওঁলোকক বিভিন্ন স্কিল প্ৰদান কৰি দক্ষ কৰি তুলে। ইয়াৰ উপৰিও ১১ এপ্ৰিলত বিশিষ্ট শিল্পী ডঃ সম্প্ৰীতি ওজাই এখন কলা প্ৰদৰ্শনীৰো আয়োজন কৰিছে।

 

You might also like