নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিলচৰ এনআইটিত ১১ ছাত্র যক্ষ্মাত আক্রান্ত

🔹 পাকঘৰ–খাদ্যৰ মান পৰীক্ষার্থে বিশেষ দল গঠন

বিশেষ বাৰ্তা, ২০ মার্চ : শিলচৰ নেচনেল ইনষ্টিটউট অৱ টেকনল’জী (এনআইটি)ত যক্ষ্মা ৰোগৰ প্রাদুর্ভাৱে আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে৷ শিক্ষানুষ্ঠানৰ ১১গৰাকী ছাত্র ইতিমধ্যে ৰোগবিধত আক্রান্ত হৈছে৷ অৱশ্যে আক্রান্তৰ প্রকৃত সংখ্যা এতিয়ালৈ পোহৰলৈ অহা নাই৷ ইফালে, এই প্রেক্ষাপটত ‘নিট’ৰ ছাত্র কল্যাণ বিভাগৰ ডীনে এছঅ’পি জাৰি কৰিছে৷ তদুপৰি শৈক্ষিক প্রতিষ্ঠানখনত মাস্ক পিন্ধাটো বাধ্যতামূলক কৰা হৈছে৷ এছঅ’পি অনুসৰি হোষ্টেলত খাদ্যৰ সময় নিশা ৭ বজাৰ পৰা ১০ বজালৈ বৃদ্ধি কৰা হৈছে, যাতে এই সময়ছোৱাত ভিৰ কম হোৱাটো নিশ্চিত কৰিব পৰা যায়৷ ইয়াৰ উপৰি শিক্ষানুষ্ঠানখনৰ চৌহদত বাহিৰৰ কোনো দোকান বা ষ্টলৰ পৰা খাদ্য অনাটো কঠোৰভাৱে নিষিদ্ধ কৰা হৈছে৷ ইয়াৰ বিপৰীতে শিক্ষানুষ্ঠান কর্তৃপক্ষই এটা বিশেষ দল গঠন কৰি হোষ্টেলৰ খাদ্য আৰু পাকঘৰৰ মান নিয়মীয়াকৈ পৰীক্ষা কৰাৰ ব্যৱস্থা গ্রহণ কৰা হৈছে৷ ইফালে, শিক্ষানুষ্ঠানখনত যক্ষ্মা ৰোগৰ প্রাদুর্ভাৱে ভিতৰচ’ৰাত তীব্র আতংকৰ সৃষ্টি কৰিছে৷ এই সন্দর্ভত এনআইটিৰ এগৰাকী বিষয়াই কয় যে এতিয়াও নিশ্চিতভাৱে একো ক’ব পৰা হোৱা নাই৷ দুই–এজন ছাত্রৰ প্রাৰম্ভিক পৰীক্ষা হৈছে৷ সেয়ে বিষয়টো চর্চালৈ আহিছে৷ কালি শিক্ষানুষ্ঠানখনত যক্ষ্মা পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰা হয়৷ জানিব পৰা মতে, ৯ এ, ৯ বি, ৯ চি ছাত্রাৱাসৰ ১১গৰাকী ছাত্র এতিয়ালৈকে যক্ষ্মাত আক্রান্ত হৈছে৷

You might also like