নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বন বিভাগৰ ঘোচখোৰ কর্মচাৰী দুষ্মন্ত দাসক গ্রেপ্তাৰ

🔹 বেংক একাউণ্টৰ জৰিয়তে সৰকাইছিল লাখ লাখ টকা

বিশেষ বার্তা,  ২০ মার্চ : বঙাইগাঁওস্থিত আই উপত্যকা বন সংমণ্ডলৰ দুষ্মন্ত দাস নামৰ কর্মচাৰী এজনক আৰক্ষীয়ে দুর্নীতিৰ অভিযোগত গ্রেপ্তাৰ কৰিছে৷ দীর্ঘদিন ধৰি জিলাখনত কর্মৰত কর্মচাৰীজনে চোৰাং ব্যৱসায়ী আৰু অসাধু চক্রৰে গোপন বুজাবুজি কৰি লুণ্ঠনৰাজ চলাই থকা বুলি বিভাগীয় কর্তৃপক্ষৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে গ্রেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে৷ কালি আৰক্ষীয়ে দুষ্মন্ত দাসক গুৱাহাটীৰ বিশেষ আদালতত হাজিৰ কৰোৱাত আদালতে চাৰি দিনৰ বাবে আৰক্ষীৰ জিম্মাত প্রদান কৰে৷ বিষয়টোত বঙাইগাঁও বন ডিপো অফিচাৰৰ এজাহাৰৰ ভিত্তিত ৭ প্রিভেনচন অৱ কৰাপচন এক্টৰ অধীনত বঙাইগাঁও সদৰ থানাত ৯১/২৪ নং গোচৰ ৰুজু কৰা হয়৷ জিলাখনৰ নৱনিযুক্ত উপ–আৰক্ষী অধীক্ষক অনুপজ্যোতি ডেকাৰ নেতৃত্বত আৰক্ষীয়ে তদন্ত কৰি যোৱা ১৭ মার্চত দুষ্মন্ত দাসক গ্রেপ্তাৰ কৰে৷ তেওঁক আৰক্ষীয়ে পৰহি বঙাহগাঁও আদালতত হাজিৰ কৰোৱাৰ পাছত কালি গুৱাহাটী বিশেষ আদালতত হাজিৰ কৰোৱাৰ নির্দেশ দিয়ে৷ আই উপত্যকা সংমণ্ডলৰ বন প্রাধিকাৰী ৰাজেন্দ্র প্রসাদ ভাৰতীয়ে জিলাখনত দায়িত্বভাৰ গ্রহণ কৰাৰ পাছতে একাংশ কর্মচাৰীয়ে কমিছনৰ এখন বজাৰ চলাই থকাৰ অভিযোগ উত্থাপন হৈছে৷ ঊর্ধ্বতন একাংশ বিষয়াৰ আশীর্বাদপুষ্ট হোৱাৰ সুবাদতে ড্রাফ্ট মেন হিচাপে কর্মৰত দুষ্মন্ত দাসে কার্যালয়ৰ ভিতৰে–বাহিৰে অবাধ ধন সংগ্রহত নামি পৰিছিল৷ বিশেষ সূত্রে জানিব পৰা মতে, আৰক্ষীৰ তদন্তত কর্মচাৰীজনে বিভিন্নজনৰ পৰা ধন সংগ্রহৰ তথ্য লাভ কৰিবলৈ সক্ষম হৈছে৷ কর্মচাৰীজনে আনকি বেংক একাউণ্টৰ জৰিয়তেও ধন সংগ্রহ কৰা বুলি জানিব পৰা গৈছে৷ ডাম্পাৰ, ট্রেক্টৰ আদিৰ লগতে বন বিভাগৰ অধীনস্থ বিভিন্ন ব্যৱসায়িক উৎসৰ পৰা কর্মচাৰীজনে ধন সংগ্রহৰ অভিযোগ উত্থাপন হৈছে৷ জিলাখনৰ বন বিভাগৰ কার্যালয়ত সংঘটিত দুর্নীতি–নিয়মৰ বিষয়ে বিভাগীয় ঊর্ধ্বতন কর্তৃপক্ষও অৱগত হয়৷ ঊর্ধ্বতন কর্তৃপক্ষৰ হেঁচাত আই উপত্যকা বন সংমণ্ডলৰ ফালৰ পৰা কর্মচাৰীজনৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্রহণ কৰিবলৈ বাধ্য হয়৷ জিলাখনত আই উপত্যকা বন সংমণ্ডল প্রাধিকাৰী ৰাজেন্দ্র প্রসাদ ভাৰতীয়ে যোগদান কৰাৰ পাছতে অবৈধ খনন, বনধ্বংস, চোৰাং কাঠৰ মিল আদি বৃদ্ধি পাই গৈ থকা আদিয়ে সচেতন মহলক উদ্বিগ্ণ কৰি তুলিছে৷

প্ৰেৰক উপানন্দ শৰ্মা

You might also like