বয়সতকৈ অভিলেখ বেছি, ক্ৰিকেট বিশ্বত নতুন ধুমুহা বৈভৱ সূৰ্যবংশী
ডিজিটেল ডেস্ক, ২১ মে’ : চলিত আইপিএলত চমক অব্যাহত আছে বৈভৱ সূর্যবংশীৰ৷ বয়স যিমানেই নহওক কিয়, তাতকৈ বেছি অভিলেখ আছে তেওঁৰ নামত৷
মঙলবাৰে নিশা লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে খেলা মেচখনত ৩৮টা বলত ৯৩ ৰান কৰি একাধিক অভিলেখৰ গৰাকী হয় বিশ্বক্রিকেটৰ এই ৱাণ্ডাৰ বয়৷ আইপিএলৰ এটা সংস্কৰণত দ্রুত ৫০০ ৰান কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে পৰিগণিত হয় বৈভৱ৷ ৰাজস্থান ৰয়েলছৰ বিস্ফোৰক অ’পেনাৰগৰাকীয়ে ঋষভ পণ্টক অতিক্রম কৰে৷ ২০১৮ চনৰ আইপিএলত দিল্লী ডেয়াৰডেভিলছৰ হৈ খেলি পণ্টে ২০ বছৰ বয়সত এই অভিলেখ গঢ়িছিল৷
ইপিনে, আইপিএলৰ এটা ছিজনত সর্বাধিক ষ্ট্রাইক ৰেটৰ গৰাকী হয় বৈভৱ৷ ১৫ বছৰীয়া বৈভৱৰ সর্বাধিক ষ্ট্রাইক ৰেট হৈছে ২৩৬.৩৷ আনহাতে, আইপিএলৰ এটা ছিজনত ৫০টা ছিক্সাৰ কোবোৱা প্রথমগৰাকী ভাৰতীয় হিচাপে নজিৰ গঢ়ে বৈভৱে৷ বর্তমান তেওঁৰ ছিক্সাৰৰ সংখ্যা ৫৩৷ এই তালিকাত ৫৯টা ছিক্সাৰেৰে শীর্ষত আছে ক্রিছ গেইল৷
ইপিনে, ক্রিছ গেইল আৰু অভিষেক শর্মাৰ পিছত আইপিএলৰ কেইবাটাও সংস্কৰণত এটা ইনিংছত ১০টা ছিক্সাৰ কোবোৱা তৃতীয়জন বেটাৰ হিচাপে নজিৰ গঢ়ে বৈভৱ সূর্যবংশীয়ে৷