ডিজিটেল ডেস্ক, ২১ মে’ : গোসাঁইগাঁবৰ কচুগাঁৱত বন বিভাগৰ অভিযানত ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা অস্ত্ৰসহ এজন চোৰাং চিকাৰীক আটক কৰে। কচুগাঁও বন সংমণ্ডলৰ অধীনস্থ চানফান ৰেঞ্জৰ বন বিভাগৰ দলে পুৱতি নিশা অভিযান চলাই ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা আটক কৰে চোৰাং চিকাৰীটোক।
চোৰাং চিকাৰীেটো হৈছে কচুগাঁও থানাৰ ব্ৰহ্মপুৰ গাঁৱৰ হেটো নাৰ্জাৰী। চোৰাং চিকাৰীজনৰ পৰা দুটা হস্তনিৰ্মিত বন্দুক উদ্ধাৰ কৰে অভিযানকাৰী দলে। ইয়াৰে এটা বন্দুক ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানত হৰিণ চিকাৰ কৰা কামত একাধিকবাৰ ব্যৱহাৰ কৰাৰ কথা স্বীকাৰ কৰে ধৃত চোৰাং চিকাৰীটোৱে।